Class 4 Assamese Book Chapter 4 | লঘোন | MCQs Short Question Answer SCERT School |

Chapter 4

লঘোন

১। ‘লঘোন’ পদ্য়টো ৰচনা কৰা কবিজনৰ নাম কি ?

(ক) নৱকান্ত বৰুৱা

(খ) আনন্দচন্দ্ৰ বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধৰী

উত্তৰঃ (ক) নৱকান্ত বৰুৱা

২। ‘লঘোন’ শব্দটোৰ অৰ্থ কি ? 

(ক) সকলো বস্তু খোৱা

(খ) একো নোখোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) একো নোখোৱা

৩। পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি মনলৈ আহে ?

(ক) ক্ষীণ মানুহ

(খ) শকত মানুহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শকত মানুহ

৪। ভোকত আতুৰ হোৱা লোকক কি বুলি কয় ?

(ক) খকুৱা

(খ) বহুত খাদ্য় খোৱা

(গ) ভুকাতুৰ

উত্তৰঃ (গ) ভুকাতুৰ

৫। বেছিকৈ ভাত খোৱা লোকক কি বুলি কয় ?

(ক) খঁকুৱা

(খ) ভুকাতুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খঁকুৱা

৬। ৰৌ মাছ ভজা আছে তাৰে তেওঁ ৰৌ মাছ কিমান চকল বিচাৰিছে ?

(ক) ৪ চকল

(খ) ২ চকল

(গ) ৩ চকল

উত্তৰঃ (খ) ২ চকল

৭। কবিতাটোত মালভোগ কল ন’হলে কি কল দিব কৈছে ?

(ক) চেনি কল

(খ) ভীম কল

(গ) জাহাজী কল

উত্তৰঃ (গ) জাহাজী কল

৮। দৈ ন’হলে তেওঁক কি লাগে ?

(ক) গাখীৰৰ সৰ

(খ) গুৰ

(গ) আচাৰ

উত্তৰঃ (ক) গাখীৰৰ সৰ

৯। পাপৰ কিহত সেকিবলৈ দিছে ?

(ক) গেছত

(খ) আঙঠাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আঙঠাত

১০। আচাৰো ওলাব পাৰে সেইকাৰণে কিহত বিচাৰিব দিছে ?

(ক) ঘৰত বিচাৰিব দিছে

(খ) পাকঘৰত

(গ) চুক কোণত

উত্তৰঃ (গ) চুক কোণত