Class 10 General Science Chapter 5 | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | MCQs Short Question Answer SEBA School |

Chapter 5

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

১। ১৮০০ চনত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল?

(ক) ১১৪টা

(খ) ৩০টা

(গ) ১২০টা

উত্তৰঃ (খ) ৩০টা

২। ক্ল’ৰিণৰ পাৰমানৱিক ভৰ কিমান?

(ক) ৩৫.৫

(খ) ১৪.০

(গ) ১৬.০

উত্তৰঃ (ক) ৩৫.৫

৩। নিউলেণ্ডছৰ সময়ছোৱাত কিমানটা মৌল আছিল?

(ক) ৬০টা

(খ) ৪৮টা

(গ) ৫৬টা

উত্তৰঃ (গ) ৫৬টা

৪। লিথিয়ামৰ পাছৰ অষ্টম মৌলটো কি?

(ক) মেগনেছিয়াম

(খ) ছডিয়াম

(গ)মাৰাকিউৰী

উত্তৰঃ (খ) ছডিয়াম

৫। অষ্টক সূত্ৰটো কোনে সজাইছিল?

(ক) জ’হান ওলফগেং ড’বাৰেনাই

(খ) নিউলেণ্ডছে

(গ) মেণ্ডেলিভে

উত্তৰঃ (খ) নিউলেণ্ডছে

৬। ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভৰ দিনত কিমান মৌল আছিল?

(ক) ৩০টা

(খ) ৫৬টা

(গ) ৬৩টা

উত্তৰঃ (গ) ৬৩টা

৭। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানিৰ এখন জাৰ্নেলত কিমান চনত প্ৰকাশ পাইছিল?

(ক)১৮৭২ চনত

(খ) ১৯০০ চনত

(গ) ১৮৮৯ চনত

উত্তৰঃ (ক)১৮৭২ চনত

৮। ১৯১৩ চনত কোনে মৌল এটাৰ পাৰমানৱিক সংখ্যা তাৰ পাৰমানৱিক ভৰতকৈ অধিকতৰ মৌলিক বুলি প্ৰমাণ কৰিছিল?

(ক) মেণ্ডেলিভে

(খ) হেনৰী ম’জলে

(গ) জ্যোতিষ কাকতি

উত্তৰঃ (খ) হেনৰী ম’জলে

৯। আধুনিক পৰ্যাবৃত্ত তালিকাখনত কেইটা থিয় স্তম্ভ থাকে?

(ক) ১৮টা

(খ) ৭টা

(গ) ২৪টা

উত্তৰঃ (ক) ১৮টা

১০। ইলেক্ট্ৰনীয় বিন্যাসত প্ৰথম কক্ষটোৰ নাম কি?

(ক) K

(খ) P

(গ) M

উত্তৰঃ (ক) K

১১। সাধাৰণতে K কক্ষটোত কিমানটা ইলেক্ট্ৰন থাকে?

(ক) ২টা

(খ) ৮টা

(গ) ১৮টা

উত্তৰঃ (খ) ৮টা

১২। হাইড্ৰ’জেনৰ পাৰমানৱিক ভৰ কিমান?

(ক) ৩৫.৫

(খ) ১

(গ) ২

উত্তৰঃ (খ) ১

১৩। বহিৰতম কক্ষত এটা ইলেক্ট্ৰন থকা এটা মৌলৰ নাম কি?

(ক) ক্ল’ৰিণ

(খ) হাইড্ৰ’জেন

(গ) কেলছিয়াম

উত্তৰঃ (খ) হাইড্ৰ’জেন

১৪।বহিৰতম কক্ষটো ইলেক্ট্ৰন পৰিপূৰ্ণ হৈ থকা এটা মৌলৰ নাম কি?

(ক) লিথিয়াম

(খ) হিলিয়াম

(গ) মেগনেছিয়াম

উত্তৰঃ (খ) হিলিয়াম

১৫। কোনটো মৌলৰ ২,৮,২ ইলেক্টনীয় বিন্যাস আছে?

(ক) H₂

(খ) Na

(গ) Mg

উত্তৰঃ (গ) Mg

১৬। কোনটো মৌলৰ প্ৰথম কক্ষৰ দুগুন ইলেক্ট্ৰন আছে?

(ক) Mg

(খ) C

(গ) Na

উত্তৰঃ (খ) C

১৭। পৰমানু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস ২,৮,৭ হ’লে তাৰ পৰমানুৰ সংখ্যা কিমান?

(ক) ১৬

(খ) ১৭

(গ) ১৮

উত্তৰঃ (খ) ১৭

১৮। Ca ৰ পাৰমানৱিক সংখ্যা কি?

(ক) ১৭

(খ) ১১

(গ) ২০

উত্তৰঃ (গ) ২০

১৯। ছডিয়ামৰ সংকেট কি?

(ক) Mg

(খ) Na

(গ) Si

উত্তৰঃ (খ) Na

২০। ক্ল’ৰিণৰ ইলেক্ট্ৰনীয় বিন্যাস কি?

(ক) ২,৮,৭

(খ) ২,৮,১

(গ) ২,৮,২

উত্তৰঃ (ক) ২,৮,৭