Class 7 Assamese Book | Chapter 13 | অধ্যায় ১৩ | প্ৰাকৃতিক দুৰ্যোগ | MCQs Short Question Answer |

Chapter 13

প্ৰাকৃতিক দুৰ্যোগ

১। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম কি?

(ক) ভূমিকম্প

(খ) ছুনামি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ভূমিকম্প

২। অসমত কিমান প্ৰলয়ংকাৰী ভূমিকম্প এটাই ধ্বংসলীলা চলাইছিল?

(ক) ১৯৯৯ চনত

(খ) ২০০৪ চনত

(গ) ১৮৯৭ চনত

উত্তৰঃ (গ) ১৮৯৭ চনত

৩। চানডুবি বিল আচলতে এসময়ত কি আছিল?

(ক) বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী

(খ) পাহাৰ

(গ) সাগৰ

উত্তৰঃ (খ) পাহাৰ

৪। কিমান চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল?

(ক) ১৮৯৭ চনৰ

(খ) ২০০৪ চনৰ

(গ) ১৯৫০ চনৰ

উত্তৰঃ (গ) ১৯৫০ চনৰ

৫। ভুমিকম্প আহিলে জোকাৰণি নকমা লৈকে কি কৰিব লাগে?

(ক) নাচি থাকিব লাগে

(খ) বিচনাৰ ওপৰত জপিয়াই থাকিব লাগে

(গ) একেঠাইতে থাকিব লাগে

উত্তৰঃ (গ) একেঠাইতে থাকিব লাগে

৬। কিমান চনৰ ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল?

(ক) ১৯৯৯ চনত

(খ) ২০০৪ চনত

(গ) ১৯৫০ চনত

উত্তৰঃ (খ) ২০০৪ চনত

৭। ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত বানপানী হৈছিল?

(ক) অসমত

(খ) গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত

৮। প্ৰকৃতি+ইক= কি?

(ক) প্ৰাকৃতিক

(খ) প্ৰকৃতিক

(গ) প্ৰকৃতিৰ

উত্তৰঃ (ক) প্ৰাকৃতিক

৯। সাৱধান+তা= কি?

(ক) সাৱধান

(খ) সাৱধানতা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) সাৱধানতা

১০। বিয়োজক অব্যয় কাক বোলে?

(ক) সন্মতি প্ৰকাশ কৰা অব্যয়ক

(খ) সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

(গ) যিয়ে দুটা পদ বা বাক্যক পৃথক কৰে

উত্তৰঃ (গ) যিয়ে দুটা পদ বা বাক্যক পৃথক কৰে

১১। অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি?

(ক) ১৮৯৭ আৰু ১৯৫০

(খ) ১৭৮৭ আৰু ২০০৪

(গ) ২০০০ আৰু ২০০২

উত্তৰঃ (ক) ১৮৯৭ আৰু ১৯৫০

১২। বিচ্ছন্ন+তা= কি?

(ক) বিচ্ছিন্নতা

(খ) বিচ্ছন্ন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিচ্ছিন্নতা

১৩। ভাববোধক অব্যয় কাক বোলে?

(ক) সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

(খ) সন্মতি প্ৰকাশ কৰা অব্যয়ক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ ভিতৰত এটাও নহয়

১৪। ঘৰ যুৰীয়া শব্দ কি?

(ক) দুৱাৰ

(খ) বিচনা

(গ) পাকঘৰ

উত্তৰঃ (ক) দুৱাৰ

১৫। বিশাল+তা= কি?

(ক) বিশাল

(খ) বিশালতা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিশালতা

১৬। প্ৰসাৰ+তা= কি?

(ক) প্ৰসাৰতা

(খ) প্ৰসাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) প্ৰসাৰতা

১৭। জয়ন্ত+ঈয়া= কি?

(ক) জয়ন্ত

(খ) জয়ন্তীয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) জয়ন্তীয়া

১৮। প্ৰশ্নবোধক অব্যয় কাক বোলে?

(ক) সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

(খ) সন্মতি প্ৰকাশ কৰাত ব্যৱহাৰ হোৱা অব্যয়ক

(গ) কোনো কথা সোধা বা প্ৰশ্ন কৰাত ব্যৱহাৰ হোৱা অব্যয়ক

উত্তৰঃ (গ) কোনো কথা সোধা বা প্ৰশ্ন কৰাত ব্যৱহাৰ হোৱা অব্যয়ক

১৯। ভূমিকম্প আহিলে ডাঙৰ গছৰ তলত আশ্ৰয় ল’ব লাগেনে?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নালাগে

২০। ভূমিকম্প আহিলে মুকলি ঠাইলৈ ওলাই আহিব লাগেনে?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) লাগে