AJB Class 5 Social Science Book Chapter 6 | বুদ্ধ আৰু মহাবীৰ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 6

বুদ্ধ আৰু মহাবীৰ

১। কিমান বছৰ বয়সত কুশী নগৰত বুদ্ধদেৱৰ মৃত্য়ু হৈছিল?

 উত্তৰঃ ৮০ বছৰ বয়সত কুশী নগৰত বুদ্ধদেৱৰ মৃত্য়ু হৈছিল। 

২। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথি ত্ৰিপিটক। এই পুথিখন স্থানীয় কি ভাষাত লিখা হৈছিল?

উত্তৰঃ পালি ভাষাত লিখা হৈছিল।

৩। বৰ্দ্ধমানৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ যশোদা  আছিল।

৪। কি মান বছৰ বয়সত পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্য়ু হৈছিল?

উত্তৰঃ ৭২ বছৰ বয়সত পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্য়ু হৈছিল।

৫। ১২ বছৰ কঠোৰ তপস্য়াৰ অন্তত তেওঁ পূৰ্ণ জ্ঞান লাভ কৰিছিল। জ্ঞান লাভৰ পৰৱৰ্তী সময়ত বৰ্দ্ধমান মহাবীৰ আৰু জিন অৰ্থাৎ কি নামে বিখ্য়াত হৈছিল?

উত্তৰঃ ৰিপুজয়ী  নামে বিখ্য়াত হৈছিল।

৬। বৰ্দ্ধমানে তপস্য়া কৰা পাহাৰখনৰ নাম কি আছিল?

উত্তৰঃ পৰেশনাথ আছিল।

৭। প্ৰায় কি মান বছৰ কাল নানা ঠাইত ধৰ্মপ্ৰচাৰ কৰি অৱশেষত পাটনা জিলাৰ পাৱাপুৰ নামৰ ঠাইত তেওঁ ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ৩০ বছৰ কাল নানা ঠাইত ধৰ্মপ্ৰচাৰ কৰি অৱশেষত পাটনা জিলাৰ পাৱাপুৰ নামৰ ঠাইত তেওঁ ইহলীলা সম্বৰণ কৰ।

৮। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় কি মান বছৰ?

উত্তৰঃ ৭২ বছৰ। 

৯। জৈন ধৰ্মৰ প্ৰচাৰক কেৱল এজনেই হয়নে?

উত্তৰঃ নহয়।

১০। জৈন ধৰ্মৰ মতে মুঠ কি মান  জন প্ৰচাৰকে এই ধৰ্ম প্ৰচাৰ কৰাত অৰিহণা যোগাইছিল?

উত্তৰঃ ২৪  জন প্ৰচাৰকে এই ধৰ্ম প্ৰচাৰ কৰাত অৰিহণা যোগাইছিল।

১১। জৈন ধৰ্মৰ প্ৰচাৰকসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ তীৰ্থংকৰ বুলি কোৱা হয়।

১২। মহাবীৰেই কি আছিল?

উত্তৰঃ শেষ তীৰ্থংকৰ আছিল।

১৩। অংগ জৈন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। অংগ লোকভাষা প্ৰাকৃতত কি কৰা হৈছিল?  

উত্তৰঃ ৰচনা কৰা হৈছিল।

১৪। জৈন ধৰ্মগুৰু পাৰ্শ্বনাথৰ ওচৰত বৰ্দ্বমানে ধৰ্মৰ কি গ্ৰহণ কৰিছিল?

উত্তৰঃ দীক্ষা  গ্ৰহণ কৰিছিল। 

১৫। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত শাক্য়সকল বা শাক্য়বংশই শাসন কৰা ঠাইখন বা ৰাজ্য়খনৰ নাম কি আছিল?

উত্তৰঃ ৰাজ্য়খনৰ নাম আছিল কপিলাবস্তু।

১৬। এই কপিলাবস্তু ৰাজ্য়ত এসময়ত ৰজা কোনে ৰাজত্ব কৰিছিল?

উত্তৰঃ  শুদ্ধোদনে ৰাজত্ব কৰিছিল।

১৭। জীৱনৰ প্ৰায় কি মান বছৰ কাল বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি ৮০ বছৰ বয়সত কুশী নগৰত তেওঁৰ মৃত্য়ু হয়।                                                        

উত্তৰঃ ৪০ বছৰ কাল বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি ৮০ বছৰ বয়সত কুশী নগৰত তেওঁৰ মৃত্য়ু হয়।

১৮। উল্লেখ্য় যে সিদিনাও আছিল ব’হাগ মাহৰ কি তিথি?

উত্তৰঃ পূৰ্ণিমা তিথি।

১৯। জ্ঞান লাভ কৰাৰ সময়ৰ পৰাই তেওঁ কি নামেৰে পৰিচিত হয়?

উত্তৰঃ বুদ্ধ নামেৰে পৰিচিত হয়। 

২০। আজিও বৌদ্ধধৰ্মী লোকসকলৰ লগতে সমগ্ৰ ভাৰততে এই তিথিটো কি হিচাপে পালন কৰা হয়?

উত্তৰঃ বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰা হয়।