Class 12 Geography Book Chapter 6 (Part 1) | ষষ্ঠ অধ্যায় | দ্বিতীয়ক বৃত্তি | MCQs Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 6

দ্বিতীয়ক বৃত্তি

1. ঔদ্য়োগিক পদ্ধতিৰ উৎপাদনৰ আৰক্ষিক অৰ্থ কি ?

(ক) যন্ত্ৰৰ দ্বাৰা বনুৱা

(খ) হাতেৰে বনোৱা

(গ) এটাও নহয়

উত্তৰঃ (খ) হাতেৰে বনোৱা

2. তলত উল্লেখিত কোনটো তৃতীয় বৃত্তিৰ অন্তৰ্ভূক্ত ?

(ক) কৃষিকাৰ্য

(খ) কাপোৰ বোৱা

(গ) ব্য়ৱসায়

উত্তৰঃ (গ) ব্য়ৱসায়

3. যাতায়ত দূৰত্ব তিনি ধৰণে জুখিব পাৰি । যেনে 

(ক) পথৰ দূৰত্ব

(খ) সময়ৰ দূৰত্ব আৰু খৰচৰ দূৰত্ব

(গ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (গ) ওপৰৰ আটাইকেইটা

4. কোনো নিদিষ্ট ঠাইৰ পৰা যিবোৰ ঠাইলৈ অহা-যোৱা কৰোতে একে সময়ৰ প্ৰয়োজন তেনেবোৰ ঠাইক সংযোগ কৰি মানাচিত্ৰত কিছুমান ৰেখা অংকন কৰা হয় । এই ৰেখাবোৰক সমকাল ৰেখা বোলা হয় । 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

5. দূৰদৰ্শন আদিৰ যোগেদি বিভিন্ন বা-বাতৰি, চিত্ৰ, ফোন আদি বিভিন্ন বিষয় প্ৰচাৰ আৰু প্ৰদৰ্শন কৰা হয়। সেয়েহে এইবোৰক কি বুলি কোৱা হয় ?

(ক) দূৰ সংযোগ

(খ) গণ মাধ্য়ম

(গ) যোগাযোগ মাধ্য়ম

উত্তৰঃ (খ) গণ মাধ্য়ম

6. মুম্বাই চহৰত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান বোৰত জলপান যোগান ধৰা লোকসকলক ডাব্বাৱালা বোলা হয় । 

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

7. আমেৰিকাৰ যুক্তৰাষ্ট্ৰত প্ৰায়  কিমান শতাংশ লোক সেৱা খণ্ডত নিয়োযিত ?

(ক) ৬৫ শতাংশ

(খ) ৮০ শতাংশ

(গ) ৭৫ শতাংশ

উত্তৰঃ (গ) ৭৫ শতাংশ

8. কেতবোৰ সৰমঞ্জাম ব্য়ৱহাৰ কৰি কাম কৰাকে যন্ত্ৰৰ প্ৰবৰ্তন বোলা হয়। 

(ক) সত্য়

(খ) অসত্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সত্য়