AJB Class 7 Social Science। Chapter 6 । ভাৰতত ইংৰাজ শাসন । Short Question Answer

Chapter 6

ভাৰতত ইংৰাজ শাসন

১। ৰাজনৈতি, অৰ্থনৈতিক আদি সকলো দিশৰপৰাই এখন লেখত ল’বলগীয়া স্বাধীনচিতীয়া ৰাজ্য খনৰ নাম কি আছিল ?

উত্তৰঃ ৰাজনৈতি, অৰ্থনৈতিক আদি সকলো দিশৰপৰাই এখন লেখত ল’বলগীয়া স্বাধীনচিতীয়া ৰাজ্য খনৰ নাম কি আছিল। 

২। কাক বংগদেশৰ উত্তৰাধিকাৰী মনোনীত কৰি গৈছিল ?

 উত্তৰঃ চিৰাজউদ্দৌলাক আলিবৰ্দী খাঁই বংগদেশৰ উত্তৰাধিকাৰী মনোনীত কৰি গৈছিল। 

৩। দুতৰপৰীয়া শাসন ব্যৱস্থাই হ’ল কি শাসন ?

উত্তৰঃ দুতৰপৰীয়া শাসন ব্যৱস্থাই হ’ল দ্বৈত শাসন। 

৪। দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ দ্বৈত শাসন ব্যৱস্থা ক্লাইৱে প্ৰৱৰ্তন কৰিছিল।

৫। কিমান খ্ৰি.ত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত সন্মিলিত বাহিনীৰ পৰাজয় ঘটে ?

উত্তৰঃ ১৭৬৪ খ্ৰি.ত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত সন্মিলিত বাহিনীৰ পৰাজয় ঘটে।

৬। ১৭৫৬ খ্ৰি.ত কাৰ বংগৰ নবাব হয় ?

উত্তৰঃ ১৭৫৬ খ্ৰি.ত চিৰাজউদ্দৌলা বংগৰ নবাব হয়। 

৭। নবাব পতাৰ পুৰস্কাৰ হিচাবে মীৰজাফৰে কিমান পৰগণা জিলা ইংৰাজক এৰি দিয়ে ?

উত্তৰঃ নবাাব পতাৰ পুৰস্কাৰ হিচাবে মীৰজাফৰে ২৮ পৰগণা জিলা ইংৰাজক এৰি দিয়ে। 

৮। কাৰ মৃত্যুৰ পিছত মীৰজাফৰ বংগৰ নবাব হয় ?

উত্তৰঃ চিৰাজউদ্দৌলাৰ মৃ্ত্যুৰ পিছত মীৰজাফৰ বংগৰ নবাব হয়। 

৯। মীৰজাফৰে কিমান খ্ৰ.ৰ পৰা কিমান খ্ৰি.লৈ ইংৰাজৰ হাতৰ পুতলা নবাব হিচাবে কাৰ্যনিৰ্বাহ কৰে ?

উত্তৰঃ মীৰজাফৰে ১৭৫৭ খ্ৰি.ৰ পৰা ১৭৬০খ্ৰি.লৈ ইংৰাজৰ হাতৰ পুতলা নবাব হিচাবে কাৰ্যনিৰ্বাহ কৰে।

১০। আযোধ্যাৰ নবাবৰ লগত কৰা চুক্তি অনুযায়ী কিমান লাখ টকা যুদ্ধৰ ক্ষতিপূৰণৰ লগতে কোৰা আৰু এলাহাবাদ লাভ কৰিলে ? 

উত্তৰঃ আযোধ্যাৰ নবাবৰ লগত কৰা চুক্তি অনুযায়ী ৫০ লাখ টকা যুদ্ধৰ ক্ষতিপূৰণৰ লগতে কোৰা আৰু এলাহাবাদ লাভ কৰিলে।

১১। কিমান খ্ৰি.ত ৰ’বাৰ্ট ক্লাৱ পুনৰ ভাৰতৰ গৱৰ্ণৰ হৈ আহে ?

