Class 10 Assamese Chapter 13 | কানাইৰ চাতুৰী | MCQs Short Question Answer SEBA School

Chapter 13

কানাইৰ চাতুৰী

1)  কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

(ক) গোপ শিশুয়ে

(খ) গোপিনী সকলে

(গ) কৃষ্ণৰ বাপেকে

উত্তৰঃ (ক) গোপ শিশুয়ে

2) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
(ক) চাৰি পাঁচ দিন
(খ) সাত আঁঠ দিন
(গ) দুই তিনি দিন
উত্তৰঃ (ক) চাৰি পাঁচ দিন

3) কানাইৰ চাতুৰী পাঠটোৰ ৰচক কোন?
(ক) শ্ৰী শ্ৰী শংকৰদেৱ
(খ) শ্ৰী মাধৱ কন্দলী
(গ) শ্ৰীধৰ কন্দলী
উত্তৰঃ (গ) শ্ৰীধৰ কন্দলী

4)  কি ৰূপ ধৰি দেৱতাসকলক অমৃত খুৱাইছিল?
(ক) চতুৰ্ভুজ ৰূপ
(খ) মোহনী ৰূপ
(গ) নৰসিংহ ৰূপ
উত্তৰঃ (খ) মোহনী ৰূপ

5)  তিনি ভুৱন কোনে স্ৰজিছে?
(ক) কৃষ্ণই
(খ) যশোদাই
(গ) ব্ৰহ্মাই
উত্তৰঃ (ক) কৃষ্ণই

6)  কি ৰূপ ধাৰণ কৰি কৃষ্ণই বালিক ছলনা কৰিছিল?
(ক) শ্ৰী ৰাম ৰূপ
(খ) বামন ৰূপ
(গ) বৰাহ ৰূপ
উত্তৰঃ (খ) বামন ৰূপ

7)  কংস কৃষ্ণৰ লগত কি সম্বন্ধ?
(ক) মামা ভাগিনৰ সম্বন্ধ
(খ) খুড়া ভতিজা সম্বন্ধ
(গ) ককা নাতি সম্বন্ধ

উত্তৰঃ (ক) মামা ভাগিনৰ সম্বন্ধ

8)  কবিতাটোত কাঠবাঁজী বুলি কাক কোৱা হৈছিল?
(ক) কৃষ্ণক
(খ) যশোদাক
(গ) নন্দক
উত্তৰঃ (খ) যশোদাক

9) কানাইৰ চাতুৰী পাঠটি কোন পুথিৰ দ্বিতীয় অংশটো তুলি দিয়া হৈছে?
(ক) কাণখোৱা পুথিৰ পৰা
(খ) ঘুনুচা কীৰ্ত্তন পুথিৰ পৰা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) কাণখোৱা পুথিৰ পৰা

10)  কাৰ ভৰিৰ নখে পৃথিৱীৰ ফটুৱাই বাহিৰৰ পৰা গঙ্গাক নমাই আনিছিল ?
(ক) বহ্মাৰ
(খ) শিৱৰ
(গ) কৃষ্ণৰ
উত্তৰঃ (গ) কৃষ্ণৰ

11)  কপিল মুনিৰ মাকৰ নাম কি ?
(ক) পাৰ্বতী
(খ) দেৱহুতি
(গ) যশোদা
উত্তৰঃ (খ) দেৱহুতি

12)  কি বাঁহী বজায় কৃষ্ণৰ ওঠ ফাটি তেজ ওলাই আহে?
(ক) বাহঁৰ
(খ) কাঠৰ
(গ) সোণৰ
উত্তৰঃ (ক) বাহঁৰ

13)  হাৰলি শব্দৰ অৰ্থ কি?
(ক) মাত
(খ) আহি
(গ) অতি মৰমৰ
উত্তৰঃ (গ) অতি মৰমৰ

14)  ব্ৰহ্মা কৰ পৰা উপজিছিল?
(ক) নাভিৰ পৰা
(খ) কাণৰ পৰা
(গ) মুখৰ পৰা

উত্তৰঃ (ক) নাভিৰ পৰা

15)  কৃষ্ণই কি ভাত খাই গৰু চাৰি ফুৰে?
(ক) গৰম ভাত
(খ) জকৰা ভাত
(গ) কৰকৰা ভাত
উত্তৰঃ (গ) কৰকৰা ভাত

16)  কৃষ্ণই কাক বেদ পঢ়াই তত্ত্বজ্ঞান দিছিল?
(ক) ব্ৰহ্মাক
(খ) শিৱক
(গ) লক্ষীক
উত্তৰঃ (ক) ব্ৰহ্মাক

17)  কৃষ্ণই কাক দেখিলে জীউ উৰি যায়?
(ক) মোমায়েকক
(খ) মাকক
(গ) বাপেকক
উত্তৰঃ (খ) মাকক

18)  কৃষ্ণই মাকক ধন বিলাক ক’ত থব দিছিলে?
(ক) গাতত পুতি থব
(খ) ভৰাঁলত থব
(গ) বাকচত থব
উত্তৰঃ (ক) গাতত পুতি থব

19)  বিগুটিয়া শব্দৰ  অৰ্থ কি?
(ক) তৎক্ষণাৎ
(খ) ছলনা কৰা
(গ) ঠাট্টা কৰা
উত্তৰঃ (গ) ঠাট্টা কৰা

20) পুহাইল শব্দৰ আধুনিক ৰূপ কি?
(ক) পুৱাল
(খ) পুৱা
(গ) খেলা
উত্তৰঃ (ক) পুৱাল