Class 12 Economics ব্য়ষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়। Chapter 6 | অ-প্ৰতিযোগিতামূলক বজাৰ  MCQs Short Question Answer | 

Chapter 6

অ-প্ৰতিযোগিতামূলক বজাৰ

১) যি বজাৰ গাঁথনিত মাত্ৰ এজন বিক্ৰেতা থাকে তাক কি বোলে ?  

ক) হাত বজাৰ ।

খ) একচেটিয়া বজাৰ ।

গ) এচেটিয়া ব্য়ৱসায়ী ।

উত্তৰঃ খ) একচেটিয়া বজাৰ ।

২) দাম কি ?

ক) বিক্ৰীৰ পৰিমাণৰ এটা ক্ৰমহ্ৰাসমান ফলনৰ ।

খ) বস্তু কিনা বেচা কৰা ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) বিক্ৰীৰ পৰিমাণৰ এটা ক্ৰমহ্ৰাসমান ফলনৰ ।

৩) একচেটিয়া প্ৰতিষ্ঠানটোৱে ইয়াৰ সামগ্ৰী কি দামত বিক্ৰী কৰিব ইচ্ছা কৰে তাৰ সিদ্ধান্ত ল’ব পাৰে নে নোৱাৰে ?

ক) নোৱাৰে ।

খ) পাৰে ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) পাৰে ।

৪) চাহিদা ফলনৰ সমীকৰণটো হ’ল-  

ক) q = 20 – 2p

খ) p = 10 – 0.5q

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) q = 20 – 2p

৫) একচেটিয়া প্ৰতিষ্ঠানৰ বাবে বজাৰ চাহিদা ৰেখাই হ’ল ——। 

ক) মুঠ বিক্ৰী আয় ৰেখা ।

খ) গড় বিক্ৰী আয় ৰেখা ।

গ) প্ৰান্তিক বিক্ৰী আয় ৰেখা ।

উত্তৰঃ খ) গড় বিক্ৰী আয় ৰেখা ।

৬) প্ৰান্তিক বিক্ৰী আয় ৰেখাৰ মানবোৰ কোনডাল ৰেখাৰ পৰা পোৱা যায় ?

ক) গড় বিক্ৰী আয় ৰেখা ।

খ) মুঠ বিক্ৰী আয় ৰেখা ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ খ) মুঠ বিক্ৰী আয় ৰেখা ।

৭) চাহিদা ৰেখা এডাল এটা বিন্দুত কি বুলি কোৱা হয় ? 

ক) স্থিতিস্থাপকতা ।

খ) ৰেখা একক ।

গ) গড় বিক্ৰী আয় ৰেখা ।

উত্তৰঃ ক) স্থিতিস্থাপকতা ।

৮) এটা বিশেষ সামগ্ৰীৰ বজাৰ যদি এজনতকৈ বেছি বিক্ৰেতাৰ দ্বাৰা গঠিত হয় কিন্তু বিক্ৰেতাৰ সংখ্য়া কম, তেতিয়া তাক কি বুলি কোৱা হয় ?

ক) দ্বয়াধিকাৰ ।

খ) স্বল্পাধিকাৰ ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ খ) স্বল্পাধিকাৰ ।

৯) স্বল্পাধিকাৰৰ এটা বিশেষ অৱস্থা য’ত মুঠতে দুজন বিক্ৰেতা থাকে তাক কি বোলি কোৱা হয় ?

ক) দ্বয়াধিকাৰ ।

খ) স্বল্পাধিকাৰ ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) দ্বয়াধিকাৰ ।

১০) একচেটিয়া প্ৰতিষ্ঠানৰ হ্ৰস্বকালীন যোগাত্মক লাভ দীৰ্ঘকাললৈ বৰ্তি থাকে । বাক্য়টো শুদ্ধ নে ? 

ক) শুদ্ধ ।

খ) অশুদ্ধ ।

গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ ক) শুদ্ধ ।