AJB Class 7 Social Science। Chapter 5 । ভাৰতলৈ ইউৰোপীয়া আগমন । Short Question Answer

Chapter 5

ভাৰতলৈ ইউৰোপীয়া আগমন

১। ইংৰাজ আৰু ফৰাচী শক্তিয়ে ভাৰতত খোপনি দৃঢ় কৰিবলৈ কিমান খন যুদ্ধ কৰিছিল?

উত্তৰঃ ইংৰাজ আৰু ফৰাচী শক্তিয়ে ভাৰতত খোপনি দৃঢ় কৰিবলৈ কিমান খন যুদ্ধ কৰিছিল।

২। মধ্যযুগত ভাৰতলৈ অহা সৰ্বশেষ ইউৰোপীয়া গোষ্ঠীটো কি আছিল ?

উত্তৰঃ মধ্যযুগত ভাৰতলৈ অহা সৰ্বশেষ ইউৰোপীয়া গোষ্ঠীটো ফৰাচীসকল আছিল।

৩। কিহৰ উদ্যোগত ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ প্ৰতিষ্ঠিত হয় ?

উত্তৰঃ জ্যাঁ কলবাৰ্টৰ উদ্যোগত ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ প্ৰতিষ্ঠিত হয়।

৪। ঔৰংগজেৱৰ মৃত্যু কিমান খ্ৰি.ত হৈছিল ?

উত্তৰঃ ঔৰংগজেৱৰ মৃত্যু ১৭০৭ খ্ৰি.ত হৈছিল। 

৫। কোনে নতুন জলপথ আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ ভাস্ক’-ডা-গামাই নতুন জলপথ আৱিস্কাৰ কৰিছিল।  

৬। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ  শাসকৰূপে নিযুক্ত হয় আলফন্ছ’ আলবুকাৰ্ক ?

উত্তৰঃ আলমিডাৰ পিছত ১৫০৯ খ্ৰি.ত ভাৰতত পৰ্তুগীজ  শাসকৰূপে নিযুক্ত হয় আলফন্ছ’ আলবুকাৰ্ক।

৭। কোনে ১৫১০ খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল ?

উত্তৰঃ আলবুকাৰ্কে ১৫১০ খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল।

৮। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে?

উত্তৰঃ ১৫৩৮ খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে।

 ৯। ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে কোনসকলে প্ৰতিষ্ঠা কৰিছিল?

 উত্তৰঃ ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে ডাচ্চসকলে প্ৰতিষ্ঠা কৰিছিল।    

১০। কাক ভাৰতত পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়?                                                                                                                                                                              

উত্তৰঃ আলফনজ আলবুকাৰ্ক ভাৰতত পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়। 

১১। কোনজন ৰজাৰ পৰা ফ্ৰান্সিছ দে নামৰ ইংৰাজ বণিকজনে চেন্নাইত কুঠি পতাৰ অনুমতি আদায় কৰিছিল ? 

উত্তৰঃ চন্দ্ৰগিৰিৰৰজাৰপৰা ফ্ৰান্সিছ দে নামৰ ইংৰাজ বণিকজনে চেন্নাইত কুঠি পতাৰ অনুমতি আদায় কৰিছিল।  

১২। কিমান খ্ৰি.ৰ ৩১ ডিছেম্বৰ তাৰিখটো ইংলেণ্ডৰ বাণিজ্যিক বুৰঞ্জীত অত্যন্ত উল্লেখনীয় দিন?

উত্তৰঃ ১৬০০ খ্ৰি.ৰ ৩১ ডিছেম্বৰ তাৰিখটো ইংলেণ্ডৰ বাণিজ্যিক বুৰঞ্জীত অত্যন্ত উল্লেখনীয় দিন।

১৩। কিমান খ্ৰি.ত কাউন্ট লালী পণ্ডিচেৰীৰ গৱৰ্ণৰ হৈ আহে ?

উত্তৰঃ ১৭৫৮ খ্ৰি.ত কাউন্ট লালী পণ্ডিচেৰীৰ গৱৰ্ণৰ হৈ আহে। 

১৪। ১৬৬৭ খ্ৰি.ত কাৰ নেতৃত্বত ফৰাচী ইষ্ট ইণ্ডিয়া কম্পেনিয়ে চুৰাটত প্ৰথমটো কুঠি পাতে ?

উত্তৰঃ ১৬৬৭ খ্ৰি.ত কেৰণৰ নেতৃত্বত ফৰাচী ইষ্ট ইণ্ডিয়া কম্পেনিয়ে চুৰাটত প্ৰথমটো কুঠি পাতে।

১৫। ১৭৫১ খ্ৰি.ত কি নামৰ নতুন বিষয়া এজনক মহম্মদ আলীৰ সাহায্য বাবে প্ৰেৰণ কৰে ?

 উত্তৰঃ ১৭৫১ খ্ৰি.ত ৰবাট ক্লাইৱ নামৰ নতুন বিষয়া এজনক মহম্মদ আলীৰ সাহায্য বাবে প্ৰেৰণ কৰে।

১৬। ১৭৫০ চনত ইউৰোপত আৰম্ভ হোৱা কিমান বছৰীয়া ৰণৰ ঢৌয়ে এই দুই প্ৰতিদ্বন্দ্বী গোষ্ঠীকো জোকাৰি থৈ গ’ল ?

উত্তৰঃ ইউৰোপত আৰম্ভ হোৱা সাতবছৰীয়া ৰণৰ ঢৌয়ে এই দুই প্ৰতিদ্বন্দ্বী গোষ্ঠীকো জোকাৰি থৈ গ’ল। 

১৭। কিমান খ্ৰি.ত ইংৰাজ বাহিনীয়ে পণ্ডিচেৰী অৱৰোধ কৰে ?

উত্তৰঃ ১৭৬১ খ্ৰি.ত ইংৰাজ বাহিনীয়ে পণ্ডিচেৰী অৱৰোধ কৰে।  

১৮। কিমান চন পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল ?

উত্তৰঃ ১৬৭২ চন পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল। 

১৯। ১৭৪৯ খ্ৰি.ত কৰ্ণাটক আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক কাক মাৰাঠাসকলে মকলি কৰি দিয়ে ?

উত্তৰঃ  ১৭৪৯ খ্ৰি.ত কৰ্ণাটক আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্মাদ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে। 

২০। ১৭৫০ চনত কোনে হায়দৰাবাদৰ নিজাম হয় ?

উত্তৰঃ ১৭৫০ চনত মুজাফৰ জং হায়দৰাবাদৰ নিজাম হয়।  

Type – Boby Bora