Class 7 Social Science | Chapter 12 | গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ

১) হৰ্ষবৰ্ধন একাধাৰে কি আছিল?

(ক)নৃত্যকাৰ।

(খ)গীতিকাৰ।

(গ)সাহিত্যনুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট।

উত্তৰঃ (গ)সাহিত্যনুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট।

২) গুপ্তসকলৰ পতনৰ পাচত সমগ্ৰ ভাৰবৰ্ষত কিহৰ উত্থান হৈছিল?

(ক)কিছুমান গাওঁৰ উত্থান হৈছিল।

(খ)নগৰৰ উত্থান হৈছিল।

(গ)সৰু সৰু কিছুমান স্বাধীন ৰাজ্যৰ উত্থান হৈছিল।

উত্তৰঃ (গ)সৰু সৰু কিছুমান স্বাধীন ৰাজ্যৰ উত্থান হৈছিল।

৩) হৰ্ষবৰ্ধনক কি নামেৰে জনা যায়?

(ক)উদয়াদিত্য।

(খ)হিউৱেন চাং।

(গ)শিলাদিত্য।

উত্তৰঃ (গ)শিলাদিত্য।

৪) বিন্ধ্য পৰ্বতৰ উত্তৰ অংশক কি বুলি কোৱা হয়?

(ক)উত্তৰ ভাৰত।

(খ)দাক্ষিণাত্য।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)উত্তৰ ভাৰত।

৫) হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কি সমগ্ৰহ কৰিছিল?

(ক)ৰাসায়নিক সাৰ।

(খ)কৰ-কাটল।

(গ)নাঙল।

উত্তৰঃ (খ)কৰ-কাটল।

৬) পল্লৱসকল কেনেকুৱা আছিল?

(ক)চুৰ প্ৰজাতিৰ।

(খ)অতি ধাৰ্মিক।

(গ)শান্ত স্বভাৱৰ।

উত্তৰঃ (খ)অতি ধাৰ্মিক।

৭) ৰাষ্ট্ৰকুটসকলে দাক্ষিণাত্যত কিমান বছৰ কাল শাসন কৰিছিল?

(ক)১৩৬ বছৰ।

(খ)১২০ বছৰ।

(গ)৬৭০ বছৰ।

উত্তৰঃ (খ)১২০ বছৰ।

৮) কাঞ্চীৰ পল্লৱসকল কি ভাষাৰ পৃষ্ঠপোষক আছিল?

(ক)ইংৰাজী ভাষাৰ।

(খ)নেপালী ভাষাৰ।

(গ)সংস্কৃত ভাষাৰ।

উত্তৰঃ (গ)সংস্কৃত ভাষাৰ।

৯) মহাৱলীপৰমৰ মন্দিৰসমূহ কেনেকুৱা?                                                                            

(ক)ঘোঁৰাৰ নিচিনা।

(খ)ৰথৰ দৰে।

(গ)কিতাপৰ দৰে।

উত্তৰঃ (খ)ৰথৰ দৰে।

১০) থানেশ্বৰ ৰাজ্যৰ প্ৰতিস্থাপক কোন আছিল?

(ক)প্ৰভাকৰবৰ্ধন।

(খ)কণিষ্কৰ।

(গ)অশোক।

উত্তৰঃ (ক)প্ৰভাকৰবৰ্ধন।

১১) চোল শাসন ব্যৱস্থাত কোনসকল লোকৰ এটি বিশেষ স্থান আছিল?

(ক)সাহিত্যিকসকলৰ।

(খ)কৃষকসকলৰ।

(গ)ৰাজনীতিবিদ লোকসকলৰ।

উত্তৰঃ (খ)কৃষকসকলৰ।

১২) গুপ্ত যুগৰ সময়ছোৱাত ভাৰতবৰ্ষৰ পূব প্ৰান্তত কি ৰাজ্য আছিল?

(ক)কামৰূপ।

(খ)নাগালেণ্ড।

(গ)মিজোৰাম।

উত্তৰঃ (ক)কামৰূপ।

১৩) কেইবাখনো ‘উ’ৰ একত্ৰিত কৰি কি সৃষ্টি কৰা হৈছিল?

(ক)’নাডু’ৰ সৃষ্টি কৰা হৈছিল।

(খ)চুবুৰীৰ সৃষ্টি কৰি হৈছিল।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)’নাডু’ৰ সৃষ্টি কৰা হৈছিল।

১৪) হৰ্ষবৰ্ধন থানেশ্বৰ ৰাজ্যৰ কিমান নম্বৰৰ ৰজা আছিল?

(ক)প্ৰথম।

(খ)পঞ্চম।

(গ)তৃতীয়।

উত্তৰঃ (গ)তৃতীয়।

১৫) হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত কি ৰচিত হৈছিল?

(ক)শকুন্তলা পুথিখন।

(খ)জাতকমালা।

(গ)গীতাঞ্জলি কাব্যগ্ৰন্থ।

উত্তৰঃ (খ)জাতকমালা।

১৬) কাৰ শাসনকালত উপকুলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল?

(ক)কুষানসকলৰ শাসনকালত।

(খ)ৰাষ্ট্ৰকুটসকলৰ শাসনকালত।

(গ)মৌৰ্যসকলৰ শাসনকালত।

উত্তৰঃ (খ)ৰাষ্ট্ৰকুটসকলৰ শাসনকালত।

১৭) হৰ্ষবৰ্ধনে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে কি কৰিছিল?

(ক)বৌদ্ধৰ মতবাদসমূহ জনসাধাৰণক শুনাইছিল।

(খ)বৌদ্ধ মহামেল পাতিছিল।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)বৌদ্ধ মহামেল পাতিছিল।

১৮) নাগাবন্দ, ৰত্নাৱলী, আৰু প্ৰিয়দৰ্শিকা নামৰ পুথি কেইখন হৰ্ষবৰ্ধনে ৰচনা কৰিছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১৯) সামুদ্ৰিক শক্তি হিচাপে পল্লৱসকল বিখ্যাত আছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

২০) চোল শাসন ব্যৱস্থাত কৃষকসকলৰ বসতিস্থলসমূহক ‘উৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।