Class 7 Science Sankardev School | Chapter 12 | উদ্ভিদৰ প্ৰজনন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

উদ্ভিদৰ প্ৰজনন

১। প্ৰজনন কেইপ্ৰকাৰৰ ?

(ক)দুই প্ৰকাৰৰ

(খ)তিনি প্ৰকাৰৰ

(গ)চাৰি প্ৰকাৰৰ

উত্তৰঃ (খ)তিনি প্ৰকাৰৰ

২। এবিধ মাটিৰ তলত থকা কাণ্ডৰ নাম লিখা ।

(ক)আলু

(খ)কমলা

(গ)আম

উত্তৰঃ (ক)আলু

৩। বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক কি বোলে?

(ক)উদ্ভিদ

(খ)প্ৰজনন

(গ)যৌন

উত্তৰঃ (খ)প্ৰজনন

৪। কিছুমান উদ্ভিদৰ পাত আৰু শিপাতো কি থাকে?

(ক)মুকুল

(খ)কাণ্ড

(গ)সপুষ্পক

উত্তৰঃ (ক)মুকুল

৫। স্ত্ৰীকেশৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক)দুটা

(খ)তিনিটা

(গ)চাৰিটা

উত্তৰঃ (খ)তিনিটা

৬। ফুলৰ ঠিক সোঁমাজত কি অৱস্থিত ?

(ক)স্ত্ৰীকেশৰক

(খ)সূত্ৰ

(গ)ৰেণু

উত্তৰঃ (ক)স্ত্ৰীকেশৰক

৭। গৰ্ভাশয়ৰ ভিতৰত এটা বা ততোধিক কি থাকে ?

(ক)ডিম্বক

(খ)চক্ৰ

(গ)পুংকেশৰ

উত্তৰঃ (ক)ডিম্বক

৮। বীজৰ পাখিত কি অংশ থাকে?

(ক)অসদৃশ

(খ)সদৃশ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)অসদৃশ

৯। মাটিৰ তলত থকা কাণ্ডক কি বোলে?

(ক)নিষেচন বোলে

(খ)মৃদ্গচ বোলে

(গ)প্ৰজনন বোলে

উত্তৰঃ (খ)মৃদ্গচ বোলে

 ১০। ফুলৰ কেইটা চক্ৰ?

(ক)তিনিটা

(খ)চাৰিটা

(গ)পাঁচটা

উত্তৰঃ (খ)চাৰিটা

১১। কি নামৰ ভেঁকুৰবিধিৰ অংগজ প্ৰজনন মুকুলোদগমৰ দ্বাৰা হয়?

(ক)ৰেণু

(খ)ইষ্ট

(গ)কাণ্ড

উত্তৰঃ (খ)ইষ্ট

১২। কিহৰ দ্বাৰা হোৱা বংশবৃদ্ধিক অযৌন প্ৰজনন বোলে?

(ক)পুংস্তৱকৰ

(খ)ৰেণুৰ

(গ)খণ্ড

উত্তৰঃ (খ)ৰেণুৰ

১৩। পৰাগধানীৰ ভিতৰত থকা পৰাগৰেণুই কি কোষ উৎপন্ন কৰে?

(ক)গৰ্ভাশয় কোষ

(খ)স্ত্ৰীজনন কোষ

(গ)পুংজনন কোষ

উত্তৰঃ (গ)পুংজনন কোষ

১৪। পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনকে কি বোলে?

(ক)গৰ্ভধান বা নিষেচন

(খ)পুংস্তৱক বা স্ত্ৰীস্তৱক

(গ)বৃতি বা দলমণ্ডল

উত্তৰঃ (ক)গৰ্ভধান বা নিষেচন

১৫। পদুম ফুলৰ চকাটোৰ ভিতৰত বীজবোৰ থকা বাবে পানীৰ সোঁতত উটি কি হ’ব পাৰে?

(ক)স্থানান্তৰিত

(খ)প্ৰজনন

(গ)ডিম্বক

উত্তৰঃ (ক)স্থানান্তৰিত

১৬। আগাৰা, বাঘনখী আদিত থকা কাঁইটে জীৱ-জন্তুৰ গাত লাগি ধৰি কি হয়?

(ক)মুকুলোদগমৰ হয়

(খ)দূৰলৈ বিস্তাৰিত হয়

(গ)উদ্ভিদৰ সৃষ্টি হয়

উত্তৰঃ (খ)দূৰলৈ বিস্তাৰিত হয়

১৭। পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাক কি বোলে?

(ক)স্থানান্তৰিত

(খ)পৰাগযোগ

(গ)ডিম্বক

উত্তৰঃ (খ)পৰাগযোগ

১৮। পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক কি কৰে?

(ক)উদ্ভিদৰ পৰিবহণ কৰে

(খ)নলীকা সৃষ্টি কৰে

(গ)স্পৰ্শ কৰে

উত্তৰঃ (গ)স্পৰ্শ কৰে

১৯। ডিম্বকটো ডাঙৰ হৈ কিহৰ সৃষ্টি কৰে?

(ক)স্বপৰাগযোগৰ

(খ)গৰ্ভাশয়

(গ)বীজৰ

উত্তৰঃ (গ)বীজৰ

২০। বীজৰ ভিতৰত ভ্ৰূণটো কি হয় থাকে?

(ক)অসুৰক্ষিত

(খ)সুৰক্ষিত

(গ)ওপৰৰ দুইটা

উত্তৰঃ (খ)সুৰক্ষিত