Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 3 | নেপালীভাষী গোৰ্খাসকল | MCQs Short Question Answer |

Chapter 3

নেপালীভাষী গোৰ্খাসকল

1) সাম্প্ৰতিক সময়ত ভাৰতৰ ‘নেপালীভাষী’ লোকক কি নামাৰে জনা যায় ?

ক) তামাং

খ) গোৰ্খা

গ) ৰাই

উত্তৰঃ খ) গোৰ্খা


2) ২০১১ চনৰ লোকপ্ৰিয়লৰ তথ্য়মতে অসমৰ নেপালীভাষী লোকৰ সংখ্য়া কিমান ?
ক) ৭, ৩৫, ১৯৮ গৰাকী
খ)  ২, ২৯, ৮০০ গৰাকী
গ)  ৫, ৯৬, ২১০ গৰাকী
উত্তৰঃ গ)  ৫, ৯৬, ২১০ গৰাকী

3) কিমান খ্ৰী.পূ. ৰ পৰা অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল ?
ক) ৩১৩৯ খ্ৰী.পূ.
খ) ৩০১৫ খ্ৰী.পূ.
গ) ৩০২৯ খ্ৰী.পূ.
উত্তৰঃ ক) ৩১৩৯ খ্ৰী.পূ.

4)  প্ৰাগজ্য়োতিষপুৰৰ ৰজা নৰকে ক’ত জন্ম গ্ৰহণ কৰিছিল ?
ক) যোৰহাটত
খ) বৰদোৱাত
গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত
উত্তৰঃ গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত

5) ‘নেপালী সত্ৰ’ কোনে স্থাপন কৰিছিল ?
ক) ছবিলাল উপাধ্য়ায়ে
খ) ৰতিকান্ত উপাধ্য়ায়ে
গ) দলবীৰ সিং লোহাৰ
উত্তৰঃ খ) ৰতিকান্ত উপাধ্য়ায়ে

6) কাৰ আহ্বানত স্বৰাজোত্তৰ লোকপিয়লত অধিকাংশ নেপালীভাষীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি লিখিছিল ?
ক) ভক্ত বাহাদুৰ প্ৰধান
খ) প্ৰসাদ সিং চুব্বা
গ) অম্বিকাগিৰী ৰায় চৌধুৰী
উত্তৰঃ গ) অম্বিকাগিৰী ৰায় চৌধুৰী

7) ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱটোৰ নাম কি ?
ক) তিহাৰ
খ) বড়া দশৈ
গ) তীজ
উত্তৰঃ ক) তিহাৰ

8)  ছবিলাল উপাধ্য়ায়ৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯১৫ চনৰ ২৬ জানুৱাৰীত
খ) ১৮৮২ চনৰ ১২ মে’ত
গ) ১৯১৫ চনৰ ১৫ মাৰ্চত 
উত্তৰঃ খ) ১৮৮২ চনৰ ১২ মে’ত

9) ১৯৬৯ চনৰ ২৯ জুলাই তাৰিখে কাৰ মৃত্য়ু হৈছিল ?
ক) দলবাৰী সিং লোহাৰ
খ) হৰিপ্ৰসাদ গোৰ্খা ৰাই
গ) ছবিলাল উপাধ্য়ায়
উত্তৰঃ ক) দলবাৰী সিং লোহাৰ

10) হৰিপ্ৰসাদ গোৰ্খা ৰাই ৰ পিতৃ-মাতৃৰ নাম কি ?
ক) কুসুম্বৰ ভূঞা আৰু সত্য়সন্ধা
খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই
গ)  ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই