Class 6 Social Science SCERT | Chapter 15 | নতুন ভাৱৰ উত্থান | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

নতুন ভাৱৰ উত্থান

১। খৃঃ পূঃ কিমান শতিকাত ভাৰতত জৈন ধৰ্মৰ উত্থান হৈছিল?

ক) পঞ্চম শতিকাত

খ) ষষ্ঠ শতিকাত

গ) সপ্তম শতিকাত

উত্তৰঃখ) ষষ্ঠ শতিকাত

২। বৰ্দ্ধমান মহাবীৰে কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্নাসী জীৱন-যাপন কৰিছিল?

ক) ৩৫ বছৰ বয়সত

খ) ৩৭ বছৰ বয়সত

গ) ৩০ বছৰ বয়সত

উত্তৰঃ গ) ৩০ বছৰ বয়সত

৩। সুদীৰ্ঘ কিমান বছৰ কাল তেওঁ কঠোৰ তপস্যাত নিমগ্ন হৈছিল?

ক) ১০ বছৰ কাল

খ) ১১ বছৰ কাল

গ) ১২ বছৰ কাল

উত্তৰঃগ) ১২ বছৰ কাল

৪। মহাবীৰৰ কিমান বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে?

ক) ৭০ বছৰ বয়সত

খ) ৭২ বছৰ বয়সত

গ) ৭৪ বছৰ বয়সত

উত্তৰঃখ) ৭২ বছৰ বয়সত

৫। জৈন ধৰ্মমতে কি মানৱ জীৱনৰ মূল নীতি?

ক) মিলা-প্ৰীতি

খ) আনন্দ

গ) অহিংসা

উত্তৰঃগ) অহিংসা

৬। গৌতম বুদ্ধৰ ল’ৰালিকালৰ নাম কি আছিল?

ক) দিগন্ত

খ) সিদ্ধাৰ্থ

গ) সুমন

উত্তৰঃখ) সিদ্ধাৰ্থ

৭। কিমান বছৰ বয়সত তেখেতে পুত্ৰ-পৰিবাৰক এৰি মানুহৰ সুখ-শান্তিৰ উপায় বিচাৰি ঘৰৰ পৰা ওলাই গ’ল?

ক) ৩১ বছৰ বয়সত

খ) ২৯ বছৰ বয়সত

গ) ২৭ সবছৰ বয়সত

উত্তৰঃখ) ২৯ বছৰ বয়সত

৮। বুদ্ধদেৱৰ পিতৃৰ নাম কি আছিল?

ক) ঋষভ

খ) জিতেন্দ্ৰ

গ) শুদ্ধোধন

উত্তৰঃগ) শুদ্ধোধন

৯। কুশীনাৰা নামৰ ঠাইত কিমান বছৰ বয়সত বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হয়?

ক) ৭০ বছৰ বয়সত

খ) ৮০ বছৰ বয়সত

গ) ৯০ বছৰ বয়সত

উত্তৰঃখ) ৮০ বছৰ বয়সত

১০। সাৰনাথত পোন প্ৰথমে তেওঁৰ মতবাদসমূহ কিমানজন লোকক শুনাইছিল?

ক) পাঁচজন লোকক

খ) তিনিজন লোকক

গ) সাতজন লোকক

উত্তৰঃক) পাঁচজন লোকক

১১। কেইটা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি জৈন মতবাদ গঢ়ি উঠিছিল?

ক) পাঁচটা

খ) চাৰিটা

গ) দুটা

উত্তৰঃক) পাঁচটা

১২। গৌতম বুদ্ধই বোধগয়াত কি লাভ কৰিছিল?

ক) মহা জ্ঞান

খ) দিব্য় জ্ঞান

গ) ধৰ্ম জ্ঞান

উত্তৰঃখ) দিব্য় জ্ঞান

১৩। বৌদ্ধ সংঘ আৰু বৌদ্ধ বিহাৰবোৰে কি প্ৰচাৰত আগভাগ লৈছিল?

ক) দিব্য় জ্ঞান

খ) জৈন ধৰ্ম

গ) বৌদ্ধ ধৰ্ম

উত্তৰঃগ) বৌদ্ধ ধৰ্ম

১৪। বৌদ্ধ আৰু জৈন ধৰ্মৰ বাণীসমূহ সাধাৰণ মানুহে বুজি পোৱাকৈ কি ভাষাত প্ৰচাৰ কৰা হৈছিল?

ক) পালি

খ) সংস্কৃত

গ) অসমীয়া

উত্তৰঃক) পালি

১৫। কোনে যাগ-যজ্ঞ, বলি বিধান, দান-দক্ষিণা আদিৰ পৰিৱৰ্তে সহজ-সৰল ধাৰ্মিক জীৱন যাপনত গুৰুত্ব দিছিল?

ক) গৌতম বুদ্ধই

খ) তুলসী দাসে

গ) মাধৱ দেৱে

উত্তৰঃক) গৌতম বুদ্ধই

১৬। কপিলাবস্তু নামৰ এখন ৰাজ্য়ৰ ৰাজপৰিয়ালত কা জন্ম হৈছিল?

ক) বিম্বিসাৰ

খ) মাধৱ দেৱৰ

গ) গৌতম বুদ্ধৰ

উত্তৰঃগ) গৌতম বুদ্ধৰ

১৭। তেওঁৰ ল’ৰালিকালৰ নাম কি আছিল?

ক) শ্ৱেতাম্বৰ

খ) সিদ্ধাৰ্থ

গ) জ্ঞানী

উত্তৰঃখ) সিদ্ধাৰ্থ

১৮। কোনে বোধগয়া নামৰ ঠাইত তপস্য়া কৰি দিব্য়জ্ঞান লাভ কৰে?

ক) গৌতম বুদ্ধয়ে

খ) অজাতশত্ৰুয়ে

গ) মহাবীৰে

উত্তৰঃক) গৌতম বুদ্ধয়ে

১৯। খৃঃ পূঃ কিমান শতিকাত ভাৰতত জৈন ধৰ্মৰ উত্থান হৈছিল?

ক) প্ৰথম শতিকাত

খ) পঞ্চম শতিকাত

গ) ষষ্ঠ শতিকাত

উত্তৰঃগ) ষষ্ঠ শতিকাত

২০। জৈন প্ৰবাদ মতে কিমান জন তীৰ্থংকৰ বা ধৰ্ম প্ৰচাৰকে জৈন ধৰ্মৰ কথাবোৰ প্ৰচাৰ কৰিছিল?

ক) ২২ জন

খ) ২৩ জন

গ) ২৪ জন

উত্তৰঃগ) ২৪ জন