Class 9 বৈচিত্ৰময় অসম SEBA | Chapter 3 | কাৰ্বিসকল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

কাৰ্বিসকল

১। কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে আখ্য়া দিছিল?

উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই।


২। আমেৰিকাৰ আৱিস্কাৰক কোন?

উত্তৰঃ কলম্বাছ।


৩।কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চলৰ নাম লিখা?

উত্তৰঃ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং।


৪। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মাটিকালি কিমান?

উত্তৰঃ ১০,৩৪৩ বৰ্গ কিলোমিটাৰ।


৫। কাৰ্বিসকলৰ পুৰুষে পিন্ধা পোচাকৰ নাম লিখা।

উত্তৰঃ আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ, চই ইক, চই লক্ পহ আদি।


৬। নাৰী সাজ-পাৰৰ বিষয়ে লিখা।

উত্তৰঃ পিনি, পেকক আৰু ৱানকক, পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদি।


৭। কাৰ্বিসকলৰ দুবিধ অলংকাৰৰ নাম লিখা।

উত্তৰঃ লেক হিকি, নথেংপি।


৮। কাৰ্বিসকলৰ উৎসৱৰ নাম লিখা।

উত্তৰঃ পেং হেমফু, ৰংকেৰ, চজুন আদি।


৯। চজুন উৎসৱ কেইবছৰৰ মূৰে মূৰে পালন কৰা হয়?

উত্তৰঃ ৪,৫, বা ৯ বছৰৰ মূৰে মূৰে।


১০। কাৰ্বিসকলৰ কেইটা ফৈদ আছে?

উত্তৰঃ পাঁচটা।


১১। ফৈদ কেইটাৰ নাম কি কি?

উত্তৰঃ ১) টিমুং, ২) টেৰন, ৩)তেৰাং, ৪)ইংহি, ৫) ইংতি।


১২। কাৰ্বি যুৱ মহোৎসৱ কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৫-১৯ ফেব্ৰুৱাৰীত।


১৩। কাৰ্বিসকলৰ কেইগৰাকীমান ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ ছেমছনছিং ইংতি, ছামছিং হাঞ্চে, বংলং তেৰাং, লংকাম তেৰণ।


১৪। ছেমছনছিং ইংতি জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে।


১৫। তেওঁ জন্মগ্ৰহণ কৰা ঠাই খনৰ নাম কি?

উত্তৰঃ পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত।


১৬। ছেমছনছিং ইংতি মাক আৰু দেউতাকৰ নাম লিখা।

উত্তৰঃ মাকৰ নাম ৰুথ মাধৱী আৰু পিতাকৰ নাম থেংকুৰছিং।


১৭। ছেমছনছিং ইংতিয়ে লিখা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ‘বহিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, আদি।


১৮। ছামছিং হাঞ্চে কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৯৪৮ চনৰ এপ্ৰিল মাহৰ ১৮ তাৰিখে।


১৯ ছামছিং হাঞ্চে কিমান চনত মৃত্য়ু হৈছিল ? 

উত্তৰঃ ১৯৯৮ চনৰ জানুৱাৰীৰ মাহৰ ১৩ তাৰিখে।


২০। কাৰ্বি সাহিত্য়ৰ প্ৰথম লিখিত ৰূপ কোনে প্ৰদান কৰে।

উত্তৰঃ বংলং তেৰাঙে।


২১। বংলং তেৰাঙৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে।


২২। এওঁ কিমান বছৰ বয়সৰ পৰা সাহিত্য় ৰচনা আৰম্ভ কৰিছিল?

উত্তৰঃ ১৩ বছৰ বয়সৰ পৰা।


২৩। বংলং তেৰাঙে লিখা দুখন কিতাপৰ নাম লিখা?

উত্তৰঃ ‘আদাম আছাৰ’, ‘ৰূকাছেন’, আদি।


২৪। বংলং তেৰাঙৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ ২০০১ চনৰ জুলাইৰ মাহৰ ১৭ তাৰিখে।


২৫। লংকাম তেৰণৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯৩২ চনত।


২৬। লংকাম তেৰণৰ মাক আৰু দেউতাকৰ নাম কি?

উত্তৰঃ মাকৰ নাম কাচাই হাঞ্চেপী আৰু দেউতাকৰ নাম ডিপ্লু তেৰণ।


২৭। লংকাম তেৰণৰ কাৰ লগত কিমান চনত বিবাহ হয়?

উত্তৰঃ ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত।


২৮। তেওঁ কিমান চনত কামপুৰ অধিৱেশনৰ অসম সাহিত্য় সভাৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল ?উত্তৰঃ ১৯৮৪ চনত।


২৯। লংকাম তেৰণৰ মুঠ গ্ৰন্থ কেইখন।

উত্তৰঃ ৪১ খন।


৩০। তেওঁ দ্বাৰা ৰচিত তিনিখন গ্ৰন্থ নাম লিখা।

উত্তৰঃ ‘ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’ আদি।