Class 5 Assamese Chapter 13 MCQ’s Sankardev School | কুলি | Class 5 Assamese Chapter 13 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-13

কুলি

১) কুলি চৰায়ে কি বুলি মাতে ?

(ক) কুউ-কুউ-কুউ বুলি মাতে

(খ) খটলটোপ-খটলটোপ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) কুউ-কুউ-কুউ বুলি মাতে।

২) কুঁহিপাতৰ অৰ্থ কি ?

(ক) গছৰ কোমল পাত

(খ) গছৰ পৰা নতুন কৈ ওলেৱা কুমলীয়া পাত

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

৩। মৌ বৰষা অৰ্থ কি ?

(ক) সুমধুৰ

(খ) শুৱলা নহয়

(গ) ইযাৰ পৰা এটাও নহয়

উত্তৰঃ (ক) সুমধুৰ।

৪। বিহু আহিলে কোনে জাননি দিয়ে ?

(ক) কুলি

(খ) ঘন চিৰিকা

(গ) ফেঁচা

উত্তৰঃ (ক) কুলি।

৫। বসন্ত ঋতুৰ শেষৰ ফালে কি বয় ?

(ক) বৰষুণ

(খ) বৰদৈচিলা বয়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) বৰদৈচিলা বয়।

৬। কোনটো ঋতুত আম-কঁঠাল পকে ?

(ক) বসন্ত ঋতুত

(খ) শীত ঋতুত

(গ) গ্ৰীষ্ম ঋতুত

উত্তৰঃ (গ) গ্ৰীষ্ম ঋতুত।

৭। কুলি আৰু কাউৰীৰ দুয়োটায়ে বৰণ কেনেকুৱা ?

(ক) বগা

(খ) ক’লা

(গ) নীলা

উত্তৰঃ (খ) ক’লা।

৮। কুলিৰ মাত কেনেকুৱা ?

(ক) শুৱলা

(খ) ৰমলিয়া

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) শুৱলা।

৯। কুলিৰ কবিতাটোৰ কবিজনৰ নাম কি ?

(ক) দেৱকান্ত বৰুৱা

(খ) মিত্ৰদেৱ মহন্ত

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (খ) মিত্ৰদেৱ মহন্ত।

১০। কাউৰীৰ মাত কেনেকুৱা ?

(ক) শুৱলা

(খ) ৰমলিয়ায়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ৰমলিয়ায়।

১১। দোকোল-টকা শব্দৰ অৰ্থ কি ?

(ক) দুয়ো পাৰ উপচি যোৱা

(খ) দুটা পাচি টকাৰে ভৰি যোৱা

(গ) গছৰ দুটা ডাল

উত্তৰঃ (ক) দুয়ো পাৰ উপচি যোৱা।

১২। ভেকুলীয়ে                ।

(ক) ভুন্ভুনায়

(খ) ভুকভুকায়

(গ) টোৰটোৰায়

উত্তৰঃ (গ) টোৰটোৰায়।

১৩। গছৰ                  ওলায় ।

(ক) কলি

(খ) কুঁহিপাত

(গ) পছোৱা

উত্তৰঃ (খ) কুঁহিপাত।

১৪। পাতৰ মাজেৰে কুলিয়ে কিয় নাচায় ?

(ক) লাজ লাগে

(খ) ভাগৰ লাগে

(গ) এলাহ লাগে

উত্তৰঃ (ক) লাজ লাগে।

১৫। কুলিক ক’লা গা-টি কিহেৰে ঢাকি লবলৈ কৈছে ?

(ক) নতুন সাজেৰে

(খ) কুঁহিপাতেৰে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) কুঁহিপাতেৰে।

১৬। বাৰীত কি ফুলিল ?

(ক) ছিৰাল তিহুঁ

(খ) কোমল পাত

(গ) কপৌ ফুল

উত্তৰঃ (ক) ছিৰাল তিহুঁ।

১৭। ফুলে                 পেলায়।

(ক) মুচি

(খ) কলি

(গ) কুঁহিপাত

উত্তৰঃ (খ) কলি।

১৮। ‘ক’লা’ শব্দটোৱে কি বুজাইছে ?

(ক) ৰং

(খ) কাণেৰে নুশুনা

(গ) চকুৰে নেদেখা

উত্তৰঃ (ক) ৰং।

১৯। সিংহই ________ ।

(ক) কুৰুলিয়াই

(খ) গোজৰে

(গ) ভুকভুকায়

উত্তৰঃ (খ) গোজৰে।

২০। _________ বতাহ বয় ।

(ক) পছোৱা

(খ) মলিয়ালে

(গ) গজৰিলে

উত্তৰঃ (ক) পছোৱা।

Type By- Subhas Nath