Class 6 Assamese Chapter 12 MCQ’s Sankardev School | আঘোণৰ পূৰ্ণিমা | Class 6 Assamese Chapter 12 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 12

আঘোণৰ পূৰ্ণিমা

১। কাৰ মনত আজি বৰ ৰং?

(ক) সত্যনাথ বৰাৰ

(খ) মহীধৰ পণ্ডিতৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মহীধৰ পণ্ডিতৰ ।

২। পণ্ডিতৰ গাত আজি কি নাই?

(ক) ৰং

(খ) তৎ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৩। পণ্ডিতৰ ছোৱালীজনিৰ নাম কি?

(ক) কমলা

(খ) বিমলা

(গ) পাপৰি

উত্তৰ- (গ) পাপৰি ।

৪। পণ্ডিতজন কত থাকে?

(ক) শিৱসাগৰত

(খ) গুৱাহাতীত

(গ) নগাঁওত

উত্তৰ- (ক) শিৱসাগৰত ।

৫। কণমইনাই কি শ্ৰেণীত পঢ়ে?

(ক) সপ্তম

(খ) ষষ্ঠ

(গ) ওপৰৰ এটও নহয়

উত্তৰ- (খ) ষষ্ঠ ।

৬। কণমইনা আৰু মাজনী কাৰ সৈতে চোতালত বহি আছে ?

(ক) আইতাকৰ লগত

(খ) ককাকৰ লগত

(গ) মাকৰ লগত

উত্তৰ- (খ) ককাকৰ লগত ।

৭। কণমইনাই ককাকক কিহৰ সাধু কবলৈ কৈছে?

(ক) বান্দৰৰ সাধু

(খ) কুকুৰৰ সাধু

(গ) ভূতৰ সাধু

উত্তৰ- (গ) ভূতৰ সাধু ।

৮। নুন শব্দৰ অৰ্থ কি?

(ক) লোণ

(খ) সোণ

(গ) তাম

উত্তৰ- (ক) লোণ ।

৯। টেপোল শব্দৰ অৰ্থ কি?

(ক) টেপৰ

(খ) টেঙা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

১০। নাঙাল শব্দৰ অৰ্থ কি?

(ক) নাঙল

(খ) ঢোল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নাঙল ।

১১। নেদি শব্দৰ অৰ্থ কি?

(ক) সেদি

(খ) নিদি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিদি ।

১২। দিবাক লাগি শব্দৰ অৰ্থ কি?

(ক) নিদিবলৈ

(খ) দিবলৈ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) দিবলৈ ।

১৩। খু-দুৱনি শব্দৰ অৰ্থ কি?

(ক) উগুল-থুগুল

(খ) নজনা-নুশুনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) উগুল-থুগুল ।

১৪। আচহুৱা শব্দৰ অৰ্থ কি?

(ক) মোনা

(খ) নজনা -নুশুনা

(গ) উগুল-থুগুল

উত্তৰ- (খ) নজনা -নুশুনা ।

১৫। ৰেহ-ৰূপ শব্দৰ অৰ্থ কি?

(ক) গয়-গতি

(খ) গতিগোত্ৰ

(গ) আলেখলেখ

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

১৬। মহোহো গীত গোৱা দলটোত কিমান সদস্য আছিল?

(ক) তিনি-চাৰি

(খ) সাত-আঠ

(গ) দুই-তিনি

উত্তৰ- (খ) সাত-আঠ ।

১৭। মহোহো গীতটো কি ভাষাত ৰচিত?

(ক) লিথিত

(খ) কথিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কথিত ।

১৮। পিৰালি শব্দৰ অৰ্থ কি?

(ক) ঘৰৰ ভেটিৰ বাহিৰৰ অংশ

(খ) ঘৰৰ বাহিৰৰ অংশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ঘৰৰ ভেটিৰ বাহিৰৰ অংশ ।

১৯। বেটাই শব্দৰ অৰ্থ কি?

(ক) পো

(খ) মহৰ

(গ) বাঁহৰ

উত্তৰ- (ক) পো ।

২০। মহোৰ শব্দৰ অৰ্থ কি?

(ক) মহৰ

(খ) বাঁহৰ

(গ) পো

উত্তৰ- (ক) মহৰ ।

Type by- Bikul Mandal