AJB Class 7 History | Chapter 1| সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি |Short Question Answer

Chapter 1

সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি

1. প্ৰাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্য়য়ন আৰু ৰচনা কৰাৰ বাবে নিৰ্ভৰযোগ্য় সমল কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰাচীন যুগৰ সাংস্কৃতিক নিৰ্ভৰযোগ্য় সমলবোৰ 8 প্ৰকাৰৰ সেইবোৰ হল (1) ভৌগোলিক উপাদান

 (2)  সা-সঁজুলি আৰু কাৰিকৰী উপাদান, (3) নৃগোষ্ঠীয় উপাদান, (4) মৌখিক আৰুলিখিত সাহিত্য়, (5) ধৰ্মীয় উপাদান,(6) লোক-সাংস্কৃতি উপাদান,(7) ভাষা, ভাষিক উপাদান (8) তাম্ৰলিপিআৰু শিলালিপিৰ বিৱৰণ আদি।

২. বিশাল ভাৰতীয়সংস্কৃতিৰ এক প্ৰধান অংগ কি?

উত্তৰঃ অসমীয়া সংস্কৃতি হল বিশাল ভাৰতীয় সংস্কৃতিৰ এক প্ৰধান অংগ।

৩. ভাৰতীয় সংস্কৃতিক কি সংস্কৃতি বোলা হয়?

উত্তৰঃ ভাৰতীয় সংস্কৃতিক সমন্বয়ৰ সংস্কৃতি বোলা হয়।  

4. নৃতাত্ত্বিক অধ্য়নৰ ফালৰপৰা ভাৰতীয়জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয়?

উত্তৰঃ নৃতাত্ত্বিক অধ্য়নৰ ফালৰ পৰা ভাৰতীয় জনসমষ্টিক অষ্টেলীয়, ককেচীয়, মঙ্গোলীয় আৰু নিগ্ৰ এই চৰিটা  শ্ৰেণীত ভাগ কৰা হয়।

5. অসমৰ অধিবাসীসকল মূলত কি কি জাতিৰ সংমিশ্ৰণত গঢ়লৈ উঠিছে?

উত্তৰঃ অসমৰ অধিবাসীসকল মূলতে অষ্টেলীয়, মঙ্গোলীয় আৰু ককেছীয় জাতিৰ সংমিশ্ৰণত গঢ়লৈ উঠিছে।

6. ভাৰতলৈ প্ৰবজন কৰি অহা প্ৰথম টো জনগোষ্ঠিৰ নাম কি? 

উত্তৰঃ ভাৰতলৈ প্ৰবজন কৰি অহা প্ৰথমটো জনগোষ্ঠি হল নেগ্ৰিটো বা নিগ্ৰইড। 

7.কোন জনগোষ্ঠিৰ লোক সকলক বৈদিক সাহিত্য়ত নিষাদ বুলি উল্লেখ কৰা হৈছিল? 

উত্তৰঃ অষ্ট্ৰিক, প্ৰ’ট-অষ্ট্ৰলয়ড নাইবা অষ্ট্ৰ-এছিয়াটিক নামৰ জনগোষ্ঠিৰ লোকসকলক বৈদিক সাহিত্য়ত  নিষাদ বুলি ৰউল্লেখ কৰা হৈছিল। 

8. কোন জাতিক ভাৰতৰ প্ৰচীন আৰু খিলঞ্জীযা লোক বোলা হৈছিল?

উত্তৰঃ অষ্টিক. প্ৰট- অষ্ট্ৰলয়ড নবাইবা অষ্ট্ৰ- এছিয়াটিক নামৰ জাতি কেইটা কেই ভাৰতৰ প্ৰাচীন আৰু খিলঞ্জীয়া লোক বোলা হৈছিল। 

9. কোনে ভাৰতবৰ্ষত সভ্য়তাৰ আৰম্ভণি কৰে? 

উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতবৰ্ষত সভ্য়তাৰ আৰম্ভণি কৰে।

10.বৰ্তমান কালত প্ৰচলিত অসমীয়া ভাষাতো___________ ভাষা।

উত্তৰঃ বৰ্তমান কালত প্ৰচলিত অসমীয়া ভাষাতো আৰ্যমূলীয় ভাষা।

11. অসমীয়া ভাষাৰ মূল ভেতিটো কি ?

উত্তৰঃ অসমীয়া ভাষাৰ মূল ভেটিটোহল ইণ্ডো- ইউৰোপীয় মুল সংস্কৃতি। 

12. অসমীয়া লিপিৰ আৰম্ভণি   কেতিয়া হৈছিল?        

উত্তৰঃ অসমীয়া লিপিৰ আৰম্ভণি খিষ্ট্ৰিয় পঞ্চম শতিকামানততে বৈছিল যেন লাগে। 

13. কেতিয়াৰ পৰা অসমীয়া লিপিয়ে নিজা পৰিচয় লাভ কৰিবলৈ ধৰে?

উত্তৰঃ ত্ৰয়োদশ শতিকাৰ সময়ৰে পৰা অসমীয়া লিপিয়ে নিজা পৰিচয় লাভ কৰহিবলৈ ধৰে।                    

14. চিয়াঁহী কিহেৰে তৈয়াৰ কৰা হয়?

উত্তৰঃ শিলিখা, কেহেৰাজ, গৰুৰ মূত, জামুকৰ ছালৰ ৰসেৰে মহী অৰ্থাৎ চিয়াঁহী তৈয়াৰ কৰা হয়।

Type: Pompi Hazarika