Class 8 New Science 2 Chapter 2 MCQ’s Assam Jatiya Bidyalaya | অণুজীৱ | AJB Class 8 New Science 2 Chapter 2 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 2 | MCQ’s Type Question Answer |

Chapter-2

অণুজীৱ

১। অণুজীৱৰ মূল বাসস্থান কি?

(ক) বায়ু

(খ) মাটি

(গ) পানী

উত্তৰঃ (খ) মাটি।

২। অণুজীৱবোৰক কেইটা ভাগত ভগাব পাৰি?

(ক) ৪ টা

(খ) ৮ টা

(গ) ১২ টা

উত্তৰঃ (ক) ৪ টা।

৩। ইষ্ট কেই কোষী ভেঁকুৰ

(ক) এককোষী

(খ) দুইকোষী

(গ) তৃণীকোষী

উত্তৰঃ (ক) এককোষী।

৪। গাখীৰক দৈলৈ পৰিবৰ্তিত কৰা অণুজীটোৰ নাম কি?

(ক) ইষ্ট

(খ) এমিবা

(গ) লেক্ট’বেচিলাছ

উত্তৰঃ (গ) লেক্ট’বেচিলাছ।

৫। লুই পেষ্টুৰে  কিমান চনত কিণ্বন  প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল?

(ক) ১৮৬৭ চনত

(খ) ১৮৫৭ চনত

(গ) ১৮৭৭ চনত

উত্তৰঃ (খ) ১৮৫৭ চনত।

৬। কোনজন বৈজ্ঞানিকে বসন্তৰ টীকা বা ভেকচিন আৱিষ্কাৰ কৰিছিল?

(ক) লুই পেষ্টুৰে

(খ) আলেকজেণ্ডাৰে

(গ) এডৰ্ৱাড জেনাৰে

উত্তৰঃ (গ) এডৰ্ৱাড জেনাৰে।

৭। বৰ আই এবিধ কি?

(ক) ভেঁকুৰ

(খ) মহামাৰী ৰোগ

(গ) অণুজীৱ

উত্তৰঃ (খ) মহামাৰী ৰোগ।

৮। ৰবাৰ্ট ক’চ্ছে ১৮৭৬ চনত কি আৱিষ্কাৰ কৰিছিল?

(ক) বেছিলাছ এনথ্ৰাচিক

(খ) কিণ্বন প্ৰক্ৰিয়া

(গ) ভেকচিন

উত্তৰঃ (ক) বেছিলাছ এনথ্ৰাচিক।

৯। সৃষ্টিকাৰী অণুজীৱবোৰক কি বোলে?

(ক) ভেঁকুৰ

(খ) বেক্টেৰিয়া

(গ) বীজাণু

উত্তৰঃ (গ) বীজাণু।

১০। কোনজন বৈজ্ঞানিকে বৰ আই নামৰ মহামাৰীৰ ভেকচিন তৈয়াৰ কৰিছিল?

(ক) আলেকজেণ্ডাৰ

(খ) এডৱাৰ্ড জেনাৰে

(গ) লুই পেষ্টুৰে

উত্তৰঃ (খ) এডৱাৰ্ড জেনাৰে।

১১। বেক্টেৰিয়া আৰু মাহজাতীয় উদ্ভিদৰ মাজৰ সম্পৰ্ক কি বোলে?

(ক) সহজীৱিকা

(খ) বীজাণু

(গ) প্ৰতিজৈৱিক

উত্তৰঃ (ক) সহজীৱিকা।

১২। কিমান চনত এডৱাৰ্ড জেনাৰে বৰ আই ৰোগৰ ভেকচিন আৱিষ্কাৰ কৰিছিল?

(ক) ১৭৮৮

(খ) ১৭৯৯

(গ) ১৭৯৮

উত্তৰঃ (গ) ১৭৯৮।

১৩। খাদ্য খাই শৌচ-বমি হোৱা পদ্ধতিটোক কি বোলে?

(ক) মেলেৰিয়া

(খ) বিষক্ৰিয়া

(গ) কলেৰা

উত্তৰঃ (খ) বিষক্ৰিয়া।

১৪। পাউৰুটিত কি পৰিৱেশত ভেঁকুৰ উঠে?

(ক) সেমেকা পৰিৱেশত

(খ) গৰম পৰিৱেশত

(গ) ঠাণ্ডা পৰিৱেশত

উত্তৰঃ (ক) সেমেকা পৰিৱেশত।

১৫। চবকা ৰোগ কোন বেক্টেৰিয়াই সৃষ্টি কৰে?

(ক) ইষ্ট

(খ) এমিবা

(গ) বেছিল্য়াছ এনথ্ৰাচিছ

উত্তৰঃ (গ) বেছিল্য়াছ এনথ্ৰাচিছ।

১৬। অণুজীৱবোৰক কি যন্ত্ৰৰ দ্বাৰা মনিব পাৰি?

(ক) অণুবীক্ষণ যন্ত্ৰৰ

(খ) এনিমমিটাৰ

(গ) বেৰোমিটাৰ

উত্তৰঃ (ক) অণুবীক্ষণ যন্ত্ৰৰ।

১৭। ভাইৰাছ ক’ত বংশ বৃদ্ধি কৰে?

(ক) উদ্ভিদ, প্ৰাণী আৰু বেক্টেৰিয়াৰ দেহত

(খ) অণুজীৱৰ দেহত

(গ) শস্যৰ দেহত

উত্তৰঃ (ক) উদ্ভিদ, প্ৰাণী আৰু বেক্টেৰিয়াৰ দেহত।

১৮। জেম, জেলী আৰু স্কোৱাচ কিহৰ দ্বাৰা সংৰক্ষণ কৰা হয়?

(ক) তেলৰ দ্বাৰা

(খ) নিমখৰ দ্বাৰা

(গ) চেনিৰ দ্বাৰা

উত্তৰঃ (গ) চেনিৰ দ্বাৰা।

১৯। পেষ্টুৰাইজেছন কোন বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিল?

(ক) লুই পেষ্টুৰে

(খ) আলেকজেণ্ডৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লুই পেষ্টুৰে।

২০। নাইট্ৰ’জেন উদ্ভিদ দেহত কিহত ব্যৱহৃত হয়?

(ক) প্ৰ’টিন সংশ্লেষণ

(খ) বেক্টেৰিয়া ধ্বংস

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰ’টিন সংশ্লেষণ।

Type By- Subhas Nath