AJB Class 6 Social Science Book Chapter 15 | পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 15

পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ

১। পৃথিৱীৰ গতি কেইটা ধৰণৰ ?

উত্তৰঃ পৃথিৱীৰ গতি দুই ধৰণৰ ।

২। পৃথিৱীৰ গতি দুই ধৰণৰ আৰু সেইকেইটা কি কি ?

উত্তৰঃ পৃথিৱীৰ গতি দুই ধৰণৰ আৰু সেইকেইটা হ’ল আহ্নিক গতি আৰু বাৰ্ষিক গতি ।

৩। পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময় লয় ?

উত্তৰঃ ২৪ ঘণ্টা সময় লয় ।

৪। আহ্নিক গতি বা আৱৰ্তন গতি কাক বোলে ?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি সম্পূৰ্ণ এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময় লয়। ইয়াকে আহ্নিক গতি বা আৱৰ্তন বোলে ।

৫। আহ্নিক গতিৰ ফলত পৃথিৱীত কি হয় ?

উত্তৰঃ আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি হয় ।

৬। ৩৬৫ দিনে কেই বছৰ ?

উত্তৰঃ ৩৬৫ দিনে ১ বছৰ ।

৭। কি গতিৰ ফলতে পৃথিৱীত জীৱজগত জীয়াই থকাটো সম্ভৱ হৈছে ?

উত্তৰঃ আহ্নিক গতিৰ ফলতে পৃথিৱীত জীৱজগত জীয়াই থকাটো সম্ভৱ হৈছে ।

৮। বাৰ্ষিক গতি বা পৰিভ্ৰমণ কাক বোলে ?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰি থকাৰ উপৰিও নিজ কক্ষপথেৰে ৩৬৫ দিন আৰু ৬ ঘণ্টাত পৃথিৱীয়ে সূৰ্য্য়ৰ চাৰিওফালে এপাক ঘৰে। পৃথিৱীৰ এই গতিক বাৰ্ষিক গতি বা পৰিভ্ৰমণ বোলে ।

৯। অধিবৰ্ষ বা লিপইয়েৰ কাক বোলে ?

উত্তৰ ঃ যিটো খ্ৰীষ্টীয় চনক ৪ ৰে হৰণ কৰিয়ে ভাগশেষ নৰয়, অৰ্থাৎ মিলি যায়, সেইটোৱেই অধিবৰ্ষ বা লিপইয়েৰ ।

১০। পৃথিৱীৰ কক্ষপথটো সম্পূৰ্ণ কি নহয় ?

উত্তৰঃ পৃথিৱীৰ কক্ষপথটো সম্পৃৰ্ণ গোলাকাৰ নহয় ।

১১। পৃথিৱীৰ কক্ষপথটো দীঘল কিমান ?

উত্তৰঃ পৃথিৱীৰ কক্ষপথটো দীঘল প্ৰায় ৯৬ কোটি কিমি. ।

১২। পৃথিৱীৰ কক্ষপথটো দেখিব কিহৰ দৰে উপবৃত্তাকাৰ ?

উত্তৰঃ পৃথিৱীৰ কক্ষপথটো দেখিব হাঁহকণীৰ দৰো উপবৃত্তাকাৰ ।

১৩। পৃথিৱীৰ গতি প্ৰতি ছেকেণ্ডত গড়ে কিমান কিমি. ?

উত্তৰঃ পৃথিৱীৰ গতি প্ৰতি ছেকেণ্ডত গড়ে ২৯.৬ কিমি. ।

১৪। পৃথিৱীৰ পৰা সূৰ্য্য়ৰ গড় দূৰত্ব কিমান ?

উত্তৰঃ পৃথিৱীৰ পৰা সূৰ্য্য়ৰ গড় দূৰত্ব ১৪ কোটি ৮৮ লাখ কিমি. ।

১৫। অপসূৰ কাক বোলে ?

উত্তৰঃ বছৰটোৰ ৪ জুলাই তাৰিখে পৃথিৱীৰ পৰা সূৰ্য্য়ৰ দূৰত্ব আটাইতকৈ বেছি । পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে ।

১৬। অপসূৰত পৃথিৱী-সূৰ্য্য়ৰ দূৰত্ব কিমান ?

উত্তৰঃ অপসূৰত পৃথিৱী-সূৰ্য্য়ৰ দূৰত্ব ১৫ কোটি ২০ লাখ কিমি. ।

১৭। অনুসূৰ কাক বোলে ?

উত্তৰঃ বছৰটোৰ ৩ জানুৱাৰী তাৰিখে পৃথিৱীৰ পৰা সূৰ্য্য় দূৰত্ব আটাইতকৈ কম । পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলে ।

১৮। অনুসূৰত পৃথিৱী সূৰ্য্য়ৰ দূৰত্ব কিমান ?

উত্তৰঃ অনুসূৰত পৃথিৱী সূৰ্য্য়ৰ দূৰত্ব ১৪ কোটি ৭৫ লাখ কিমি. ।

১৯। জলবিষুব কাক বোলে ?

উত্তৰঃ ২৩ ছেপ্টেম্বৰত দুয়ো গোলাৰ্ধত দিন-ৰাতি সমান হয় । পৃথিৱীৰ এই অৱস্থানক জলবিষুব বোলে ।

২০। ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ ঋতু ছয়টা সেইকেইটা হ’ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ।