AJB Class 6 Social Science Book Chapter 1 | অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ দ্বাদশ শতিকালৈ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

অসমৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ দ্বাদশ শতিকালৈ

১। পুৰণি কালত অসমৰ নাম কি আছিল ?

উত্তৰঃ পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্য়ােতিষ ।

২। প্ৰাগজ্য়ােতিষৰ ৰাজধানী কি আছিল ?

উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ ।

৩। কোনে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল  ?

উত্তৰঃ কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ।

৪। বৰ্তমান গুৱাহাটী মহানগৰখনেই কি ?

উত্তৰঃ বৰ্তমান গুৱাহাটী মহানগৰখনেই তাহানিৰ প্ৰাগজ্য়ােতিপুৰ । 

৫।  কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি ক’ত উল্লেখ আছে ?

উত্তৰঃ  কুশ ৰজাৰ পুত্ৰ অৰ্মূতৰাজে প্ৰাগজ্য়ােতিষ ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল বুলি মহাকাব্য় ৰামায়ণত উল্লেখ আছে ।

৬। প্ৰাগজ্য়ােতিষপুৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ প্ৰাগ শব্দৰ অৰ্থ হ’ল ‘পূব’ জ্য়ােতিষ মানে’গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্য়য়ন’ আৰু পুৰ মানে ‘নগৰ’ । 

৭। প্ৰাগজ্য়ােতিষপুৰ মানে কি ?

উত্তৰঃ প্ৰাগজ্য়ােতিষপুৰ মানে হ’ল পূৱ দিশত জ্য়ােতিষ চৰ্চাৰ নগৰ ।

৮। গুৱাহাটীৰ পূবফালে থকা চিত্ৰাচিল পাহাৰত কি মন্দিৰ অৱস্থিত  ?

উত্তৰঃ নৱগ্ৰহ মন্দিৰ অৱস্থিত ।

৯। নৱগ্ৰহ মন্দিৰত কি পূজা কৰা হয় ?

উত্তৰঃ নৱগ্ৰহ মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক পূূজা কৰা হয় ।

১০।  পুৰাণ, তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম  কি বুলি উল্লেখ আছে ?

উত্তৰঃ কামৰূপ ।

১১। পুৰণি কালত কি নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ?

উত্তৰঃ পুৰণি কালত দক্ষ নামৰ এজন প্ৰৱল প্ৰতাপী ৰজা আছিল ।

১২। আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কি আছিল ?

উত্তৰঃ আহোমসকলৰ আগমনৰ সময়লৈ অসমৰ নাম কামৰূপ আছিল ।

১৩। কালিকা পুৰাণৰ মতে কামাখ্য়া দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্য়ৰ ক’ত আছিল ?

উত্তৰঃ ঠিক সোঁমাজত ।

১৪। কামাখ্য়া দেৱী মন্দিৰৰ চাৰিওফালে কিমান মাইল জুৰি কামৰূপ ৰাজ্য় বিয়পি আছিল ?

উত্তৰঃ ৪৫০ মানই জুৰি ।.

১৫। যোগিনীতন্ত্ৰ অনুযায়ী  পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত বিভক্ত আছিল ?

উত্তৰঃ চাৰিটা ভাগত বিভক্ত আছিল ।

১৬। কিমান চনত টাই-আহোম জাতিৰ এদল লোকে কামৰূপলৈ আহিছিল ।

উত্তৰঃ ১২২৮ চনত ।

১৭। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ?

উত্তৰঃ ভৌম বংশ।

১৮। বৰ্মন বংশৰ আদি ৰজা কোন আছিল ?

উত্তৰঃ বৰ্মন বংশৰ আদি ৰজা পুষ্য় বৰ্মন আছিল ।

১৯। নৰকাসুৰক কোনে বধ কৰিছিল ?

উত্তৰঃ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল ।

২০। ভাস্কৰ বৰ্মন কি বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।