AJB Class 7 Science। Chapter 2। শৰীৰত খাদ্য়ৰ ব্যৱহাৰ । Short Question Answer

Chapter 2

শৰীৰত খাদ্য়ৰ ব্যৱহাৰ

১) ভাত কিহৰ উৎস?

উত্তৰঃ- ভাত কাৰ্ব’হাইড্ৰেটৰ উৎস।

২) ভাত বা চাউলত থকা কাৰ্ব’হাইড্ৰেটৰ নাম কি?

উত্তৰঃ- ভাত বা চাউলত থকা কাৰ্ব’হাইড্ৰেটৰ নাম শ্বেতসাৰ।

৩) পাচন বা হজম প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- খাদ্য জটিল  উপাদানসমূহৰ সৰলীকৰণ কৰা প্ৰক্ৰিয়াটোক পাচন বা হজম প্ৰক্ৰিয়া বোলে।

৪) পৰিপুষ্টি কাক বোলে?

উত্তৰঃ- শৰীৰে প্ৰয়োজন অনুযায়ী খাদ্যৰপৰা বিভিন্ন পুষ্টিদ্ৰব্য আহৰণ কৰে। লগে লগে সেইবোৰ ব্যৱহাৰ উপযোগী কৰি তোলে। এই প্ৰক্ৰিয়াটোক পৰিপষ্টি বোলে।

৫) ভক্ষন মানে কি?

উত্তৰঃ- খাদ্যদ্ৰব্য গ্ৰহণ কৰা কাৰ্যই হ’ল ভক্ষন। 

৬) পাচন প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিনৰ্তিত হয়। এই প্ৰক্ৰিয়াকে পাচন প্ৰক্ৰিয়া বোলে।

৭) অৱশোষণ প্ৰক্ৰিয়া কাক বোলে?

উত্তৰঃ- পাচনৰ পাছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষণ হয়। এই প্ৰক্ৰিয়াকে অৱশোষণ প্ৰক্ৰিয়া বোলে।

৮) স্বংগীকৰণ কাক বোলে? 

উত্তৰঃ– তেজত অৱশোষিত হোৱা সৰল খাদ্যবোৰ দেহৰ কোষ সমূহহলৈ পৰিবাহিত হয়। অৱশোষত এইবোৰ কোষৰ অংশ হৈ পৰে। এই প্ৰক্ৰিয়াক স্বংগীকৰণ বোলে।

৯) বহিষ্কৰণ কাক বোলে? 

উত্তৰঃ- পাচন নাইবা হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ উলিয়াই দিয়ে। ইয়াকে বহিষ্কৰণ বোলে। 

১০) এমিবা কি?

উত্তৰঃ- এমিবা এবিধ হ’ল এককোষী প্ৰাণী সদৃশ জীৱ।

১১)  কূটপদ কাক বোলে?

উত্তৰঃ- এমিবাৰ বহিঃআৱৰণত অতি ক্ষুদ্ৰ আঙুলি সদৃশ অংশ থাকে। এইবোৰক কূটপদ বোলে।

 ১২) এমিবা পাচনক কি আৰু কিয় বোলা হয়? 

উত্তৰঃ- এমিবা পাচনক অন্তঃকোষীয় পাচন বোলা হয়। কাৰণ কোষৰ ভিতৰতে পাচন ক্ৰিয়া সম্পূৰ্ণ হয় বাবে এমিবাৰ পাচনক অন্তঃকোষীয় পাচন বোলা হয়।

১৩) এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াক কি বোলা হয়?

উত্তৰঃ- এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াক ফেগ’চাইট’ছিচ অথবা কোষীয় ভক্ষণো বোলা হয়।

১৪) পাচনতন্ত্ৰ কাক বোলে? 

উত্তৰঃ- খাদ্যৰ পাচনৰ লগত কেইবাবিধ  অংগ জড়িত হৈ আছে। এইবোৰৰ সমষ্টিক পাচনতন্ত্ৰ বোলে।

১৫) পাচন নলী কাক বোলে?

উত্তৰঃ- খাদ্য খোৱাৰ পাছত শৰীৰৰ যিটো পথেৰে ( নলীত) খাদ্যক পাচন,  অৱশোষণ আৰু বৰ্জন ঘটে তাক পাচন নলী বোলা হয়।

১৬) ক্ষুদ্ৰান্ত্ৰ কি?

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰ হ’ল পাৰস্থলীৰ শেষ মূৰৰপৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদূশ অংশ। 

১৭) ভিলাই কাক বোলে?

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰৰ অন্তৰ্ভাগত থকা কোষীয় স্তৰৰপৰা আঙুলি সদূশ বহুত সংখ্যক বাহিৰলৈ ওলাই অহা অংশ থাকে। এইবোৰক ভিলাই বোলা হয়।

১৮) বৃহদান্ত্ৰ কাক বোলে? 

উত্তৰঃ- ক্ষুদ্ৰান্ত্ৰৰ ইলিয়াম অংশই শেষ প্ৰান্তত  কিছু শকত আৰু খাঁজযুক্ত নলী গঠন কৰে। ইয়াক বৃহদান্ত্ৰ বোলে।

১৯) ৰোমন্থক প্ৰাণী কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ- যিবোৰ প্ৰাণীয়ে পাগুলা খাদ্য বোৰ পুনৰ মূখলৈ ঘূৰাই আনি সম্পৰ্ণভাৱে চোবাই গিলি থ’ব পাৰে তাতে ৰোমন্থক প্ৰাণী বোলে। 

২০) পায়ু কাক বোলে?

উত্তৰঃ- মলভাণ্ডৰ বাহিৰৰ মূৰত এটা ছিদ্ৰ আছে। ইয়াকে পায়ু বোলে।

Type – Boby Bora