Class 8 New Science 2 Chapter 16 MCQ’s Assam Jatiya Bidyalaya | ভূমিকম্প | AJB Class 8 New Science 2 Chapter 16 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 16 | MCQ’s Type Question Answer |

Chapter-16

ভূমিকম্প

১। ভূমিকম্প প্ৰাবল্য কিহৰ সহায়ত জোখা হয় ?

(ক) বেৰ’মিটাৰ

(খ) মেন’মিটাৰ

(গ) ৰেখটাৰ

উত্তৰঃ (গ) ৰেখটাৰ।

২। পৃথিৱীৰ অন্ত ভাগৰ গঠন একে—

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) নহয়।

৩। জাপানৰ টকিঅ’ত ১৯২৩ চনত কিমান ৰিখটাৰ স্কেলৰ মান পোৱা যায় ?

(ক) ৮.০ মিটাৰ

(খ) ৮.১ মিটাৰ

(গ) ৭.৯ মিটাৰ

উত্তৰঃ (গ) ৭.৯ মিটাৰ।

৪। কি যন্ত্ৰ সহায়ত তৰংগৰ গতি আৰু ধৰ্ম জোখা হয় ?

(ক) ৰেখটাৰ

(খ) ভূকম্পলেখ

(গ) বেৰ’মিটাৰ

উত্তৰঃ (খ) ভূকম্পলেখ।

৫। তলৰ কোনটো প্ৰক্ৰিয়াত ভূমিকম্প পৰে ?

(ক) ভূতাত্ত্বিক প্ৰক্ৰিয়া

(খ) বায়ুমণ্ডলীয় প্ৰক্ৰিয়া

(গ) জৈৱিক প্ৰক্ৰিয়া

উত্তৰঃ (ক) ভূতাত্ত্বিক প্ৰক্ৰিয়া।

৬। পৃথিৱীৰ অন্তভাগৰ গঠন কেইটা ভাগত ভগাব পাৰি ?

(ক) তিনিটা ভাগত

(খ) চাৰিটা ভাগত

(গ) পাঁচটা ভাগত

উত্তৰঃ (ক) তিনিটা ভাগত।

৭। ভূ-ত্বকৰ প্ৰধান ফলকৰ সংখ্যা কিমান ?

(ক) ৫ টা

(খ) ৬ টা

(গ) ৭ টা

উত্তৰঃ (গ) ৭ টা।

৮। অসমত কিমান চনত ৮.১ মিটাৰ ৰিখটাৰ স্কেলৰ মান হৈছিল ?

(ক) ১৫৫৬ চনত

(খ) ১৮৯৭ চনত

(গ) ১৯৭৬ চনত

উত্তৰঃ (খ) ১৮৯৭ চনত।

৯। পৃথিৱীৰ পিঠিৰ কঠিন তৰপটোক কি বোলা হয় ?

(ক) ভূত্বক

(খ) গুৰুমণ্ডল

(গ) কেন্দ্ৰমণ্ডল

উত্তৰঃ (ক) ভূত্বক।

১০। ফলকবোৰক ইংৰাজীত কি বোলা হয় ?

(ক) Core

(খ) Crust

(গ) plate

উত্তৰঃ (গ) plate।

১১। ভূত্বকৰ তলতে কি আছে ?

(ক) ভূতাত্ত্বিক

(খ) গুৰুমণ্ডল

(গ) কেন্দ্ৰমণ্ডল

উত্তৰঃ (খ) গুৰুমণ্ডল।

১২। তলৰ কোনটো বায়ুমণ্ডৰ প্ৰক্ৰিয়া নহয় ?

(ক) বতাহ

(খ) বৰষুণ

(ঘ) ভূমিকম্প

উত্তৰঃ (ঘ) ভূমিকম্প।

১৩। ভূমিকম্পক ইংৰাজীত কি বোলা হয় ?

(ক) Natural Hazard

(খ) Ground Motion

(গ) Earthquake

উত্তৰঃ (গ) Earthquake।

১৪। অসমত ১৮৯৭ চনত হোৱা ভূমিকম্পত কিমান লোকৰ মৃত্যু হয় ?

(ক) ১,৩০০

(খ) ১,৪০০

(গ) ১,৫০০

উত্তৰঃ (গ) ১,৫০০।

১৫।পৃথিৱীক ইংৰাজীত কি বোলা হয় ?

(ক) Core

(খ) Crust

(গ) Earth

উত্তৰঃ (গ) Earth।

১৬। উৎপত্তি অনুযায়ী প্ৰাকৃতিক প্ৰক্ৰিয়াক কেই ভাগত ভাগ কৰা হৈছে ?

(ক) দুই ভাগত

(খ) তিনি ভাগত

(গ) চাৰিভাগত

উত্তৰঃ (খ) তিনি ভাগত।

১৭। ভূমিকম্পৰ জোকাৰণিৰ অন্তৰালৰ শক্তি তৰংগ হিচাপে ক’ৰদি প্ৰৱাহিত হয় ?

(ক) পৃথিৱীৰ বাহিৰেদি

(খ) পৃথিৱীৰ অন্তৰভাগেদি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৃথিৱীৰ অন্তৰভাগেদি।

১৮। ফলকবোৰ কি অৱস্থাত থাকে ?

(ক) গতিশীল

(খ) স্থিৰ অৱস্থাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গতিশীল।

১৯। পৃথিৱীৰ ভূ-ত্বকৰ ভিতৰত কেইখন ফলক যথেষ্ট ডাঙৰ ?

(ক) তিনিখন

(খ) পাঁচখন

(গ) সাতখন

উত্তৰঃ (গ) সাতখন।

২০। কিহৰ কাৰণে ভূমিকম্পৰ সৃষ্টি হয় ?

(ক) বলয়ৰ কাৰণে

(খ) ফলকবোৰৰ কাৰণে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) ফলকবোৰৰ কাৰণে।

Type By- Subhas Nath