Class 7 Social Science | Chapter 13 | প্ৰাগ ঐতিহাসিক অসম | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

প্ৰাগ ঐতিহাসিক অসম

১) বৰ্তমান কামৰূপ জিলাখন পুনৰ কেইটা ভাগত ভাগ কৰা হৈছে?

(ক)৪ ভাগত ভাগ কৰা হৈছে।

(খ)৮ টা ভাগত ভাগ কৰা হৈছে।

(গ)২ টা ভাগত ভাগ কৰা হৈছে।

উত্তৰঃ (গ)২ টা ভাগত ভাগ কৰা হৈছে।

২) পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?

(ক)হিউৱেন চাং।

(খ)ব্ৰহ্মপাল।

(গ)শংকৰাচাৰ্য।

উত্তৰঃ (খ)ব্ৰহ্মপাল।

৩) হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

(ক)বাণ ৰজা আৰু অনিৰুদ্ধৰ মাজত।

(খ)নৰকাসুৰ আৰু অৰ্জুনৰ মাজত।

(গ)ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত।

উত্তৰঃ (গ)ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত।

৪) সতীদাহ প্ৰথা কি?

(ক)স্বামীৰ মৃত্যুৰ পিছত পত্নীয়ে আত্মহত্যা কৰা।

(খ)স্বামীৰ মৃত্যুত পত্নীয়েও স্ব-ইচ্ছাই চিতাত উঠি মৃত্যুবৰণ কৰা।

(গ)স্বামীৰ মৃত্যুত পত্নী শোকত ভাঙি পৰা।

উত্তৰঃ (খ)স্বামীৰ মৃত্যুত পত্নীয়েও স্ব-ইচ্ছাই চিতাত উঠি মৃত্যুবৰণ কৰা।

৫) বাণ ৰজাৰ জীয়েক ঊষা কেনেকুৱা আছিল?

(ক)ধাৰ্মিক।

(খ)পৰম সুন্দৰী।

(গ)প্ৰৰশ্ৰীকাতৰ।

উত্তৰঃ (খ)পৰম সুন্দৰী।

৬) হৰিহৰৰ যুদ্ধথ বাণ ৰজা পৰাস্ত হৈছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৭) প্ৰাচীন প্ৰাগজ্যোতিষপুৰ অতি উচ্চমানৰ জ্যোতিষ চৰ্চা হৈছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৮) প্ৰাগজ্য়োতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল?

(ক)ভগদত্ত।

(খ)মহীৰঙ্গ দানৱ।

(গ)ঘটকাসুৰ।

উত্তৰঃ (খ)মহীৰঙ্গ দানৱ।

৯) পূৰণি কামৰূপৰ অধিবাসীসকল কিহৰ ওপৰত নিৰ্ভৰশীল আছিল?

(ক)ব্যৱসায়-বাণিজ্যৰ ওপৰত।

(খ)কৃষিৰ ওপৰত।

(গ)শিক্ষাৰ ওপৰত।

উত্তৰঃ (খ)কৃষিৰ ওপৰত।

১০) শালস্তম্ভসকলৰ কেইজন ৰজাই কামৰূপত প্ৰায় ৩০০ বছৰ ৰাজত্ব কৰিছিল?

(ক)৩৫ জন ৰজাই।

(খ)৬৭ জন ৰজাই।

(গ)২১ জন ৰজাই।

উত্তৰঃ (গ)২১ জন ৰজাই।

১১) শালস্তম্ভ ৰাজবংশৰ ৰজাসকল কি কি ক্ষেত্ৰত আগবঢ়া আছিল?

(ক)যুদ্ধবিদ্যাত।

(খ)মঠ-মন্দিৰ নিৰ্মাণ আৰু প্ৰজাহিতকৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)মঠ-মন্দিৰ নিৰ্মাণ আৰু প্ৰজাহিতকৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত।

১২) চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত কোনটো ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছি?

(ক)জৈন ধৰ্মৰ বিষয়ে।

(খ)বৌদ্ধ ধৰ্মৰ বিষয়ে।

(গ)হিন্দু ধৰ্মৰ বিষয়ে।

উত্তৰঃ (খ)বৌদ্ধ ধৰ্মৰ বিষয়ে।

১৩) কামৰূপৰ লোকসকল কিহৰ প্ৰতি আগ্ৰহী আছিল?

(ক)অধ্যয়নৰ প্ৰতি।

(খ)কাম কৰাৰ প্ৰতি।

(গ)শাস্ত্ৰ চৰ্চাৰ প্ৰতি।

উত্তৰঃ (ক)অধ্যয়নৰ প্ৰতি।

১৪) কাৰ ৰাজত্বকালত হিউৱেন চাং ভাৰতলৈ আহহিছিল?

(ক)হৰ্ষবৰ্ধনৰ।

(খ)কুমাৰ ভাস্কৰ বৰ্মনৰ।

(গ)সম্বৰাসুৰৰ।

উত্তৰঃ (ক)হৰ্ষবৰ্ধনৰ।

১৫) কামদেৱৰ পত্নী কোন আছিল?

(ক)ঊষা।

(খ)ৰতীদেৱী।

(গ)চিত্ৰাংগদা।

উত্তৰঃ (খ)ৰতীদেৱী।

১৬) শালস্তম্ভ সকলৰ ৰাজত্বকালচত কোনখন ৰাজ্যই সকলো দিশৰ পৰা এক শক্তিশালী ৰাজ্যৰূপে স্বীকৃতি পাইছিল?

(ক)গুজৰাট ৰাজ্যই।

(খ)উত্তৰ প্ৰদেশ ৰাজ্যই।

(গ)কামৰূপ ৰাজ্যই।

উত্তৰঃ (গ)কামৰূপ ৰাজ্যই।

১৭) মহাকাব্য  ৰামায়ণ আৰু মহাভাৰতত কোনখন ৰাজ্যৰ কথা উল্লেখ পোৱা যায়?

(ক)ত্ৰিপুৰা।

(খ)নাগালেণ্ড।

(গ)কামৰূপ।

উত্তৰঃ (গ)কামৰূপ।

১৮) পূৰণি কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা কেনেকুৱা আছিল?

(ক)কঠোৰ।

(খ)উন্নত।

(গ)অনুন্নত।

উত্তৰঃ (খ)উন্নত।

১৯) কামৰূপ ৰাজ্যত পূৰণি কালত সমাজৰ ক্ষুদ্ৰতম গোট কি আছিল?

(ক)পৰিয়াল।

(খ)চুবুৰী।

(গ)গাওঁ।

উত্তৰঃ (ক)পৰিয়াল।

২০) যোগিনী তন্ত্ৰমতে কামৰূপ ৰাজ্যখন কেইভাগত বিভক্ত আছিল?

(ক)৬ ভাগত।

(খ)৯ ভাগত।

(গ)৪ ভাগত।

উত্তৰঃ (গ)৪ ভাগত।