Class 6 Social Science SCERT | Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 17

আমাৰ মৌলিক প্ৰয়োজনসমূহ

১। ফাৰহানাৰ কিহৰ বিষ হৈছিল?

ক) মূৰৰ বিষ

খ) পেটৰ বিষ

গ) ভৰিৰ বিষ

উত্তৰঃখ) পেটৰ বিষ

২। পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ কি?

ক) বেলেগ বেলেগ

খ) একে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) বেলেগ বেলেগ

৩। দিনটোত দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক কি আহাৰ বোলে?

ক) উপ আহাৰ

খ) মূল আহাৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) মূল আহাৰ

৪। সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ হয় নে নহয়?

ক) হয়

খ) নহয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) নহয়

৫। মৰুভূমি অঞ্চলৰ মানুহে কি সাজি বসবাস কৰে?

ক) চাংঘৰ সাজি

খ) তম্বু সাজি

গ) নৌকাগৃহ সাজি

উত্তৰঃখ) তম্বু সাজি

৬। উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত কি দেখা যায়?

ক) তম্বু

খ) চাংঘৰ

গ) নৌকাগৃহ

উত্তৰঃখ) চাংঘৰ

৭। কি জিলাৰ শুৱালকুছি গাঁৱৰ পাট কাপোৰে দেশ-বিদেশতো সমাদাৰ লাভ কৰিছে?

ক) কামৰূপ (মেট্ৰ) জিলাৰ

খ) কামৰূপ (গ্ৰাম্য) জিলাৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) কামৰূপ (গ্ৰাম্য) জিলাৰ

৮। গ্ৰীষ্মপ্ৰধান অঞ্চলত মানুহে কি কাপোৰ বেছিকৈ ব্যৱহাৰ কৰে?

ক) মুগা কাপোৰ

খ) কপাহী কাপোৰ

গ) পাট কাপোৰ

উত্তৰঃখ) কপাহী কাপোৰ

৯। আৰবৰ অঘৰী বেদুইনবোৰে কি খাই জীৱন-নিৰ্বাহ কৰে?

ক) গৰু মাংস, গাখীৰ আৰু বুট

খ) ছাগলীৰ মাংস, গাখীৰ আৰু বাদাম

গ) উটৰ মাংস, গাখীৰ আৰু খেজুৰ

উত্তৰঃগ) উটৰ মাংস, গাখীৰ আৰু খেজুৰ

১০। জাৰৰ প্ৰকোপ বেছি হোৱা বাবে বিহাৰ, মধ্য প্ৰদেশ আদি ৰাজ্যৰ মানুহে কিহেৰে ঘৰ সাজে?

ক) মাটিৰে ঘৰ সাজে

খ) ইটাৰে ঘৰ সাজে

গ) খেৰেৰে ঘৰ সাজে

উত্তৰঃক) মাটিৰে ঘৰ সাজে

১১। জীৱন-ধাৰণৰ বাবে মানুহক কিহৰ প্ৰয়োজন?

ক) বাসস্থানৰ

খ) পৰিপুষ্টিৰ

গ) বিভিন্ন বস্তুৰ

উত্তৰঃগ) বিভিন্ন বস্তুৰ

১২। মৌলিক প্ৰয়োজনসমূহ পূৰ কৰিবৰ বাবে মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল?

ক) ধনৰ

খ) বাসস্থানৰ 

গ) প্ৰকৃতিৰ

উত্তৰঃগ) প্ৰকৃতিৰ

১৩। দেহৰ শক্তি আৰু পৰিপুষ্টিৰ কাৰণে কি অপৰিহাৰ্য?

ক) খাদ্য়

খ) পানী

গ) ভাত

উত্তৰঃগ) ভাত

১৪। শীত-তাপ, ৰ’দ-বৰষুণ, ধূলি-মাকতি আদিৰপৰা ৰক্ষা পাবলৈ আৰু লজ্জা নিবাৰণৰ বাবে মানুহে কি কৰে?

ক) সাজ-পাৰ পিন্ধে

খ) নৃত্য় কৰে

গ) খাদ্য় খাই

উত্তৰঃক) সাজ-পাৰ পিন্ধে

১৫। কিহে মানুহক আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে?

ক) ঘৰে

খ) বাসস্থানে

গ) জীৱ-জন্তুৱে

উত্তৰঃখ) বাসস্থানে

১৬। কিহে মানুহৰ ৰুচিবোধ আৰু ব্য়ক্তিত্বৰো পৰিচয় দিয়ে?

ক) খাদ্য়য়ে

খ) সাজ-পাৰে

গ) জীৱ-জন্তুৱে

উত্তৰঃখ) সাজ-পাৰে

১৭। কি কালত ঊণৰ কাপোৰৰ প্ৰচলন বেছি?

ক) গ্ৰীষ্ম

খ) শীত

গ) হেমন্ত

উত্তৰঃখ) শীত

১৮। ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে বেলেগ বেলেগ প্ৰকাৰৰ কি সাজে?

ক) ঘৰ

খ) চাংঘৰ

গ) উদ্য়োগ

উত্তৰঃক) ঘৰ

১৯। আৰৱৰ মৰুভূমি অঞ্চলৰ বেদুইনসকলে বালিৰ বতাহৰপৰা ৰক্ষা পাবলৈ কিহেৰে ঘৰ তৈয়াৰ কৰি লয়?

ক) তম্বুৰে

খ) বাঁহেৰে

গ) বৰফৰ টুকুৰাৰে

উত্তৰঃক) তম্বুৰে

২০। কি হিচাপে জীয়াই থাকিবলৈ আমাক বিভিন্ন বস্তুৰ প্ৰয়োজন হয়?

ক) গৰু

খ) মানুহ

গ) খাদ্য়

উত্তৰঃখ) মানুহ