Class 7 Social Science Sankardev School | Chapter 19 | গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 19

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

১। প্ৰচাৰ ব্য়ৱস্থাক সমাজ আৰু সভ্য়তাৰ কি  বুলি আখ্য়া দিব পাৰি ?

(ক) কাঠী মাপ

(খ) মাপকাঠী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাপকাঠী

২। পৰিৱৰ্তনৰ মূল আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৩। ছপা মাধ্য়মৰ পাছতে যোগাযোগৰ আন এক সক্ৰিয় মাধ্য়ম হৈছে বৈদ্য়ুতিক  মাধ্য়ম।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৪। প্ৰচাৰ মাধ্যমসমূহৰ ভিতৰত অন্য়তম মাধ্য়ম হৈছে কি?

(ক) গনমাধ্য়ম

(খ) গণমাধ্য়ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গণমাধ্য়ম

৫। চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ প্ৰধান যোগাযোগৰ মাধ্য়ম হৈছে প্ৰচাৰ মাধ্য়মসমূহ ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৬। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াই  গোটেই পৃথিৱীখনকে মানুহৰ নিচেই ওচৰ চপাই।  

(ক) আনিছে

(খ) নাইঅনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আনিছে

৭। বিশাল পৃথিৱীখনক আজি এখন কি বুলি কোৱা হয়?

(ক) গোলকীয় ঠাই

(খ) গোলকীয় গাঁও

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গোলকীয় গাঁও

৮। ভৰতবৰ্ষই স্বাধীনতা লাভ কৰে কিমান চনৰ কিমান তাৰিখে?

(ক) ১৯২০ চনৰ ১২ মে’

(খ) ১৯৪৭ চনৰ ১৫ আগষ্টত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্টত

৯। কি ব্য়ৱস্থাক সমাজ আৰু সভ্যতাৰ মাপকাঠী বুলি আখ্যা দিব পাৰি ?

(ক) প্ৰচাৰ ব্য়ৱস্থাক

(খ) গণতান্ত্ৰিক ব্য়ৱস্থাক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰচাৰ ব্য়ৱস্থাক

১০। কিমান শতিকাত ছপাশাল আৱিষ্কাৰ কৰা হৈছিল ?

(ক) ১৮শ শতিকাত

(খ) ১৭শ শতিকাত

(গ) ১৬শ শতিকাত

উত্তৰঃ (গ) ১৬শ শতিকাত

১১। ছপা মাধ্যমৰ পাছতে যোগাযোগৰ আন এক সক্ৰিয় মাধ্যম হৈছে ___________ ।

(ক) বাতৰি কাকত

(খ) বৈদ্যুতিক মাধ্যম

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) বৈদ্যুতিক মাধ্যম

১২। প্ৰচাৰ মাধ্যম প্ৰধানত কেই প্ৰকাৰৰ ?

(ক) সাত প্ৰকাৰৰ

(খ) পাঁচ প্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

উত্তৰঃ (গ) দুই প্ৰকাৰৰ

১৩। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

(ক) আব্দুল কালামে

(খ) চাৰ্লছ বেবেজে

(গ) হোমী জাহাংগীৰ ভাবাই

উত্তৰঃ (খ) চাৰ্লছ বেবেজে

১৪। অসমীয়াত কম্পিউটাৰক কি বুলি কোৱা হয় ?

(ক) পৰিকলন যন্ত্ৰ

(খ) টেলিভিছন

(গ) প্ৰচাৰ মাধ্যম

উত্তৰঃ (ক) পৰিকলন যন্ত্ৰ

১৫। ১৯৪২ চনত কোন দলে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে ?

(ক) বিজেপি দলে

(খ) কংগ্ৰেছ দলে

(গ) এটাও নহয়

উত্তৰঃ (খ) কংগ্ৰেছ দলে

১৬। তলৰ ছবিখনত থকা মহিলাগৰাকী কোন ?

(ক) কনকলতা বৰুৱা

(খ) কস্তুৰোবা গান্ধী

(গ) নেতাজী সুভাসচন্দ্ৰ বসু

উত্তৰঃ (ক) কনকলতা বৰুৱা

১৭। গণতন্ত্ৰত চৰকাৰ হৈছে জনসাধাৰণৰ __________ ।

(ক) নাগৰিক

(খ) ক্ষমতা

(গ) প্ৰতিনিধি

উত্তৰঃ (গ) প্ৰতিনিধি

১৮। ১৯৭০ৰ দশকত পৰিৱেশ প্ৰতিৰক্ষাৰ কাৰণে গছ-গছনি কটা ৰোধ কৰিবলৈ কি আন্দোলনৰ জন্ম হৈছিল ?

(ক) চিপ্কো আন্দোলন

(খ) স্বাধীনতা আন্দোলন

(গ) বনাঞ্চল সুৰক্ষাৰ আন্দোলন

উত্তৰঃ (ক) চিপ্কো আন্দোলন

১৯। প্ৰচাৰ মাধ্যমসমূহ কি হোৱাটো বাঞ্চনীয় ?

(ক) সত্যনিষ্ঠ

(খ) নিৰপেক্ষ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

২০। জনসাধাৰণৰ সচেতনতা বৃদ্ধিয়ে কি সবল কৰে ?

(ক) দেশৰ মন্ত্ৰীসভা

(খ) গণতন্ত্ৰক

(গ) এটাও নহয়

উত্তৰঃ (খ) গণতন্ত্ৰক

Type: Pompi Hazarika