উত্তৰঃ ১৭৬৫ খ্ৰি.ত ৰ’বাৰ্ট ক্লাৱ পুনৰ ভাৰতৰ গৱৰ্ণৰ হৈ আহে।

১২। চিৰাজউদ্দৌলাই বাধ্য হৈ কিমান খ্ৰি.ত আলিনগৰত ইংৰাজৰ লগত সন্ধি কৰিলে ? 

উত্তৰঃ চিৰাজউদ্দৌলাই বাধ্য হৈ ১৭৫৭ খ্ৰি.ত আলিনগৰত ইংৰাজৰ লগত সন্ধি কৰিলে।

১৩।  কোনে ২য় ছাহ আলমৰ লগত কৰা চুক্তি বা ফৰমান অনুযায়ী প্ৰায় সকলো দিশতে ইংৰাজবিলাকেই সৰ্বেসৰ্বা হৈ পৰিল ?

উত্তৰঃ মোগল সম্ৰাটে ২য় ছাহ আলমৰ লগত কৰা চুক্তি বা ফৰমান অনুযায়ী প্ৰায় সকলো দিশতে ইংৰাজবিলাকেই সৰ্বেসৰ্বা হৈ পৰিল।

১৪। আলিবৰ্দী খাঁৰ কাৰ উত্তৰাধিকাৰী নাছিল ? 

উত্তৰঃ আলিবৰ্দী খাঁৰ কোনো পুত্ৰ উত্তৰাধিকাৰী নাছিল। 

১৫। চিৰাজউদ্দৌলা নবাব হোৱাৰ পাছত দ্বিতীয়গৰাকীৰ পুত্ৰ চৌকৎজঙে আৰু প্ৰথমগৰাকী জীয়াৰী ঘাচিতি বেগমে চিৰাজউদ্দৌলাৰ বিপক্ষে কি কৰিলে ?

উত্তৰঃ চিৰাজউদ্দৌলা নবাব হোৱাৰ পাছত দ্বিতীয়গৰাকীৰ পুত্ৰ চৌকৎজঙে আৰু প্ৰথমগৰাকী জীয়াৰী ঘাচিতি বেগমে চিৰাজউদ্দৌলাৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিলে। 

১৬। ১৭৫৬ খ্ৰি.ত ইউৰোপত সাতবছৰীয়া যুদ্ধৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন কোন আছিল ?

উত্তৰঃ  ১৭৫৬ খ্ৰি.ত ইউৰোপত সাতবছৰীয়া যুদ্ধৰ প্ৰধান প্ৰতিদ্বন্দ্বী ইংৰাজ আৰু ফৰাচী আছিল।

১৭। চিৰাজউদ্দৌলাৰ শাসনকালত ইংৰাজৰ লগত হোৱা বিখ্যাত যুদ্ধখনৰ নাম কি আছিল ?

উত্তৰঃ চিৰাজউদ্দৌলাৰ শাসনকালত ইংৰাজৰ লগত হোৱা বিখ্যাত যুদ্ধখনৰ নাম আছিল পলাচী যুদ্ধ। 

১৮। ইংৰাজৰ সেনাপতি জনৰ নাম কি ? 

উত্তৰঃ ইংৰাজৰ সেনাপতি জনৰ নাম মেজৰ মন্ৰ’ৰ। 

১৯। ইংৰাজৰ যুদ্ধত কোন কোন নবাবৰ হাতত বন্দী হ’ল ?

উত্তৰঃ ইংৰাজৰ যুদ্ধত হাৰিল আৰু এলিছ নবাবৰ হাতত বন্দী হ’ল। 

২০। মীৰকাচিমে যুদ্ধ ঘোষণা কৰাৰ আগতেই পাচনা কোঠৰ ইংৰাজ অধ্যক্ষ কোনে তেওঁক অতৰ্কিতে আক্ৰমণ কৰে ?

উত্তৰঃ মীৰকাচিমে যুদ্ধ ঘোষণা কৰাৰ আগতেই পাটনা কোঠৰ ইংৰাজ অধ্যক্ষ এলিছে তেওঁক অতৰ্কিতে আক্ৰমণ কৰে। 

Type – Boby Bora