AJB Class 6 Social Science Book Chapter 8 | সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 8

সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব

১। সাধাৰণতে লিখিব-পঢ়িব নজনা লোকক কি বোলা হয় ?

উত্তৰঃ সাধাৰণতে লিখিব-পঢ়িব নজনা লোকক নিৰক্ষৰ বোলা হয় ।

২। দৰিদ্ৰতা কাক বোলে ?

উত্তৰঃ যিটো অৱস্থাত মানুহে ন্য়ূনতম প্ৰয়োজনীয়তাখিনিও পূৰণ কৰিব নোৱাৰে সেই অৱস্থাটোকে দৰিদ্ৰতা বোলে ।

৩। সামাজিক সমস্য়া কাক বোলে ?

উত্তৰঃ সমাজৰ অধিকাংশ মানুহে যতিয়া এটা নিৰ্দিষ্ট সমস্য়াৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া সেই সমস্য়াটোকে সানাজিক সমস্য়া বোলে ।

৪। আমাৰ সমাজত থকা কেইটামান সামাজিক সমস্য়া কি কি ?

উত্তৰঃ আমাৰ সমাজত থকা কেইটামান সামাজিক সমস্য়া হ’ল নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতি-ভেদ প্ৰথা, দুৰ্নীতি, লিংগ বৈষম্য় আদি ।

৫। বৰ্তমান ভাৰতৰ নিৰক্ষৰতাৰ শতকৰা হাৰ  কিমান ?

উত্তৰঃ বৰ্তমান ভাৰতৰ নিৰক্ষৰতাৰ শতকৰা হাৰ হ’ল প্ৰায় ২৬ ।

৬। অসমৰ নিৰক্ষৰতাৰ শতকৰা হাৰ কিমান ?

উত্তৰঃ অসমৰ নিৰক্ষৰতাৰ শতকৰা হাৰ হ’ল প্ৰায় ২৭ ।

৭। বৰ্তমান আমাৰ সমাজত থকা অন্ধবিশ্বাস কেইটামানৰ  নাম কি কি ?

উত্তৰঃ বৰ্তমান আমাৰ সমাজত থকা অন্ধবিশ্বাস কেইটামানৰ নাম হ’ল জৰা-ফুকা, বেজ-বেজালিৰ ওপৰত আস্থা, ভূত-ডাইনীৰ আবিৰ্ভাৱ, নজৰ লগা, মুখ লগা, তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন ইত্য়াদি ।

৮। কোনে জাতিভেদ প্ৰথাৰ সৃষ্টি কৰিছে ?

উত্তৰঃ অনাধিকাৰ বিভাজনে জাতিভেদ প্ৰথাৰ সৃষ্টি কৰিছে ।

৯। কিহৰ কাৰণে শিক্ষা গ্ৰহণ আৰু শিক্ষা বিস্তাৰত বাধা দিয়ে ?

উত্তৰঃ দৰিদ্ৰতাই শিক্ষা গ্ৰহণ আৰু শিক্ষা বিস্তাৰত বাধা দিয়ে ।

১০। নীতিবিৰুদ্ধ সকলো কাম-কাজক কি বোলা হয় ?

উত্তৰঃ নীতিবিৰুদ্ধ সকলো কাম-কাজক দুৰ্নীতি বোলা হয় ।

১১। ভাৰতবৰ্ষৰ এখন কি দেশ ?

উত্তৰঃ ভাৰতবৰ্ষৰ এখন উন্নয়নশীল দেশ ।

১২। ভাৰতীয় সমাজখন কিহে কিহে গঠিত হৈছে ?

উত্তৰঃ ভাৰতীয় সমাজখন গঠিত হৈছে বিভিন্ন ভাষা, ধৰ্ম, বৰ্ণৰ মানুহেৰে ।

১৩। নগৰীকৰণ কাক বোলে ?

উত্তৰঃ মানুহে প্ৰাথমিক বৃত্তি এৰি আহি গৌণ বা তৃতীয়ক সেৱাৰ কাম কৰি কোনো বিশেষ ঠাইত একেলগে বাস কৰি জীৱন নিৰ্বাহ কৰাকেই নগৰীকৰণ বোলে ।

১৪। নগৰীকৰণেও কি সমস্য়া সৃষ্টি কৰিছে ?

উত্তৰঃ নগৰাকৰণেও সামাজিক সমস্য়া সৃষ্টি কৰিছে ।

১৫। নগৰসমূহত অত্য়ধিক জনসংখ্য়াই পাৰিপাৰ্শ্বিক কিহৰ সৃষ্টি কৰিছে ?

উত্তৰঃ  নগৰসমূহত অত্য়ধিক জনসংখ্য়াই পাৰিপাৰ্শ্বিক ভাৰসাম্য়হীনতাৰ সৃষ্টি কৰিছে ।

১৬। ওপৰোক্ত সমস্য়াবোৰ কি ?

উত্তৰঃ ওপৰোক্ত সমস্য়াবোৰ হ’ল সমাজৰ একো একোটা ব্য়াধি ।

১৭। জনসংখ্য়া বৃদ্ধিৰ হাৰ ৰোধ কৰিলে কি কি সমস্য়াৰ সমাধানৰ পথ সহজ হ’ব ?

উত্তৰঃ জনসংখ্য়া বৃদ্ধিৰ হাৰ ৰোধ কৰিলে দৰিদ্ৰতা, নিবনুৱা সমস্য়া আদি সমস্য়াৰ সমাধানৰ পথ সহজ হ’ব ।

১৮। কেনেকৈ সামাজিক সমস্য়াবোৰ দূৰ কৰিব পাৰে ?

উত্তৰঃ শিক্ষাৰ বিস্তাৰ বা প্ৰসাৰে সমাজৰ পৰা সামাজিক সমস্য়াবোৰ দূৰ কৰিব পাৰে ।

১৯। ভাৰতবৰ্ষই কি লাভ কৰাৰ পিছত বিভিন্ন দিশত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ?

উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত বিভিন্ন বিশত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

২০। কি কি সামাজিক সমস্য়া বেলেগ বেলেগ হয় ?

উত্তৰঃ মানুহভেদে, সমাজভেদে, দেশভেদে সামাজিক সমস্য়া বেলেগ বেলেগ হয় ।