AJB Class 7 Social Science। Chapter 15 । ভূ-অৱয়ৱ । Short Question Answer

Chapter 15

ভূ-অৱয়ৱ

১। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় কিমান শতাংশ ঠাই পৰ্বত-পাহাৰে আগুৰি আছে ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ২৬ শতাংশ ঠাই পৰ্বত-পাহাৰে আগুৰি আছে ।

২। ৯০০ মিটাৰতকৈ চাপৰবোৰক কি বোলে ?

উত্তৰঃ ৯০০ মিটাৰতকৈ চাপৰবোৰক পাহাৰ বোলে ।

৩। উৎপত্তি অনুসৰি পৰ্বত-পাহাৰক কেইটা ভাগত ভগোৱা হয় ? 

উত্তৰঃ উৎপত্তি অনুসৰি পৰ্বত-পাহাৰক চাৰিটা ভাগত ভগোৱা হয় ।

৪। বাম সাগৰখনৰ নাম কি আছিল ?

উত্তৰঃ বাম সাগৰখনৰ নাম ‘টেথিছ’ আছিল ।

৫। সাগৰবোৰত পৰা আৱৰ্জনাবোৰ তৰপে তৰপে জমা হয় কিহৰ সৃষ্টি হৈছিল ?

উত্তৰঃ সাগৰবোৰত পৰা আৱৰ্জনাবোৰ তৰপে তৰপে জমা হয় গেদীয় শিলৰ সৃষ্টি হৈছিল ।

৬। পৰ্বত বা পাহাৰৰ ওপৰৰ সমান ঠাইক কি বোলে ?

উত্তৰঃ পৰ্বত বা পাহাৰৰ ওপৰৰ সমান ঠাইক মালভূমি বোলে ।

৭। পৃথিৱীৰ বৃহত্তম মালভূমি তিব্বত আৰু উচ্চতম মালভূমিখন কি ?

উত্তৰঃ পৃথিৱাৰ বৃহত্তম মালভূমি তিব্বত আৰু উচ্চতম মালভূমিখনৰ নাম হ’ল পামিৰ ।

৮। ভূপৃষ্ঠৰ ওপৰৰ সমান ঠাইক কি বোলে ?

উত্তৰঃ ভূপৃষ্ঠৰ ওপৰৰ সমান ঠাইক সমভূমি বোলে ।

৯। পাহাৰীয়া অঞ্চলত সাধাৰণতে বৰষুণৰ পৰিমান কি ?

উত্তৰঃ পাহাৰীয়া অঞ্চলত সাধাৰণতে বৰষুণৰ পৰিমাণ বেছি ।

১০। ভৰতৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা ।

উত্তৰঃ ভাৰতৰ এখন স্বাস্থ্যকৰ ঠাইৰ নাম হ’ল ছিলং ।

১১। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কেইখন মহাদেশ ?

উত্তৰঃ প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে ৭ খন মহাদেশ ।

১২। প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে কেইখন মহাসাগৰ ।

উত্তৰঃ প্ৰথম বৰ্গৰ ভূ-অৱয়ৱ বুলিলে ৫ খন মহাসাগৰ ।

১৩। পৰ্বত পাহাৰ বুলিলে কি বুজায় ?

উত্তৰঃ পৰ্বত পাহাৰ বুলিলে গছ-গছনিৰে ভৰা ওখ শিলাময় ঠাইক বুজায় ।

১৪। পৰ্বতমালা বুলি কাক কোৱা হয় ?

উত্তৰঃ এখন পৰ্বত-পাহাৰৰ কাষত বহুতো সৰু-বৰ পৰ্বত-পাহাৰৰ লানিথকা দেখা যায় ইয়াক পৰ্বত মালা বুলি কোৱা হয় ।

১৫। ভংগিল পৰ্বত কাক বোলে ?

উত্তৰঃ আৱৰ্জনা ভাঁজৰ সৃষ্টি হৈ গেদীয় শিলৰ সাগৰৰপৰা ওপৰলৈকে ওলাই আহি পৰ্বতৰ সৃষ্টি হৈছিল। এনেধৰণৰ পৰ্বতকে ভংগিল পৰ্বত বোলে ।

১৬। দক্ষিণ আমেৰিকাৰ পশ্চিম দিশত থকা পৰ্বতমালাখনৰ নাম কি ?

উত্তৰঃ দক্ষিণ আমেৰিকাৰ পশ্চিম দিশত থকা পৰ্বতমালাখনৰ নাম হ’ল এণ্ডজ পৰ্বতমালা ।

১৭। দ্বিতীয় বৰ্গৰ স্থলভাগৰ অন্তৰ্গত ভূ-অৱয়ৱবোৰ নাম কি ?

উত্তৰঃ দ্বিতীয় বৰ্গৰ স্থলভাগৰ অন্তৰ্গত ভূ-অৱয়ৱবোৰৰ নাম হ’ল পৰ্বত-পাহাৰ, মালভূমি আৰু সমভূমি ।

১৮। কিহৰ ফলত কেতিয়াবা ভূত্বকত ফাঁত মেলে ?

উত্তৰঃ ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত ফাঁত মেলে।

১৯। প্ৰাচীনকালত ভূপৃষ্ঠত কিছুমান কি আছিল ?

উত্তৰঃ প্ৰাচীনকালত ভূপৃষ্ঠত কিছুমান বাম সাগৰ আছিল । 

২০। ওপৰলৈ উঠি অহা অংশক কি বোলে ?

উত্তৰ ঃ ওপৰলৈ উছি অহা অংশক স্তপ পৰ্বত বোলে । 

Type – Boby Bora