AJB Class 8 Social Science Chapter 16 | অক্ষাংশ আৰু দ্ৰাঘিমাংশ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 16

অক্ষাংশ আৰু দ্ৰাঘিমাংশ

১) মেৰুদণ্ড মানে কি ?
উত্তৰ ঃ
 গোলকৰ পৃথিৱীখনৰ সোঁমাজেৰে উত্তৰৰপৰা দক্ষিণলৈ এডাল ৰেখা কল্পনা কৰা হৈছে । এই ৰেখাদালক পৃথিৱীৰ মেৰুদণ্ড বোলে।

২) লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক কি নামেৰে নামাকৰণ কৰা হৈছে ? 
উত্তৰ ঃ
 লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা নামেৰে নামাকৰণ কৰা হৈছে।

৩) অক্ষৰেখা কাক বোলে ?
উত্তৰ ঃ
 বিষুৱৰেখাৰ সমান্তৰালকৈ পূবা-পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা হৈছে । এই ৰেখাবোৰক অক্ষৰেখা বোলে।

৪) অক্ষৰেখাৰ মান কিমান লৈকে আছে ?
উত্তৰ
 ঃ অক্ষৰেখাৰ মান 1 ডিগ্ৰী, 2 ডিগ্ৰী, 3 ডিগ্ৰী……….90 ডিগ্ৰী লৈকে আছে ।

৫) দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব কিমান ?
উত্তৰ ঃ দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব প্ৰায়111 কিমি.।

৬) চছ কি ৰেখা ?
উত্তৰ ঃ চছ বিষুৱ ৰেখা।

৭) কি যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ?
উত্তৰ ঃ GPSৰ যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব পাৰি ।

৮) কি নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয় ?
উত্তৰ ঃ
 হেডলিজ অক্টান্ট নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয়।

৯)  কি ৰেখাই পৃথিৱীখনক দুভাগ কৰিছে ?
উত্তৰ ঃ নিৰক্ষৰেখাই পৃথিৱীখনক দুভাগ কৰিছে।

১০) অক্ষৰেখাৰ মান কিমানলৈ আছে ?
উত্তৰ ঃ অক্ষৰেখাৰ মান কিমান 90 লৈ আছে ।

১১) কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল ?
উত্তৰ ঃ 1884  চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল।

১২) কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক কি বোলা হয় ?
উত্তৰ ঃ কৰ্কটক্ৰান্তি পৰা মকৰক্ৰান্তি মণ্ডলটোক উষ্ণ মণ্ডল বোলা হয়।

১৩) ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি কিহৰ সৃষ্টি কৰিছিল ?
উত্তৰ ঃ ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি বৃত্ত সৃষ্টি কৰিছিল।

১৪) অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ’লে কিহৰ প্ৰয়োজন ?
উত্তৰ ঃ  অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ’লে কোণিক প্ৰয়োজন।

১৫) দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ কিমান ডাল ৰেখা থাকে ?
উত্তৰ ঃ  দ্ৰাঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ 180 ডাল ৰেখা থাকে।

১৬) উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত কিমান কোণ কৰি থাকে ?
উত্তৰ ঃ
 উত্তৰ মেৰুত ধ্ৰুবতৰাই মূৰৰ ওপৰত 90 ডিগ্ৰী কোণ কৰি থাকে।