Class 6 Social Science SCERT | Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

সৌৰজগতত আমাৰ পৃথিৱী

১। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ কিমান?

a) ৩০০০ ডিগ্ৰী চেলচিয়াছ

b) ৬০০০ ডিগ্ৰী চেলচিয়াছ

c) ৫০০০ ডিগ্ৰী চেলচিয়াছ

উত্তৰঃ b) ৬০০০ ডিগ্ৰী চেলচিয়াছ

২। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কি?

a) শুক্ৰ গ্ৰহ

b) বুধ গ্ৰহ

c) শনি গ্ৰহ

উত্তৰঃ b) বুধ গ্ৰহ

৩। পুৱতি ভোটা তৰা বুলি কি গ্ৰহক কোৱা হয়? 

a) মঙ্গল গ্ৰহক
b) বৃহস্পতি গ্ৰহক
c) শুক্ৰ গ্ৰহক

উত্তৰঃ c) শুক্ৰ গ্ৰহক

৪। কিমান চনত গেলিলিঅই দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যৱেক্ষণ কৰিছিল?
a) ১৬০৫ চনত
b) ১৬০৯ চনত
c) ১৬০২ চনত
উত্তৰঃ b) ১৬০৯ চনত

৫। চন্দ্ৰত পদাপৰ্ণ কৰা প্ৰথমজন মানৱ কোন আছিল?
a) গেলিলিঅ
b) নীল আৰ্মষ্ট্ৰং
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) নীল আৰ্মষ্ট্ৰং

৬। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?
a) বুধ
b) শনি
c) শুক্ৰ
উত্তৰঃ c) শুক্ৰ

৭। সৌৰজগতৰ বৃহত্তম গ্ৰহ কি?a) শনি
b) বৃহস্পতি
c) বুধ

উত্তৰঃ b) বৃহস্পতি

৮। মঙ্গল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
a) ২২৫ দিন 
b) ৮৪ দিন
c) ৬৮৭ দিন
উত্তৰঃ c) ৬৮৭ দিন 

৯। কিমান চনলৈ প্লুটোক গ্ৰহটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল?

a) ২০০২ চনলৈ

b) ২০০৬ চনলৈ
c) ২০০৯ চনলৈ
উত্তৰঃ b) ২০০৬ চনলৈ
 

১০। পৃথিৱীৰ আনুমানিক বয়স কিমান নিযুত বছৰ?
a) ৪৫০০ নিযুত বছৰ
b) ৪২০০ নিযুত বছৰ
c) ৪৯০০ নিযুত বছৰ

উত্তৰঃ a) ৪৫০০ নিযুত বছৰ

১১। ইউৰেনাছ গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ কিমান (কিঃ মিঃ)?
a) ১৪২,৮০০ কিঃ মিঃ
b) ৪৯,৭০০ কিঃ মিঃ
c) ৪,৯৮০ কিঃ মিঃ
উত্তৰঃ b)  ৪৯,৭০০ কিঃ মিঃ

১২। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান?
a) ১৬ টা
b) ২ টা
c) ৩০ টা
উত্তৰঃ c) ৩০ টা

১৩। কোনটো গ্ৰহৰ আঙঠিৰ সৌন্দৰ্য বেছি?
a) ইউৰেনাছ গ্ৰহৰ
b) শনি গ্ৰহৰ
c)  বৃহস্পতি গ্ৰহৰ
উত্তৰঃ b) শনি গ্ৰহৰ

১৪। বৃহস্পতি গ্ৰহৰ আয়তন কিমান গুণ?
a) ১৩১৭ গুণ
b) ১১০৭ গুণ
c) ১৪০৩ গুণ
উত্তৰঃ a) ১৩১৭ গুণ

১৫।  সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ কি?
a) বুধ গ্ৰহ
b) পৃথিৱী গ্ৰহ
c) শনি গ্ৰহ
উত্তৰঃ c) শনি গ্ৰহ

১৬। সূৰ্যৰ বয়স কিমান?
a) ২০০ কোটি বছৰ
b)৫০০কোটি বছৰ
c) ৯০০ কোটি বছৰ
উত্তৰঃ b)৫০০কোটি বছৰ

১৭। সূৰ্য এটা কি?
a) উপগ্ৰহ
b) নক্ষত্ৰ
c) গ্ৰহ
উত্তৰঃ b) নক্ষত্ৰ

১৮। শনি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
a) ১১ বছৰ
b) ১৬৪ বছৰ
c) ২৯ বছৰ
উত্তৰঃ c) ২৯ বছৰ

১৯। শনি গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ কিমান (কিঃ মিঃ)?
a) ১২০,৫০০ কিঃ মিঃ
b) ৬,৭৫০ কিঃ মিঃ
c)  ১২,৭৪০ কিঃ মিঃ
উত্তৰঃ a) ১২০,৫০০ কিঃ মিঃ

২০। মঙ্গল গ্ৰহৰ উপগ্ৰহৰ সংখ্যা?
a) ১৬ টা 
b) ২ টা
c) ৭ টা
উত্তৰঃ b) ২ টা