AJB Class 8 Social Science Chapter 12 | ভাৰতবৰ্ষ – চমু ভৌগলিক পৰিচয় | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 12

ভাৰতবৰ্ষ – চমু ভৌগলিক পৰিচয়

১) পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰ কোনখন ?

উত্তৰ ঃ পৃথিৱীৰ সপ্তম বৃহত ৰাষ্ট্ৰখনৰ নাম হ’ল এছিয়া ।

২) ভাৰতবৰ্ষৰ আকৃতি কিহৰ দৰে ?
উত্তৰ ঃ
 ভাৰতবৰ্ষৰ আকৃতি ত্ৰিভূজৰ দৰে ।

৩) ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান কিল’মিটাৰ ?
উত্তৰঃ
 ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6,100 কিল’মিটাৰ।

৪) ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি ?
উত্তৰঃ  
ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক পাঁচোটা ভাগত বিভক্ত কৰা হৈছে আৰু ভাগকেইটা হ’ল — উত্তৰৰ পাবৰ্ত্য অঞ্চল, উত্তৰৰ বিশাল সমভূমি অঞ্চল , দক্ষিণাত্যৰ মালভূমি অঞ্চল, উপকূলীয় সমভূমি আৰু দ্বীপীয় অঞ্চল। 

৫)ভাৰতবৰ্ষৰ উত্তৰ অংশ কিহে আৱৰি আছে ?
উত্তৰঃ 
ভাৰতবৰ্ষৰ উত্তৰ অংশ সুউচ্চ পৰ্বতমালাই আৱৰি আছে  ।

৬) হিমানয় পৰ্বতমালা কি পৰ্বতমানা ?
উত্তৰ ঃ
 হিমানয় পৰ্বতমালা ভংগিল পৰ্বতমালা ।

৭) উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ
 উচ্চ হিমালয় শ্ৰেণীটোৰ উচ্চতা গড়ে 6,000 মিটাৰ।

৮) উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে কিমান মিটাৰ ?
উত্তৰ ঃ
 উচ্চ হিমানয়ৰ দক্ষিণত থকা নিম্ন হিমানয় পৰ্বত শ্ৰেণীটোৰ উচ্চতা গড়ে 2000 মিটাৰ।

৯) উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক কি বুলি কোৱা হয় ?
উত্তৰ ঃ
  উচ্চ হিমানয়ৰ দক্ষিণত থকা পৰ্বত শাৰীটোক বহিঃবিমানয় বা শিৱালিক বুলি কোৱা হয় ।

১০) ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ কিমান শতাংশ অসমে উতপাদন কৰে ?
উত্তৰ ঃ
 ভাৰতৰ সৰ্বমুঠ চাহ উতপাদনৰ 50 শতাংশ অসমে উতপাদন কৰে।

১১) ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য কি ?
উত্তৰ ঃ
 ভাৰতবৰ্ষৰ প্ৰধান খাদ্যশস্য হৈছে ধান আৰু ঘেহুঁ।

১২) পৃথিৱীৰ ভিতৰত ধান উতপাদনত কোনখন দেশৰ স্থান প্ৰথম ?
উত্তৰ ঃ
 পৃথিৱীৰ ভিতৰত ধান উতপাদনত চীন দেশৰ স্থান প্ৰথম।

১৩) জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ কি ?
উত্তৰঃ  
জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ হৈছে প্ৰব্ৰজন।

১৪) 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ ঃ
 1901 চনত ভাৰতবৰ্ষৰ জনসংখ্যা 23.8 কোটি আছিল।

১৫) তৃণজাতীয় উদ্ভিদ ক’ত পোৱা যায় ?
উত্তৰ ঃ
 বছৰি প্ৰায় 50ৰপৰা 100 ছেমি. বৰষুণহোৱা অঞ্চলসমূহত তৃণজাতীয় উদ্ভিদ পোৱা যায়।

১৬) ব-দ্বীপীয় উদ্ভিদ কত পোৱা যায় ?
উত্তৰ ঃ
 সমুদ্ৰৰ পাৰৰ ব-দ্বীপ অঞ্চলত এই প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।

১৭) চিৰসেউজীয়া উদ্ভিদ কত পোৱা যায় ?
উত্তৰঃ 
বছৰি 20 ছেমি.তকৈ অধিক বৰষুণ আৰু গড়ে 25 ডিগ্ৰি ছেলছিয়াছ উত্তাপ থকা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় ।

১৮) ভাৰতত কি কালত মৌচুমী বতাহ বলে ?
উত্তৰঃ 
ভাৰতত গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে।

১৯) দক্ষিণ-পশ্চিম মৌচুমী বতাহ কি সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ?
উত্তৰ ঃ
 দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি বৈ আহি ভাৰতত প্ৰৱেশ কৰে ।

২০)ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ কেইটা গোট বা  দ্বীপপুঞ্জত বিভক্ত আৰু কি কি ?
উত্তৰ ঃ
 ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত দ্বীপসমূহ দুটা গোট বা  দ্বীপপুঞ্জত বিভক্ত আৰু সেয়া হ’ল এটা আৰৱ সাগৰত আৰু আনটো বংগোপসাগৰত অৱস্থিত ।