AJB Class 7 Social Science। Chapter 2। ভাৰতত তুৰ্কী-আফগানৰ শাসন । Short Question Answer

Chapter 2

ভাৰতত তুৰ্কী-আফগানৰ শাসন

১। মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ মামুদে ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।

২। চুলতান কিমান খ্ৰি.ত মামুদ গজনীৰ চুলতান হয় ?

উত্তৰঃ চুলতান ৯৯৮ খ্ৰি.ত মামুদ গজনীৰ চুলতান হয়। 

৩। কিমান খ্ৰিষ্টাব্দৰ পৰা কিমান খ্ৰিষ্টাব্দলৈ মামুদে ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১০০৭ খ্ৰিষ্টাব্দৰ পৰা ১০২৭ খ্ৰিষ্টাব্দলৈকে মামুদে ভাৰত আক্ৰমণ কৰিছিল।    

৪। ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত থকা সাহী ৰাজ্যৰ ৰজাজনৰ নাম কি ?  

উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তত থকা সাহী ৰাজ্যৰ ৰজাজনৰ নাম হ’ল আনন্দপাল।

৫। কোনে ১১৭৮ খ্ৰি.ত ভাৰত অভিযান কৰে ? 

উত্তৰঃ মহম্মদ ঘোৰীয়ে ১১৭৮ খ্ৰি.ত ভাৰত অভিযান কৰে।

৬। ১৯৫১ খ্ৰি.ত কি নামৰ পঞ্জাৱ প্ৰদেশৰ আফগান শাসকসকজনে দিল্লীৰ ক্ষমতা দখল কৰে ?

উত্তৰঃ ১৯৫১ খ্ৰি.ত বাহলুল লোডী নামৰ পঞ্জাৱ প্ৰদেশৰ আফগান শাসকসকজনে দিল্লীৰ ক্ষমতা দখল কৰে।

৭।মামুদৰ লুটপাতৰ অভিযানসমূহৰ ভিতৰত ১০২৫ খ্ৰি.ৰ গুজৰাটৰ কি মন্দিৰত আক্ৰমণৰ অতি বিখ্যাত ? 

উত্তৰঃ মামুদৰ লুটপাতৰ অভিযানসমূহৰ ভিতৰত ১০২৫ খ্ৰি.ৰ গুজৰাটৰ সোমনাথ মন্দিৰত আক্ৰমণৰ অতি বিখ্যাত।

৮। ধন-সম্পত্তি আহৰণৰ বাবে কোনে বহু ঠাইত ধ্বংসলীলা চলাইছিল ?

উত্তৰঃ ধন-সম্পত্তি আহৰণৰ বাবে মামুদে বহু ঠাইত ধ্বংসলীলা চলাইছিল।

৯। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন-সোণ, মণি-মুক্তা লুট কৰি তেওঁ কলৈ লৈ গৈছিল?

উত্তৰঃ সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন-সোণ, মণি-মুক্তা লুচ কৰি তেওঁ গজনীলৈ লৈ গৈছিল। 

১০। কিমান খ্ৰি.ত মামুদৰ মৃত্যু হয় ?

উত্তৰঃ ১০৩০ খ্ৰি.ত মামুদৰ মৃত্যু হয়। 

১১। গজনী আৰু হিৰাত নাম ঠাই দুখনৰ মাজত থকা এটা পৰ্বতীয়া অঞ্চলৰ নাম কি আছিল?

উত্তৰঃ গজনী আৰু হিৰাত নাম ঠাই দুখনৰ মাজত থকা এটা পৰ্বতীয়া অঞ্চলৰ নাম ঘোৰ আছিল।

১২। ঘোৰ ৰাজ্যৰ চুলতানৰ নামৰ লগত কি শব্দটো ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ ঘোৰ ৰাজ্যৰ চুলতানৰ নামৰ লগত ঘোৰী শব্দটো বযৱহাৰ কৰা হৈছিল। 

১৩। কিমান খ্ৰি.ত চাহাবুদ্দিন মহম্মদ নামৰ এজন লোক গজনীৰ চুলতান হয়?      

উত্তৰঃ ১১৭৩ খ্ৰি.ত চাহাবুদ্দিন মহম্মদ নামৰ এজন লোক গজনীৰ চুলতান হয়। 

১৪। ১১৯১ খ্ৰি.ৰ পৰা ১২০৫ খ্ৰি.ৰ মাত্ৰ পোন্ধৰ বছৰ সময়ৰ ভিতৰত এক বিশাল কি সাম্ৰাজ্য স্থাপন হৈছিল?

উত্তৰঃ ১১৯১ খ্ৰি.ৰ পৰা ১২০৫ খ্ৰি.ৰ মাত্ৰ পোন্ধৰ বছৰ সময়ৰ ভিতৰত এক বিশাল তুৰ্কী সাম্ৰাজ্য স্থাপন হৈছিল। 

১৫। কুতুবুদ্দিনৰ মৃত্যুৰ পিছত কিমান খ্ৰি.ত ইলতুৎমিছ দাস বংশৰ চুলতান হয়?

উত্তৰঃ কুতুবুদ্দিনৰ মৃত্যুৰ পিছত ১২১১ খ্ৰি.ত ইলতুৎমিছ দাস বংশৰ চুলতান হয়।

১৬। গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘোষণা কৰিছিল।

উত্তৰঃ গিয়াছুদ্দিন বলবনে নিজকে ইশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল।       

১৭। কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক কি বংশ নামেৰে জনা যায়?

উত্তৰঃ কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাস বংশ নামেৰে জনা যায়।

১৮। দক্ষিণ ভাৰত জয় কৰাৰ বাবে কাক মুখ্য সেনাপতি পাতে? 

উত্তৰঃ দক্ষিণ ভাৰত জয় কৰাৰ বাবে মালিক কাফুৰক মুখ্য সেনাপতি পাতে। 

১৯। ইতিহাসৰ প্ৰসিদ্ধ মহম্মদৰ ঘোৰীজনৰ নাম কি?

উত্তৰঃ ইতিহাসৰ প্ৰসিদ্ধ মহম্মদৰ ঘোৰীজনৰ নাম চাহাবুদ্দিন মহম্মদ।

২০। ফিৰোজ ছাহ টোগলে শতদ্ৰু নদীৰপৰা হান্সী নামৰ ঠাইলৈ কিমান কিমি. দীঘল এটা খাল খন্দোৱাইছিল?

উত্তৰঃ ফিৰোজ ছাহ টোগলে শতদ্ৰু নদীৰপৰা হান্সী নামৰ ঠাইলৈ ২০০ কিমি. দীঘল এটা খাল খন্দোৱাইছিল     

Type – Boby Bora