AJB Class 6 Social Science Book Chapter 18 | আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 18

আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

১। বতৰ কাক বোলে ?

উত্তৰঃ এটা নিৰ্দিষ্ট অঞ্চলত এক নিৰ্দিষ্ট সময়ত সূৰ্য্য়ৰ তাপ, চাপ, বৰষুণ, বতাহ আদিয়ে যি এক সাময়িক পৰিবেশৰ সৃষ্টি কৰে তাকে অঞ্চলটোৰ বতৰ বোলে ।

২। জলবায়ু কাক বোলে ?

উত্তৰঃ কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্য়াদী পৰিবেশকে ঠাইখনৰ জলবায়ু বোলে ।

৩। অসম এখন কি প্ৰধান ৰাজ্য় ?

উত্তৰঃ অসম এখন কৃষি প্ৰধান ৰাজ্য় ।

৪। সাধাৰণতে ঋতু কেইটা ?

উত্তৰঃ সাধাৰণতে ঋতু ছটা ।

৫। সাধাৰণতে ছটা ঋতুৰ নাম কি ?

উত্তৰঃ সাধাৰণতে ছটা ঋতুৰ নাম হ’ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত ।

৬। অসমৰ কিমান শতাংশ লোকে কৃষিৰ লগত জড়িত ?

উত্তৰঃ অসমৰ ৭০ শতাংশ লোকে কৃষিৰ লগত জড়িত ।

৭। বতৰ আৰু জলবায়ু একে হয়নে ?

উত্তৰঃ বতৰ আৰু জলবায়ু একে নহয় ।

৮। জলবায়ু পৰিৱৰ্তন কি ?

উত্তৰঃ জলবায়ু পৰিৱৰ্তন সীমিত ।

৯। কিহৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান খেতি-বাতি হয় ?

উত্তৰঃ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান খেতি-বাতি হয় ।

১০। অসমত লাহে লাহে বৰষুণৰ পৰিমাণ কি হয় অহা দেখা গৈছে  ?

উত্তৰঃ অসমত লাহে লাহে বৰষুণৰ পৰিমাণ কমি অহা দেখা গৈছে ।

১১। অসমত প্ৰধানকৈ কি খেতি হয় ?

উত্তৰঃ অসমত প্ৰধানকৈ ধান খেতি হয় ।

১২। অসমত কি কি ধানৰ খেতি হয় ?

উত্তৰঃ অসমত আহু আৰু শালি ধানৰ উপৰিও বৰো ধান খেতিও হয় ।

১৩। অসমৰ কিহৰ বাবে ধানখেতি উপযোগী হয় ?

উত্তৰঃ অসমৰ জলবায়ু বাবে ধানখেতি উপযোগী হয় ।

১৪। ধানৰ পিছত অসমত কি কি উৎপন্ন হয় ?

উত্তৰঃ ধানৰ পিছত অসমত মাকৈ, গোমধান, বিভিন্ন শাক-পাচলি, ফল-মূল আদি উৎপন্ন হয় ।

১৫। কৃষিৰ ক্ষেত্ৰত উন্নত কিহৰ অভাৱ ?

উত্তৰঃ কৃষিৰ ক্ষেত্ৰত উন্নত সা-সঁজুলিৰ অভাৱ ।

১৬। কিহৰ অনুসৰি সাধাৰণতে বতৰৰ পৰিৱৰ্তন হয় ?

উত্তৰঃ ঋতু অনুসৰি সাধাৰণতে বতৰৰ পৰিৱৰ্তন হয় ।

১৭। অসমখন কিহৰ ক্ষেত্ৰত বহুত পিছপৰি আছে ?

উত্তৰঃ অসমখন কৃষিৰ ক্ষেত্ৰত বহুত পিছপৰি আছে ।

১৮। নদ-নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহে স্বয়ংক্ৰিয়ভাৱেই  কিহৰ লগত জড়িত হৈ পৰা দেখা যায় ?

উত্তৰঃ কৃষিৰ লগত জড়িত হৈ পৰা দেখা যায় ।

১৯। অসমত সঘনে কিহৰ পৰিৱৰ্তন হৈছে ?

উত্তৰঃ অসমত সঘনে বতৰৰ পৰিৱৰ্তন হৈছে ।

২০। কি বতৰে কৃষি পথাৰৰ অৱস্থা দুখলগা কৰে ?

উত্তৰঃ খৰাং বতৰে পথাৰৰ অৱস্থা দুখলগা কৰে ।