Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 10 | আমাৰ ৰাজ্যখন | Environment Solution SCERT School

Chapter 10

আমাৰ ৰাজ্যখন

১। গৰম বন্ধত বিৰিণাই কাৰ লগত ফুৰিবলৈ গৈছিল ?

(ক) মাকৰ লগত

(খ) খুৰাকৰ লগত

(গ) দেউতাকৰ লগত

উত্তৰঃ (গ) দেউতাকৰ লগত

২। বিৰিণাই  কোন ঠাইলৈ ফুৰিবলৈ গৈছিল ?

(ক) ডিমা হাছাও

(খ) মনিপুৰ

(গ) শিলচৰলৈ

উত্তৰঃ (গ) শিলচৰলৈ

৩। কোনে কৈছিল যে পাহাৰবোৰ ডিমা হাছাও জিলাৰ ভিতৰত পৰে ?

(ক) খুৰাকে

(খ) দেউতাকে

(গ) মাকে

উত্তৰঃ (খ) দেউতাকে

৪। অসমখন কিহেৰে ভৰা ?

(ক) পৰ্বত-পাহাৰ, নৈ-উপনৈ, গছ-গছনিৰে

(খ) পানীৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পৰ্বত-পাহাৰ, নৈ-উপনৈ, গছ-গছনিৰে

৫। আমাৰ ৰাজ্য়খন ভাৰতৰ কোন অংশত অৱস্থিত ?

(ক) উত্তৰ-দক্ষিণ

(খ) উত্তৰ-পূব

(গ) এটাও নহয়

উত্তৰঃ (খ) উত্তৰ-পূব

৬। অসমৰ মাজেৰে কি নৈ বৈ গৈছে ?

(ক) নীল নৈ

(খ) ব্ৰহ্মপুত্ৰ

(গ) কপিলী

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ

৭। অসমক কি ৰাজ্য় বুলি কোৱা হয় ?

(ক) নৈ- প্ৰধান দেশ

(খ) চুবুৰীয়া ৰাষ্ট্ৰ

(গ)এটাও নহয়

উত্তৰঃ (ক) নৈ- প্ৰধান দেশ

৮। অসমৰ প্ৰধান নৈ কেইখন ?

(ক) ৩ খন

(খ) ২খন

(গ) ৫ খন

উত্তৰঃ (খ) ২খন

৯। অসমক কেইটা প্ৰাকৃতিক ভাগত ভাগ কৰা হয় ?

(ক) ৪ টা

(খ) ২টা

(গ) ৩ টা

(ঘ) এটাও নহয়

উত্তৰঃ (গ) ৩ টা

১০। কেনে ধৰনৰ ঠাইত জুম খেতি কৰা হয় ?  

(ক) পাহাৰীয়া

(খ) এঢলীয়া

(গ) এটাও নহয়

উত্তৰঃ (ক) পাহাৰীয়া

১১। পাহাৰীয়া অঞ্চলৰ মানুহে কেনে ধৰনৰ ঘৰ সাজে ? 

(ক) চাংঘৰ

(খ) খেৰৰ ঘৰ

(গ) পকী ঘৰ

উত্তৰঃ (ক) চাংঘৰ

১২। মানচিত্ৰ এখনৰ ওপৰৰ ফালে কোনটো দিশ থাকে ?

(ক) দক্ষিণ দিশ

(খ) উত্তৰ দিশ

(গ) পূৱ দিশ

উত্তৰঃ (খ) উত্তৰ দিশ

১৩। মানচিত্ৰ এখনৰ বাওঁফালে কোনটো দিশ থাকে ? 

(ক) দক্ষিণ দিশ

(খ) উত্তৰ দিশ

(গ) পশ্চিম দিশ

উত্তৰঃ (গ) পশ্চিম দিশ

১৪। অসমৰ চাৰিসীমাত কেইখন বিদেশী ৰাষ্ট্ৰ আছে ? 

(ক) তিনিখন

(খ) দুখন

(গ) চাৰিখন

উত্তৰঃ (খ) দুখন

১৫। অসমৰ নদীৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত মানুহে কি ঘৰ সাজি বসবাস কৰে ? 

(ক) পকীঘৰ

(খ) চাংঘৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) চাংঘৰ

১৬। নদীৰ দাঁতি-কাষৰীয়া অঞ্চলত সঘনাই বানপানী ?

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

১৭। পাহাৰৰ হাবি-বন কাটি জ্বলাই লৈ মাটিভাগ কি খেতিৰ বাবে মুকলি কৰা হয় ? 

(ক) ধান খেতি

(খ) জুম খেতি

(গ) তিল খেতি

উত্তৰঃ (খ) জুম খেতি

১৮। বাৰিষাকালত অসমত প্ৰচুৰ পৰিমানে কি হয় ?

(ক) বৃষ্টিপাত হয়

(খ) খেতি ভাল হয়

(গ) এটাও নহয়

উত্তৰঃ (ক) বৃষ্টিপাত হয়

১৯। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক কি উপত্য়কা বোলে ? 

(ক) ব্ৰহ্মপুত্ৰ উপত্য়কা

(খ) বৰাক উপত্য়কা

(গ) এটাও নহয়

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰ উপত্য়কা

২০। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক কি উপত্য়কা বোলে ? 

(ক) মালভূমি উপত্য়কা

(খ) বৰাক উপত্য়কা

(গ) ব্ৰহ্মপুত্ৰ উপত্য়কা

উত্তৰঃ (খ) বৰাক উপত্য়কা