AJB Class 8 Social Science Chapter 13 | মানৱ ভূগোল | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 13

মানৱ ভূগোল

১) ভূগোল শব্দটো কি কি শব্দ মিলি সৃষ্টি হৈছে ?
উত্তৰঃ 
ভূগোল শব্দটো ‘ভূ’ আৰু ‘গোল’ এটা দুটা শব্দ মিলি সৃষ্টি হৈছে ।

২) গ্ৰীক পণ্ডিতসকলৰ মতে ভূ মানে কি আৰু গোল মানে কি ?
উত্তৰঃ 
গ্ৰীক পণ্ডিতসকলৰ মতে ‘ভূ’ মানে পৃথিৱী আৰু ‘গোল’ মানে ঘূৰণীয়া ।

৩) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?
উত্তৰ ঃ
 ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু সেয়া হ’ল (ক) প্ৰাকৃতিক ভূগোল (খ) মানৱ ভূগোল।

৪) প্ৰাকৃতিক ভূগোল মানে কি ?
উত্তৰ ঃ
 ভূগোল বিজ্ঞানৰ যিটো শাখাই প্ৰকৃতিক পৰিৱেশ যেনে, মাটি, পানী আৰু বাযুমণ্ডল আদি বিষয়ে অধ্যয়ন কৰে তাকে প্ৰাকৃতিক ভূগোল  বোলে।

৫) মানৱ ভূগোল কাক বোলে ?

উত্তৰ ঃ ভূগোলৰ যি বিভাগত প্ৰকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে ।

৬) মানৱ ভূগোলৰ প্ৰশাখাসমূহ কি কি ?
উত্তৰ ঃ
 মানৱ ভূগোলৰ প্ৰশাখাসমূহ হ’ল – বসতি ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয়া ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল ।

৭) মানৱ ভূগোলৰ মূল বিষয়বস্তু কি ?
উত্তৰ ঃ
 মানৱ ভূগোলৰ মূল বিষয়বস্তু হ’ল মানুহ আৰু পৃথিৱীৰ মাজত থকা স্বাভাৱিক সম্পৰ্ক।

৮) মানৱ ভূগোলৰ পিতৃস্বৰূপ কোন ?
উত্তৰ ঃ
 মানৱ ভূগোলৰ পিতৃস্বৰূপ হ’ল জাৰ্মান গৱেষক ফ্ৰেডৰিখ ৰেট্জেল ।

৯) প্ৰকৃতিয়ে সৃষ্টি কৰা পৰিৱেশক কি পৰিৱেশ বুলি কোৱা হয় ?
উত্তৰ ঃ
 প্ৰকৃতিয়ে সৃষ্টি কৰা পৰিৱেশক প্ৰাকৃতিক পৰিৱেশ বুলি কোৱা হয়।

১০) মানুহে সৃষ্টি কৰা পৰিৱেশক কি বুলি কোৱা হয় ?
উত্তৰ ঃ
 মানুহে সৃষ্টি কৰা পৰিৱেশক মানৱ পৰিৱেশ বুলি কোৱা হয় ।

১১) পৃথিৱীৰ বৰ্তমান জনসংখ্যা কিমান ?

উত্তৰঃ পৃথিৱীৰ বৰ্তমান জনসংখ্যা হ’ল 700 কোটি ।

১২) পৃথিৱীৰ মহাদেশসমূহৰ ভিতৰত কোনখন  মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি ?
উত্তৰ ঃ
 পৃথিৱীৰ মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি।

১৩) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ?
উত্তৰ ঃ
 ওছেনিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ কম ।

১৪)পৃথিৱীৰ দেশসমূহৰ ভিতৰত সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন ?
উত্তৰ ঃ
 পৃথিৱীৰ দেশসমূহৰ ভিতৰত সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ল চীন ।

১৫) দ্বিতীয় জনবহুল দেশ কোনখন ?
উত্তৰঃ  
দ্বিতীয় জনবহুল দেশ  হ’ল ভাৰতবৰ্ষ ।