Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 2 | দেউৰীসকল | MCQs Short Question Answer |

Chapter 2

দেউৰীসকল

1) দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত ?

ক) দুটা ভাগত

খ) ছয় টা ভাগত

গ) চাৰিটা ভাগত

উত্তৰঃ গ) চাৰিটা ভাগত


2) পাত-শদিয়াত থকা লোকসকলক কি বুলি কোৱা হয় ?
ক) পাতদিয়া বুলি
খ) পাতৰগঞা বুলি
গ)  বৰগঞা
উত্তৰঃ খ) পাতৰগঞা বুলি

3) কিমান চনত অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে ?
ক) ২০০৫ চনৰ ২৮ জানুৱাৰীত
খ) ১৯০৩ চনত
গ) ২০১০ চনত
উত্তৰঃ ক) ২০০৫ চনৰ ২৮ জানুৱাৰীত

4) ‘কুন্দিমামা’ মানে কি ?
ক) ভগৱান
খ) ‘কুন্দি’ মানে পুৰুষ পৰমেশ্বৰ আৰু ‘মামা’ মানে প্ৰকৃতি
গ)  ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ খ) ‘কুন্দি’ মানে পুৰুষ পৰমেশ্বৰ আৰু ‘মামা’ মানে প্ৰকৃতি

৫) দেউৰীসকলে তাহানিৰ পৰা কিহেৰে ঘৰ সাজি বসবাস কৰিছিল ?
ক) বালি, চিমেণ্ট, ইটা আদিৰে
খ) কাঠ, বাহঁ, বেত আৰু খেৰেৰে
গ)  গুহাত বাস কৰিছিল
উত্তৰঃ খ) কাঠ, বাহঁ, বেত আৰু খেৰেৰে

৬) জননেতা ভীমবৰ দেউৰীৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯০৩ চনৰ ১৬ মে’ত
খ) ১৯৪০ চনত
গ) ১৯৩১ চনৰ ১ জুনত
উত্তৰঃ ক) ১৯০৩ চনৰ ১৬ মে’ত

৭) ১৯৪৭ চনৰ ৩০ নবেম্বৰত কোনে শেষ নিশ্বাস ত্য়াগ কৰে ?
ক) ৰাধাকান্ত দেউৰীয়ে
খ) শ্ৰীচন্দ্ৰ সিং দেউৰীয়ে
গ) ভীমবৰ দেউৰীয়ে
উত্তৰঃ গ) ভীমবৰ দেউৰীয়ে

৮)  ৰাধাকান্ত দেউৰীৰ ক’ত জন্ম পাইছিল ?

ক) লক্ষীমপুৰত
খ) লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত
গ) কোকৰাঝাৰত

উত্তৰঃ খ) লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত

৯) বৰ্গৰাম দেউৰী কেতিয়া কামৰূপ একাডেমী বিদ্য়ালয়ত শিক্ষকতা কৰিছিল ?

ক) গুৱাহাটী বিশ্ববিদ্য়ালয়ত পঢ়ি থকা কালত

খ) পঢ়ি শেষ হোৱৰ পিছত

গ)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) গুৱাহাটী বিশ্ববিদ্য়ালয়ত পঢ়ি থকা কালত

১০) সমাজসেৱক শ্ৰীচন্দ্ৰ সিং দেউৰী হাইস্কুল শিক্ষা ক’ত গ্ৰহণ কৰিছিল ?

ক) নগাওঁত

খ) যোৰহাটত

গ) গুৱাহাটীত

উত্তৰঃ খ) যোৰহাটত