SVN Class 4 Enviroment Chapter 10 MCQ Answer | বতৰ আৰু আমাৰ বাসস্থান | MCQ

 Chapter 10 

বতৰ আৰু আমাৰ বাসস্থান

১। পৃথিৱীৰ বাবে অত্যন্ত দৰকাৰী কি ?

(ক) সূৰ্য পোহৰ

(খ) তাপ

(গ) সূৰ্যৰ পোহৰ আৰু তাপ

উত্তৰঃ (গ) সূৰ্যৰ পোহৰ আৰু তাপ

২। বায়ুমণ্ডল কিহে গৰম কৰি তোলে ?

(ক) তাপ

(খ) বৰষুণ

(গ) তাপ আৰু পোহৰে

উত্তৰঃ (গ) তাপ আৰু পোহৰে

৩। সূৰ্যৰ পোহৰ পৃথিৱীৰ সকলো ঠাইতে পৰেনে ?

(ক) পৰে

(খ) নপৰে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) নপৰে

৪। স্থানীয় বতৰ কিহে নিৰ্ণয় কৰে ?

(ক) ৰ’দ

(খ) বৰষুণে

(গ) ৰ’ দ, বতাহ আৰু বৰষুণে

উত্তৰঃ (গ) ৰ’ দ, বতাহ আৰু বৰষুণে

৫। বায়ুমণ্ডল কাৰ দ্বাৰা গৰম হয়?

(ক) বৰষুণৰ দ্বাৰা

(খ) সূৰ্যৰ তাপত

(গ) সূৰ্যৰ পোহৰ আৰু তাপত

উত্তৰঃ (গ) সূৰ্যৰ পোহৰ আৰু তাপত

৬। আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগে ?

(ক) ৩৩৩ ১/৪ দিনত

(খ) ৩৪৫ ১/৩ দিনত

(গ) ৩৬৫ ১/৪ দিনত

উত্তৰঃ (গ) ৩৬৫ ১/৪ দিনত

৭। বায়ুমণ্ডলত জলীয় ভাপ মিহলি হৈ থকাকে কি বোলে ?

(ক) ভাপ বোলে

(খ) আৰ্দ্ৰতা বোলে

(গ) বৰষুণ বোলে

উত্তৰঃ (খ) আৰ্দ্ৰতা বোলে

৮। আমি গৰমকালি গৰম আৰু জাৰকালি ঠাণ্ডা অনুভৱ কিয় কৰো?

(ক) ঋতু সলনি হ’লে সূৰ্যৰ তাপ আৰু পোহৰ কম বা বেছিকৈ পৰে।

(খ) ঠাই সলনি হ’লে সূৰ্যৰ তাপ আৰু পোহৰ কম বা বেছিকৈ পৰে।

(গ) এটাও নহয়

উত্তৰঃ (ক) ঋতু সলনি হ’লে সূৰ্যৰ তাপ আৰু পোহৰ কম বা বেছিকৈ পৰে।

৯। কি বেছি হ’লে মানুহৰ গাৰ গাম সোনকালে ভাপ নহয়?

(ক) চাপ

(খ) আৰ্দ্ৰতা

(গ) এটাও নহয়

উত্তৰঃ (খ) আৰ্দ্ৰতা

১০। আৰ্দ্ৰতা কাক বোলে?

(ক) বায়ুমণ্ডলত জলীয় ভাপ মিহলি হৈ থকাকে আৰ্দ্ৰতা বোলা হয়

(খ) বায়ুমণ্ডলত সূৰ্যৰ পোহৰ মিহলি হৈ থকাকে আৰ্দ্ৰতা বোলা হয়

(গ) এটাও নহয়

উত্তৰঃ (ক) বায়ুমণ্ডলত জলীয় ভাপ মিহলি হৈ থকাকে আৰ্দ্ৰতা বোলা হয় ।

Type: Pompi Hazarika