Class 6 Social Science SCERT | Chapter 13 |  বৈদিক সভ্যতা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

  বৈদিক সভ্যতা

১। সুকন্যাই গুৱাহাটীৰ কাৰ ঘৰলৈ ফুৰিবলৈ গৈছিল?

ক) মোমায়েকৰ ঘৰলৈ

খ) বান্ধৱীৰ ঘৰলৈ

গ) খুৰাকৰ ঘৰলৈ

উত্তৰঃ ক) মোমায়েকৰ ঘৰলৈ

২। সুকন্যাই কাৰ লগত ফুৰিবলৈ গৈছিল?

ক) মাকৰ লগত

খ) আইতাকৰ লগত

গ) মোমায়েকৰ লগত

উত্তৰঃখ) আইতাকৰ লগত

৩। কিমান বছৰ আগতে ভাৰতৰ উত্তৰ-পশ্চিম দিশৰ পৰা কিছুমান পশুপালক মানুহে দলে দলে আহি ভাৰত উপ-মহাদেশত সোমাইছিলহি?  

ক) ৩৫০০ বছৰমান আগতে

খ) ৩৬০০ বছৰমান আগতে

গ) ৩৪০০ বছৰমান আগতে

উত্তৰঃক) ৩৫০০ বছৰমান আগতে

৪। আৰ্যসকল প্ৰধানতঃ কি আছিল?

ক) পশুপালক

খ) মাছমৰীয়া

গ) কৃষক

উত্তৰঃক) পশুপালক

৫। আৰ্যসকলে কল্পিত দেৱ-দেৱীৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি ধৰিছিল?

ক) বৰুণক

খ) অগ্নিক

গ) ইন্দ্ৰক

উত্তৰঃগ) ইন্দ্ৰক

৬। বেদ কেইখন?

ক) ৪ খন

খ) ৬ খন

গ) ৫ খন

উত্তৰঃ ক) ৪ খন

৭। স্থানীয় লোকসকলে নিজ অঞ্চলত প্ৰধানকৈ কি কি খেতি কৰিছিল?

ক) ধান আৰু জলকীয়া

খ) জলকীয়া আৰু ঘেঁহু

গ) ঘেঁহু আৰু ধান

উত্তৰঃগ) ঘেঁহু আৰু ধান

৮। যাতায়তৰ বাবে আৰ্যসকলে কি ব্যৱহাৰ কৰিছিল?

ক) গৰু আৰু গৰু গাড়ী

খ) ঘোঁৰা আৰু ঘোঁৰাই টনা ৰথ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ঘোঁৰা আৰু ঘোঁৰাই টনা ৰথ

৯। আৰ্যসকলৰ জীৱিকাৰ প্ৰধান সম্পদ কি?

ক) গৰু

খ) ঘোঁৰা

গ) হাতী

উত্তৰঃক) গৰু

১০। পশুধনৰ ভিতৰত কি আছিল বস্তু বেচা-কিনাৰ মাধ্যম আৰু প্ৰতিপত্তিৰ প্ৰতীক?

ক) গৰু

খ) ঘোঁৰা

গ) হাতী

উত্তৰঃক) গৰু

১১। ছবিখনত কি কৰি থকা দেখা গৈছে?

ক)  বেদ পঢ়ি থকা

খ) যজ্ঞ কৰি থকা

গ) পানী তুলি থকা

উত্তৰঃখ) যজ্ঞ কৰি থকা

১২। কোনে হিন্দু ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ চাৰিখন বেদ ৰচনা কৰিছিল?

ক) হিন্দুসকলে

খ) চীনসকলে

গ) আৰ্যসকলে

উত্তৰঃআৰ্যসকলে

১৩। বৈদিক যুগক কেইটা ভাগত ভাগ কৰা হৈছে?

ক) দুটা

খ) তিনিটা

গ) পাঁচটা

উত্তৰঃদুটা

১৪। কোন প্ৰধানতঃ পশুপালক আছিল?

ক) আৰ্যসকল

খ) হিন্দুসকল

গ)ৰুছিয়াসকল

উত্তৰঃআৰ্যসকল

১৫। নতুনকৈ অহা লোকসকলে সিন্ধু নদীৰ উপত্য়কাত থকা গাঁওবোৰৰ আশে- পাশে কি আৰম্ভ কৰিছিল?

ক) উদ্য়োগ

খ) বসতি

গ) খেতি

উত্তৰঃবসতি

১৬। সিন্ধু নদী আৰু ইয়াৰ ছখন উপনৈ লগলাগি কি নামেৰে পৰিচিত আছিল?

ক) পঞ্চসিন্ধু নামেৰে

খ) ষষ্ঠসিন্ধু নামেমে

গ) সপ্তসিন্ধু নামেৰে

উত্তৰঃসপ্তসিন্ধু নামেৰে

১৭। আদিতে মুখে মুখে চলি অহাৰ বাবে বেদৰ আন এটি নাম কি?

ক) শ্ৰুতি

খ) অগ্নি

গ) ইন্দ্ৰ  

উত্তৰঃশ্ৰুতি

১৮। আৰ্যসকলৰ সমাজ জীৱনত কি যথেষ্ট গুৰুত্ব আছিল?

 ক) চৰাই বলি

খ) যাগ-যজ্ঞ

গ) পশুধনৰ

উত্তৰঃপশুধনৰ

১৯। পশুধনৰ ভিতৰত কি আৰ্যসকলৰ বাবে বেচা-কিনাৰ আধ্য়ম আৰু প্ৰতিপত্তিৰ প্ৰতীক আছিল?

ক) গৰু

খ) ছাগলী

গ) বান্দৰ

উত্তৰঃগৰু

২০। প্ৰাৰম্ভিক আৰ্য সমাজত নাৰীৰ স্থান কি আছিল?

ক) নিচ্চ

খ) উচ্চ

গ) সমান

উত্তৰঃউচ্চ