AJB Class 8 Social Science Chapter 15 | মানচিত্ৰ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 15

মানচিত্ৰ

১) যোগাযোগ ব্যৱস্থাৰ এটা অতি পুৰণি আৰু প্ৰাথমিক ব্যৱস্থা কি ?
উত্তৰঃ যোগাযোগ ব্যৱস্থাৰ এটা অতি পুৰণি আৰু প্ৰাথমিক ব্যৱস্থা হ’ল মানচিত্ৰ।

২) মানচিত্ৰ কি ?
উত্তৰ ঃ
 পৃথিৱীপৃষ্ঠ বা ইয়াৰ যি কোনো অংশৰ সম্পূৰ্ণ বা একাংশ অৱয়বৰ প্ৰতিচ্ছবি কাগজৰ মাধ্যমত জোখ-মাপ কৰি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ।

৩) মানচিত্ৰৰ এটা বিশেষ সুবিধা কি ?
উত্তৰ ঃ
 মানচিত্ৰৰ এটা বিশেষ সুবিধা হ’ল যে চকুৰে নিৰ্ধাৰণ কৰিব নোৱৰা পৰিৱেশ, ঠাই, বস্তু, সকলোবোৰ মানচিত্ৰৰ সহায়ত নিৰ্ধাৰণ কৰিব পাৰি ।

৪) মানচিত্ৰ অংকণৰ মূল উদ্দেশ্য কি ?
উত্তৰ ঃ
  ভূপৃষ্ঠৰ বিভিন্ন উপাদান চিনাক্ত কৰি তাৰ সঠিক অৱস্থান আৰু গুণাগুণ দেখুওৱাটোৱে হ’ল মানচিত্ৰ অংকণৰ মূল উদ্দেশ্য।

৫) মানচিত্ৰ অংকনে মানি চলা বিজ্ঞান কি ?
উত্তৰ ঃ
 মানচিত্ৰ অংকনে মানি চলা বিজ্ঞান হ’ল কাৰ্ট’গ্ৰাফি।

৬) কাৰ্ট’গ্ৰাফিৰ পিতৃস্বৰূপ কোন ?
উত্তৰ ঃ
 ইজিপ্তৰ ট’লেমি নামৰ ভূগোলবিদগৰাকীয়ে আছিল কাৰ্ট’গ্ৰাফিৰ পিতৃস্বৰূপ।

 ৭) মানচিত্ৰক প্ৰধানকৈ কি প্ৰকাৰে ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰ ঃ
 মানচিত্ৰক প্ৰধানকৈ তিনিপ্ৰকাৰে ভাগ কৰিব পাৰি আৰু সেই ভাগকেইটা হ’ল (ক) প্ৰাকৃতিক মানচিত্ৰ (খ) ৰাজনৈতিক মানচিত্ৰ আৰু (গ) বিষয়ভিক্তিক মানচিত্ৰ।

৮) কাঁড়চিনযুক্ত ৰেখাডালত ইংৰাজী বৰ্ণমালাৰ কি আখৰটো থাকে ?
উত্তৰ ঃ
 কাঁড়চিনযুক্ত ৰেখাডালত ইংৰাজী বৰ্ণমালাৰ N আখৰটো থাকে।

৯) আৰ্হিচিত্ৰ প্ৰস্তুত কৰিবলৈ কি কি প্ৰয়োজন হয় ?
উত্তৰ ঃ
  আৰ্হিচিত্ৰ প্ৰস্তুত কৰিবলৈ হ’লে সীমা, দিশ, মূল উপাদান, মূলবিন্দু আদিৰ প্ৰয়োজন হয়।

১০) ভূগোল বিষয়ৰ এটি গুৰুত্বপূৰ্ণ আহিলা বা সঁজুলি কি ?
উত্তৰ
 ঃ ভূগোল বিষয়ৰ এটি গুৰুত্বপূৰ্ণ আহিলা বা সঁজুলি হ’ল ক্ষেত্ৰ অধ্যয়ন।

১১)ভূগোলৰ বাবে ক্ষেত্ৰ কি ?
উত্তৰ ঃ
 ভূগোলৰ বাবে ক্ষেত্ৰ হ’ল পৰীক্ষাগাৰসদৃশ।

১২) প্ৰাকৃতিক মানচিত্ৰ কি ?
উত্তৰঃ
 পৃথিৱীপৃষ্ঠত থকা বিভিন্ন পৰ্বত-পাহাৰ,সমতল, নদ- নদী আদি প্ৰকৃতি প্ৰদত্ত সামগ্ৰীৰে সমৃদ্ধ মানচিত্ৰ হ’ল প্ৰাকৃতিক মানচিত্ৰ।

১৩) বেবিলনীয়সকলে মানচিত্ৰৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ 
বেবিলনীয়সকলে মানচিত্ৰৰ বাবে মাটি ব্যৱহাৰ কৰিছিল।

১৪) ইজিপ্তৰ বাসিন্দাসকলে মানচিত্ৰৰ বাবে কি সামগ্ৰী ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ 
ইজিপ্তৰ বাসিন্দাসকলে মানচিত্ৰৰ বাবে ধাতু ব্যৱহাৰ কৰিছিল।

১৫) ৰাজনৈতিক মানচিত্ৰত কি কৰা হয় ?
উত্তৰ ঃ
 ৰাজনৈতিক মানচিত্ৰত ৰাষ্ট্ৰৰ ভিতৰত থকা ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণকে আদি কৰি নগৰ-চহৰৰ অৱস্থান আদি বিশ্লেযণ কৰা হয়।