Class 4 General Science Chapter 5 MCQ’s Sankardev School | সেউজ সম্পদ | Class 4 General Science Chapter 5 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 5

সেউজ সম্পদ

১। কি গছৰ আঁহৰ পৰা কাগজ তৈয়াৰ কৰা হয়?

(ক) আহঁত গছৰ

(খ) নাৰিকল গছৰ

(গ) বাঁহ গছৰ

উত্তৰ- (গ) বাঁহ গছৰ ।

২। যিবোৰ উদ্ভিদৰ ফুল আৰু ফল হয় সেইবোৰ উদ্ভিদক কি উদ্ভিদ বোলে?  

(ক) অপুষ্পক উদ্ভিদ

(খ) সপুষ্পক উদ্ভিদ

(গ) এটাও নহয়

উত্তৰ- (খ) সপুষ্পক উদ্ভিদ ।

৩। যিবোৰ উদ্ভিদৰ ফুল আৰু ফল নহয় সেইবোৰ উদ্ভিদক কি উদ্ভিদ বোলে?  

(ক) অপুষ্পক উদ্ভিদ

(খ) সপুষ্পক উদ্ভিদ

(গ) এটাও নহয়

উত্তৰ- (ক) অপুষ্পক উদ্ভিদ ।

৪। ৰাতি ফুলা ফুলবোৰ কি ৰঙৰ আৰু গোন্ধ থকা হয়?

(ক) বগা ৰঙৰ

(খ) ৰঙা ৰঙৰ

(গ) হালধিয়া ৰঙৰ

উত্তৰ- (ক) বগা ৰঙৰ ।

৫। আমলখিত যথেষ্ট পৰিমাণে কি ভিটামিন থাকে?

(ক) ভিটামিন দি

(খ) ভিটামিন চি

(গ) ভিটামিন কে

উত্তৰ- (খ) ভিটামিন চি ।

৬। উদ্ভিদ কেই প্ৰকাৰৰ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

উত্তৰ- (খ) ৪ প্ৰকাৰৰ ।

৭। সপুষ্পক উদ্ভিদবোৰ হ’ল?

(ক) শেলাই, ঢেঁকীয়া

(খ) লাউ, আম

(গ) এটাও নহয়

উত্তৰ- (খ) লাউ, আম ।

৮। অপুষ্পক উদ্ভিদবোৰ হ’ল?

(ক) আম, কঠাল

(খ) শেলাই, ঢেঁকীয়া

(গ) এটাও নহয়

উত্তৰ- (খ) শেলাই, ঢেঁকীয়া ।

৯। নেমু, কমলা, আমলখি, মধুৰিআম, চজিনা আদিত কি ভিটামিন থাকে?

(ক) ভিটামিন কে

(খ) ভিটামিন দি

(গ) ভিটামিন চি

উত্তৰ- (গ) ভিটামিন চি ।

১০। ঔষধি উদ্ভিদবোৰ হ’ল?

(ক) খুতুৰা শাক, চজিনা

(খ) মানিমুনি, আমলখি

(গ) এটাও নহয়

উত্তৰ- (খ) মানিমুনি, আমলখি ।

Type by- Bikul Mandal