Class 9 বৈচিত্ৰ্য়ময় অসম SEBA | Chapter 10 | ঠেঙ্গাল কছাৰীসকল | MCQs Short Question Answer |

Chapter 10

ঠেঙ্গাল কছাৰীসকল

১। কছাৰীসকল ক’ত বসবাস কৰিছিল ?

(ক) অসমত

(খ) হিমালয় পৰ্বতত

(গ) চীন দেশত

উত্তৰঃ (ক) অসমত

২। কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি কোৱা হয় ?

(ক) মঙ্গোলীয় বা মঙ্গোলয়ড

(খ) কক্ষৱাট

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কক্ষৱাট

৩। ড॰ ভূৱন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছিল ?

(ক) ২ টা ভাগত

(খ) ১০ টা ভাগত

(গ) ৬ টা ভাগত

উত্তৰঃ (গ) ৬ টা ভাগত

৪। হিড়িম্বাৰ লোকসকল নিজকে কি বুলি পৰিচয় দিছিল ?

(ক) হিড়িম্বাপতি বুলি

(খ) কছাৰী বুলি

(গ) ঠেঙ্গাল কছাৰী বুলি

উত্তৰঃ (ক) হিড়িম্বাপতি বুলি

৫। ঠেঙ্গাল কছাৰীসকলে ঠেঙ্গাল নামেৰে জনাজাত হোৱাৰ পিছৰে পৰা তেওঁলোকে কি উপাধি লিখে।

(ক) চুতীয়া উপাধি

(খ) ঠেঙ্গাল আৰু কছাৰী উপাধি

(গ) বৰুৱা

উত্তৰঃ (খ) ঠেঙ্গাল আৰু কছাৰী উপাধি

৬। ঠেঙ্গাল কছাৰীসকলৰ পৰিয়ালৰ মুখ্য় মানুহ কোন ?

(ক) মাতৃ

(খ) পিতৃ

(গ) ছোৱালীবোৰ

উত্তৰঃ (খ) পিতৃ

৭। ঠেঙ্গাল কছাৰীসকলৰ প্ৰধান খেতি কি ?

(ক) জুম খেতি

(খ) ঘেহু

(গ) ধান

উত্তৰঃ (গ) ধান

৮। কছাৰীসকলে কেনেদৰে বাস কৰিছিল ?

(ক) নিজৰ পৰিয়ালৰ লগত

(খ) দল বান্ধি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) দল বান্ধি

৯। ঠেঙ্গাল কছাৰীসকলে কেতিয়াৰ পৰা ৰাতি বিহু মাৰিছিল ?

(ক) বহাগৰ বিহুত

(খ) মাঘ মাহত

(গ) চ’ত মাহ সোমোৱাৰ দিনৰ পৰাই

উত্তৰঃ (গ) চ’ত মাহ সোমোৱাৰ দিনৰ পৰাই

১০। গিৰিধৰ ঠেঙ্গালৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯২১ চনত

(খ) ১৯২৯ চনত

(গ) ১৯৩৬ চনত

উত্তৰঃ (ক) ১৯২১ চনত