AJB Class 8 Social Science Chapter 14 | ভূ-আন্দোলন | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 14

ভূ-আন্দোলন

১) কিমান কোটি বছৰৰ আগেয়ে পৃথিৱীখন সৃষ্টি হৈছিল ?

উত্তৰ ঃ  প্ৰায়ে 450 কোটি বছতত আগেয়ে পৃথিৱীখন সৃষ্টি হৈছিল।

২) মেগমা মানে কি ?
উত্তৰ ঃ ভূগৰ্ভত থকা  উত্তপ্ত গলিত পদাৰ্থবোৰক মেগমা বুলি কোৱা হয়।

৩) কিমান চনত মস্কোত ভূগোল বিজ্ঞানীৰ এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰ ঃ
 1971 চনত মস্কোত ভূগোল বিজ্ঞানীৰ এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল।

৪) লাভা কাক বোলে ?
উত্তৰঃ
কিবা কাৰণত যদি মেগমা বাহিৰলৈ ওলাই আহে তেতিয়া তাক লাভা বোলে ।

৫)পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোক কি বোলে ?
উত্তৰঃ 
পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোক ভূত্বক বা খোলা বোলে ।

৬) ভূত্বকৰ তলত থকা তৰপকেইটা কি কি ?
উত্তৰঃ  
ভূত্বকৰ তলত থকা তৰপকেইটা হ’ল প্ৰবাৰ আৰু শাহ।

৭) ফলক বিৱৰ্তন তত্ত্ব আনুসৰি ভূপৃষ্ঠ কিমানখন বৃহত ফলকৰদ্বাৰা গঠিত ?
উত্তৰঃ 
ফলক বিৱৰ্তন তত্ত্ব আনুসৰি ভূপৃষ্ঠ সাতখন বৃহত ফলকৰদ্বাৰা গঠিত।

৮) অভিসৰণ কাক বোলে ?
উত্তৰ ঃ
 ফলকবোৰে গতি কৰিলে কেতিয়াবা এখন ফলক আন এখন ফলকৰ ওপৰলৈ চাপ খাই থাকে। ফলক দুখন চাপ খাই কৰা গতিক অভিসৰণ বোলে ।

৯) কিমান চনত হোৱা ছুনামীয়ে তামিলনাডুৰ উপকূলত বহু ধন-জনৰ ক্ষতি কৰিছিল ?
উত্তৰ ঃ
 2004 চনত হোৱা ছুনামীয়ে তামিলনাডুৰ উপকূলত বহু ধন-জনৰ ক্ষতি কৰিছিল।

১০) কিমান চনত হোৱা ভূমিকম্পত কামৰূপ জিলাৰ দক্ষিণফালে এলানি পাহাৰ বহি গৈ চানডুবি নামৰ হ্ৰদটোৰ সৃষ্টি হৈছিল ?
উত্তৰ ঃ
 1897 চনত হোৱা ভূমিকম্পত কামৰূপ জিলাৰ দক্ষিণফালে এলানি পাহাৰ বহি গৈ চানডুবি নামৰ হ্ৰদটোৰ সৃষ্টি হৈছিল।

১১) ছুনামী কাক বোলে ?
উত্তৰ ঃ
 সমুদ্ৰত ভূমিকম্প হ’লে পানীৰ ঢৌ বহু ওপৰলৈ উঠে। ইয়াকে ছুনামী বোলে ।

১২) প্ৰশান্ত মহাসাগৰীয় বলয়ত অন্তৰ্ভুক্ত অঞ্চলবোৰ কি কি ?
উত্তৰঃ 
প্ৰশান্ত মহাসাগৰীয় বলয়ত অন্তৰ্ভুক্ত অঞ্চলবোৰ হ’ল কেলিফৰ্নিয়া, চিলি, আলাস্কা, জাপান ফিলিপাইনছ, নিউজিলেণ্ড।

১৩) গছীয় পৃথিৱীৰপৰা আজিৰ পৃথিৱীখনলৈ যি পৰিৱৰ্তন হৈছে তাত প্ৰধানকৈ কেইটা কাৰকে ক্ৰিয়া কৰিছে আৰু কি কি ?

উত্তৰ ঃ গছীয় পৃথিৱীৰপৰা আজিৰ পৃথিৱীখনলৈ যি পৰিৱৰ্তন হৈছে তাত প্ৰধানকৈ দুটা কাৰকে ক্ৰিয়া কৰিছে আৰু সেই কাৰক কেইটা হ’ল (i) আভ্যন্তৰীণ কাৰক আৰু (ii) বাহ্যিক কাৰক ।

১৪) আভ্যন্তৰীণ কাৰকবোৰ কি ?
উত্তৰ ঃ
 আভ্যন্তৰীণ কাৰকবোৰ হ’ল পৃথিৱীৰ অন্তৰ্ভাগৰপৰা সৃষ্টি হোৱা কাৰক।

১৫) বাহ্যিক কাৰকবোৰ কি ?

উত্তৰ ঃ  বাহ্যিক কাৰকবোৰ হ’ল ৰ’দ, হতাহ, বৰষুণ, নদী, হিমবাহ আদি।