AJB Class 7 Social Science। Chapter 4 । মোগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ  । Short Question Answer

Chapter 4

মোগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ 

১। কিমান খ্ৰি.ত আকবৰে গুজৰাট জয় কৰে ?

উত্তৰঃ ১৫৭২ খ্ৰি.ত আকবৰে গুজৰাট জয় কৰে।

২। কোনে ১৫৯৭ খ্ৰি.ত মৃত্যুক আঁকোৱালি ল’লে?

উত্তৰঃ ৰাজপুত ৰাণাই  ১৫৯৭ খ্ৰি.ত মৃত্যুক আকোৱালি ল’লে। 

৩। চিতোৰ পতনৰ পাছত আকবৰে কাক আক্ৰমণ কৰে?

উত্তৰঃ চিতোৰ পতনৰ পাছত আকবৰে ৰণথাম্ব’ৰ আক্ৰমণ কৰে।

৪। আকবৰে কিহৰ উপত্যকা ভূমি লাভ কৰে? 

উত্তৰঃ আকবৰে বংগ সাৰুৱা উপত্যকা ভূমি লাভ কৰে।

৫। হুমায়ুনৰ মৃত্যুৰ পাছত চৈধ্য বছৰ বয়সতে কোনে দিল্লীৰ সিংহাসনত আৰোহণ কৰে ?

উত্তৰঃ হুমায়ুনৰ মৃত্যুৰ পাছত চৈধ্য বছৰ বয়সতে আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰে।

৬।মুৱাজ্জমে কাৰ নাম লৈ সিংহাসন আৰোহণ কৰে ?

উত্তৰঃ মুৱাজ্জমে বাহাদুৰ ছাহ নাম লৈ সিংহাসন আৰোহণ কৰে । 

৭। মিৰজুমলা আৰু জয়ধ্বজ সিংহৰ মাজত যুদ্ধ কিমান খ্ৰি.ত হয় ?

উত্তৰঃ মিৰজুমলা আৰু জয়ধ্বজ সিংহৰ মাজত যুদ্ধ ১৬৭১ খ্ৰি.ত হয়।

৮। মাৰাঠাসকলৰ নেতা কোন আছিল? 

উত্তৰঃ মাৰাঠাসকলৰ নেতা শিৱাজী আছিল।

৯। কিমান খ্ৰি.ত ঘিলাঝাৰী ঘটাৰ সন্ধি স্বাক্ষৰিত হয় ?

উত্তৰঃ ১৬৬৩ খ্ৰি.ত ঘিলাঝাৰী ঘটাৰ সন্ধি স্বাক্ষৰিত হয়। 

১০। স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত ছাহজাহানৰ ৰাজত্বকালক ভাৰতৰ ইতিহাসৰ কি বুলি ক’ব পাৰি ? 

উত্তৰঃ স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰত ছাহজাহানৰ ৰাজত্বকালক ভাৰতৰ ইতিহাসৰ ‘সোণালী যুগ’ বুলি ক’ব পাৰি। 

১১। জাহাংগীৰে কি নামৰ এখন গ্ৰন্থও ৰচনা কৰে

উত্তৰঃ জাহাংগীৰে ‘তুজক-ই-জাহাংগীৰী’  নামৰ এখন গন্থও ৰচনা কৰে।

১২। কোনে নিজৰ নাম অনুসৰি ‘ছাহজাহানবাদ’ নামৰ এখন নগৰ নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ছাহজাহানে নিজৰ নাম অনুসৰি ‘ছাহজাহানবাদ’ নামৰ এখন নগৰ নিৰ্মাণ কৰিছিল।

১৩। আকবৰৰ প্ৰতিভাধৰ মহান সম্ৰাটৰ মৃত্যু কিমান খ্ৰি.ত হয় ?

উত্তৰঃ আকবৰৰ প্ৰতিভাধৰ মহান সম্ৰাটৰ মৃত্যু ১৬০৫ খ্ৰি.ত হয়।

১৪। আবুল ফজলে কেইখন গ্ৰন্থ ৰচনা কৰিছিল ?

উত্তৰঃ আবুল ফজলে দুখন গ্ৰন্থ ৰচনা কৰিছিল। 

১৫। আকবৰে সকলো ধৰ্ম সাৰমৰ্ম গোটাই কি নামে এটা নতুন ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰঃ আকবৰে সকলো ধৰ্ম সাৰমৰ্ম গোটাই ‘দীন-ই-ইলাহী’ নামে এটা নতুন ধৰ্ম প্ৰচাৰ কৰিছিল।

১৬। বীৰবল, মান সিংহ, ভগৱান দাসে আকবৰৰ ৰাজসভাত কি কৰিছিল ?

উত্তৰঃ বীৰবল, মান সিংহ, ভগৱান দাসে আকবৰৰ ৰাজসভাত শোভাবৰ্ধন কৰিছিল। 

১৭। আকবৰে শাসনৰ সুবিধাৰ কাৰণে সমগ্ৰ ৰাজ্যখন কেইটা চুবাত ভাগ কৰিছিল? 

উত্তৰঃ আকবৰে শাসনৰ সুবিধাৰ কাৰণে সমগ্ৰ ৰাজ্যখন ১৫ টা চুবাত ভাগ কৰিছিল। 

১৮। কিমান খ্ৰী.ত হিমু আৰু বৈৰাম খাঁৰ মাজত বিখ্যাত পানিপত নামৰ ঠাইত যুদ্ধ লাগে ?

উত্তৰঃ ১৫৫৬ খ্ৰী.ত হিমু আৰু বৈৰাম খাঁৰ মাজত বিখ্যাত পানিপত নামৰ ঠাইত যুদ্ধ লাগে ।

১৯। ১৫৭৬ খ্ৰি.ত প্ৰতাপ সিংহ আৰু মোগল বাহিনীৰ মাজত হোৱা হলদিঘাটৰ যুদ্ধত কোন পৰাজয় হয়?

উত্তৰঃ ১৫৭৬ খ্ৰি.ত প্ৰতাপ সিংহ আৰু মোগল বাহিনীৰ মাজত হোৱা হলদিঘাটৰ যুদ্ধত প্ৰতাপ সিংহ পৰাজয় হয়। 

২০। ১৭০৭ খ্ৰি.ত কাৰ মৃত্যু হয় ?

উত্তৰঃ ১৭০৭ খ্ৰি.ত ঔৰংগজেৱৰ মৃত্যু হয়। 

Type – Boby Bora