Class 10 General Science Chapter 15 | আমাৰ পৰিৱেশ | MCQs Short Question Answer SEBA School |

Chapter 15

আমাৰ পৰিৱেশ

১। স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় কিমান সৌৰশক্তি ধৰি ৰাখিব পাৰে?

(ক) 10%

(খ) 20%

(গ) 30%

উত্তৰঃ (ক) 10%

২। জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে কিমান প্ৰবাহিত হয়?

(ক) 30%

(খ) 20%

(গ) 10%

উত্তৰঃ (গ) 10%

৩। কোনো পৰিস্থিতি তন্ত্ৰৰ একেবাৰে তলৰ স্তৰৰ জীৱৰ সংখ্যা অধিক হয়, সেইখিনিককি বুলি কোৱা হয়?

(ক) উৎপাদক

(খ) উৎসেচক

(গ) উমান

উত্তৰঃ (ক) উৎপাদক

৪। অ’জ’নৰ অণুটো অক্সিজেনৰ কেইটা পৰমাণুৰে গঠিত?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

৫। মানুহৰ দেহৰ ছালৰ কৰ্কত ৰোগৰ কাৰণ হ’ল সূৰ্যৰ পৰা নিৰ্গত-

(ক) অতি বগা ৰশ্মি

(খ) অতি ৰঙা ৰশ্মি

(গ) অতি বেঙুণীয়া ৰশ্মি

উত্তৰঃ (গ) অতি বেঙুণীয়া ৰশ্মি

৬।কিমান চনত বায়ুমণ্ডলত অ’জ’নৰ পৰিমাণ হঠাতে কমি গৈছিল?

(ক) 1975 চনত

(খ) 1980 চনত

(গ) 1990 চনত

উত্তৰঃ (খ) 1980 চনত

৭। তলত কোনটোৱে খাদ্য শৃংখল গঠন কৰে?

(ক) ঘাঁহ, ঘেঁহু আৰু আম

(খ) ছাগলী, গৰু আৰু হাতী

(গ) ঘাঁহ, ছাগলী আৰু মানুহ

উত্তৰঃ (গ) ঘাঁহ, ছাগলী আৰু মানুহ

৮। অ’জ’নবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা কিহৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হয়?

(ক) অক্সিজেন আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত

(খ) হাইড্ৰ’জেন আৰু অতি ৰঙা ৰশ্মিৰ মাজত

(গ) ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত

উত্তৰঃ (ক) অক্সিজেন আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত

৯। UNEP ৰ সম্পূৰ্ণ নাম কি?

(ক) United Nations Environment programme

(খ) United National Entroduce programme

(গ) United Nations Environment post

উত্তৰঃ (ক) United Nations Environment programme

১০। UV ৰ সম্পৰ্ণ নাম কি?

(ক) United Volt

(খ) Ultra violet

(গ) United violet

উত্তৰঃ (খ) Ultra violet

১১। আমাৰ দেহৰ ভিতৰত কিহৰ বাবে পাচন ঘটে?

(ক) বিভিন্ন উপাদানৰ বাবে

(খ) বিভিন্ন খাদ্যৰ অনুসৰি

(গ) বিভিন্ন উৎসেচকৰ বাবে

উত্তৰঃ (গ) বিভিন্ন উৎসেচকৰ বাবে

১২। যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তাক কি বোলে?

(ক) জীৱ উচ্চকৰণ পদাৰ্থ

(খ) জীৱ ৰক্ত পদাৰ্থ

(গ) জীৱ নিম্নিকৰণ পদাৰ্থ

উত্তৰঃ (গ) জীৱ নিম্নিকৰণ পদাৰ্থ

১৩। তলৰ কোনটো অ’জন স্তৰৰ অৱক্ষয় সৈতে জড়িত?

(ক) ক্ল’ৰ’ফ্লৰ’কাৰ্বন

(খ) মিথেন

(গ) নাইট্ৰাছ আ’ইড

উত্তৰঃ (ক) ক্ল’ৰ’ফ্লৰ’কাৰ্বন

১৪। পৰিৱেশৰ পৰা পোষক দ্ৰৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰিছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১৫। পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবহন-

(ক) দ্বিমুখী

(খ) একমুখী

(গ) বহুমুখী

উত্তৰঃ (খ) একমুখী

১৬। খাদ্য শৃংখলত, দ্বিতীয় স্তৰত তলৰ কোনটো পোৱা য়ায়?

(ক) তৃণভোজী

(খ) বিয়োজক

(গ) মাংসভোজী

উত্তৰঃ (ক) তৃণভোজী