Class 5 Assamese Book Chapter 1 | অসম আমাৰ ৰূপহী | MCQs Short Question Answer SCERT School |

Chapter 1

অসম আমাৰ ৰূপহী

১। অসম আমাৰ ৰূপহী গীতটি কোনে ৰচনা কৰিছিল?

(ক)ড° ভূপেন হাজৰিকাই

(খ)মিত্ৰদেৱ মহন্তই

(গ)আনন্দৰাম বৰুৱাই

উত্তৰঃ (ক)ড° ভূপেন হাজৰিকাই

২। ড° ভূপেন হাজৰিকাই আই’ বুলি কাক সম্বোধন কৰিছে?

(ক)ৰামধেনুক

(খ)অসম দেশক

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অসম দেশক

৩। ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?

(ক)লখিমী

(খ)মূলা

(গ)আলহী

উত্তৰঃ (ক)লখিমী

৪। শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?

(ক)ৰামধেনুৰে

(খ)তৰাৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)তৰাৰে

৫। পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

(ক)ৰামধেনুৰে

(খ)তৰাৰে

(গ)লখিমীয়ে

উত্তৰঃ (ক)ৰামধেনুৰে

৬। ড° ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে?

(ক)নিজৰ ঘৰত

(খ)মোমায়েকৰ ঘৰত

(গ)অসম দেশতেই

উত্তৰঃ (গ)অসম দেশতেই

৭। এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে?

(ক)অসম দেশক

(খ)ভাৰত দেশক

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ভাৰত দেশক

৮। এই গীতটিত ‘ম’ আখৰটো কিমান বাৰ ব্যৱহাৰ হৈছে?

(ক)৫০ বাৰ

(খ)১০ বাৰ

(গ)২০ বাৰ

উত্তৰঃ (গ)২০ বাৰ

৯। আৰম্ভণি শব্দৰ বিপৰীত অৰ্থ কি?

(ক)শেষ

(খ)বিচ্ছেদ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)শেষ

১০। যি চিত্ৰ আঁকে তেওঁক কি বোলে?

(ক)সোণালী

(খ)সোণাৰী

(গ)চিত্ৰকৰ

উত্তৰঃ (গ)চিত্ৰকৰ

১১। যি ৰসেৰে পৰিপূৰ্ণ তাক কি বোলে?

(ক)গোল্লা

(খ)ৰসাল

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ৰসাল

১২। যি সোণৰ নিচিনা বৰণৰ তাক কি বোলে?

(ক)সোণালী

(খ)ৰূপালী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)সোণালী

১৩। যি গীত লিখে তেওঁক কি বোলে?

(ক)চিত্ৰকৰ

(খ)গীত

(গ)গীতিকাৰ

উত্তৰঃ (গ)গীতিকাৰ

১৪। ড° ভূপেন হাজৰিকাৰ কিমান চনত জন্ম হৈছিল?

(ক)১৯৯৯ চনত

(খ)১৯৫৫ চনত

(গ)১৯২৬ চনত

উত্তৰঃ (গ)১৯২৬ চনত

১৫। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক)মৰিগাঁৱত

(খ)যোৰহাটত

(গ)শদিয়াত

উত্তৰঃ (গ)শদিয়াত

১৬। তেখেতৰ পিতৃৰ নাম কি আছিল?

(ক)নীলকান্ত হাজৰীকা

(খ)মিত্ৰদেৱ মহন্ত

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (ক)নীলকান্ত হাজৰীকা

১৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

(ক)জয়মতী

(খ)শান্তিপ্ৰিয়া হাজৰীকা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)শান্তিপ্ৰিয়া হাজৰীকা

১৮। তেখেতে কিমান চনত লটি ঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

(ক)১৯৬৬ চনত

(খ)১৯৭৩ চনত

(গ)১৯৮৫ চনত

উত্তৰঃ (ক)১৯৬৬ চনত

১৯। তেখেতে কিমান চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন উপাধি লাভ কৰিছিল?

(ক)২০০৫ চনত

(খ)২০০১ চনত

(গ)২০০৮ চনত

উত্তৰঃ (গ)২০০৮ চনত

২০। তেখেতৰ কিমান চনত মৃত্যু হৈছিল?

(ক)২০০৫ চনত

(খ)২০১১ চনত

(গ)২০০০ চনত

উত্তৰঃ (খ)২০১১ চনত