Class 8 New Science 2 Chapter 9 MCQ’s Assam Jatiya Bidyalaya | প্ৰাণীৰ প্ৰজনন | AJB Class 8 New Science 2 Chapter 9 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 9 | MCQ’s Type Question Answer |

Chapter-9

প্ৰাণীৰ প্ৰজনন

১। সকলো জীৱই নিজৰ নিচিনা জীৱৰ জন্ম দিয়ে সেই পদ্ধতিটোক কি বোলা হয়?

(ক) প্ৰজনন

(খ) কোষ

(গ) দহন

উত্তৰঃ (ক) প্ৰজনন।

২। প্ৰাণীৰ প্ৰজনন কেই প্ৰকাৰৰ

(ক) দুই প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) আঠ প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

৩। যৌনপ্ৰজনন কি জনকীয়

(ক) একজনকীয়

(খ) দ্বিজনকীয়

(গ) এটাও নহয়

উত্তৰঃ (খ) দ্বিজনকীয়।

৪। নিষেচন কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) পাঁচ প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

৫। কিহে নিজৰ দেহ বিভাজন কৰি প্ৰজনন কৰে ?

(ক) এমিবা

(খ) ডিম্বাশয়

(গ) শুক্ৰাণু

উত্তৰঃ (ক) এমিবা।

৬। বিভাজন আৰু মুকুলন কাৰ প্ৰকাৰৰ

(ক) যৌন

(খ) অযৌন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অযৌন।

৭। শুক্ৰাণু আৰু ডিম্বাণু মিলনক কি বোলা হয় ?

(ক) অযৌন

(খ) যৌন

(গ) নিষেচন

উত্তৰঃ (গ) নিষেচন।

৮। প্ৰথম ক্ল’ন কিমান চনত জন্ম হৈছিল ?

(ক) ১৯৯৬ চনৰ ৫ জুলাইত

(খ) ১৯৯৭ চনৰ ৬ জুলাইত

(গ) ১৯৯৬ চনৰ ৯ জুলাইত

উত্তৰঃ (ক) ১৯৯৬ চনৰ ৫ জুলাইত।

৯। কি পোৱালি কণী ফুটি জমে ?

(ক) কোষ প্ৰাণীৰ

(খ) নিষেচন প্ৰাণীৰ

(গ) ডিম্বজ প্ৰাণীৰ

উত্তৰঃ (গ) ডিম্বজ প্ৰাণীৰ।

১০। ৰেচম পলুৰ জীৱন চক্ৰত কেইটা পৰ্য্য়ায় থাকে ?

(ক) দুটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰঃ (খ) চাৰিটা।

১১। ভেকুলীৰ জীৱন বৃত্তান্তৰ কেইটা পৰ্য্যায় থাকে ?

(ক) তিনিটা পৰ্য্যায়

(খ) ছয়টা পৰ্য্যায়

(গ) বাৰটা পৰ্য্য়ায়

উত্তৰঃ (ক) তিনিটা পৰ্য্যায়।

১২। কিমান সপ্তাহত কোষপিণ্ডটো জৰায়ুৰ বেৰত সংস্থাপিত হয় ?

(ক) ৩ সপ্তাহ

(খ) ৪ সপ্তাহ

(গ) ৬ সপ্তাহ

উত্তৰঃ (খ) ৪ সপ্তাহ।

১৩। ভেকুলীয়ে ক’ত কণী পাৰে ?

(ক) মাটিত

(খ) পানীত

(গ) এটাও নহয়

উত্তৰঃ (খ) পানীত।

১৪। মানুহৰ কেইবিধ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম থাকে ?

(ক) দুবিধ

(খ) চাৰিবিধ

(গ) ছয়বিধ

উত্তৰঃ (ক) দুবিধ।

১৫। যিবোৰ প্ৰাণীয়ে পোৱালি জগায়, সেইবোৰক কি বোলা হয়?

(ক) যৌন

(খ) অযৌন

(গ) জৰায়ুৰ

উত্তৰঃ (গ) জৰায়ুৰ।

১৬। লিংগ নিৰ্ণায়ক দুটা কি কি ?

(ক) X আৰু Y

(খ) X আৰু T

(গ) X আৰু H

উত্তৰঃ (ক) X আৰু Y।

১৭। শিশু লুইচ ব্ৰাউনৰ কেতিয়া জন্ম হয় ?

(ক) 1978 চনৰ 25 জুলাইত

(খ) 1978 চনৰ 27 জুলাইত

(গ) 1978 চনৰ 29 জুলাইত

উত্তৰঃ (ক) 1978 চনৰ 25 জুলাইত।

১৮। প্ৰাণীৰ পুংজনন অংগ হ’ল

(ক) যৌন

(খ) মুকুলন

(গ) শুক্ৰাশয়

উত্তৰঃ (গ) শুক্ৰাশয়।

১৯। মানুহ কেই লিংগ ধাৰী প্ৰাণী

(ক) এক লিংগ

(খ) দুই লিংগ

(গ) পাঁচ লিংগ

উত্তৰঃ (ক) এক লিংগ।

২০। নিষিক্ত কোষক কি বোলে ?

(ক) যোজন কোষ

(খ) যৌন

(গ) নিষেচন

উত্তৰঃ (ক) যোজন কোষ।

Type By- Subhas Nath