AJB Class 7 Social Science। Chapter 9 । সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য । Short Question Answer

 Chapter 9

সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

১। ভাৰতীয় সংবিধানখন মুঠ কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানখন মুঠ ২২ টা ভাগত ভাগ কৰা হৈছে।

২। চৰকাৰৰ মুৰব্বীজন কি ?

উত্তৰঃ  চৰকাৰৰ মুৰব্বীজন হ’ল প্ৰধান মন্ত্ৰী।

৩। বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স কিমান বছৰ ?

উত্তৰঃ বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স ১৮ বছৰ।

৪। নিৰ্দেশাত্মক নীতিবোৰক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ নিৰ্দেশাত্মক নীতিবোৰক ৪ টা ভাগত ভগাব পাৰি।

৫।  কোনখন বিধানক সংবিধান বুলি জনা যায় ?

উত্তৰঃ দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনা বাবে থকা বিধি-বিধানক সংবিধান বুলি জনা যায় ।

৬। ২৬ জানুৱাৰী দিনটোক কি দিৱস বুলি জনা যায় ?

উত্তৰঃ  ২৬ জানুৱাৰী দিনটোক গণৰাজ্য দিৱস বুলি জনা যায় ।

৭। ভাৰতবৰ্ষ এখন কি দেশ ? 

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপক্ষ দেশ। 

৮। মৌলিক অধিকাৰসমূহৰ ভিতৰত কোনটো অধিকাৰ অন্যতম ?

উত্তৰঃ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতা অধিকাৰ অন্যতম ।

৯। ১৫ মাৰ্চ তাৰিখটো কি অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰঃ  ১৫ মাৰ্চ তাৰিখটো গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ।

১০। মৌলিক অধিকাৰ কেইটা ?

উত্তৰঃ মৌলিক অধিকাৰ ছয়টা । 

১১। মৌলিক কৰ্তব্যসমূহে কিমান চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ?

উত্তৰঃ  মৌলিক কৰ্তব্যসমূহে ১৯৭৬ চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ।

১২। সংবিধান সভাখনৰ সভাপতি কোন আছিল ? 

উত্তৰঃ সংবিধান সভাখনৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ  আছিল ।

১৩। সংবিধানক ৰাষ্ট্ৰ এখনৰ কি বুলিব পাৰি ?                                                                                              

উত্তৰঃ সংবিধানক ৰাষ্ট্ৰ এখনৰ আইন বুলিব পাৰি । 

১৪। সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰবিবৰ বাবে কি সমিতি গঠন কৰিছিল ?

উত্তৰঃ  সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে সাতজীয়া এখন খচৰা সমিতি গঠন কৰিছিল ।

১৫। কিমান চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ?

উত্তৰঃ ১৯৩৭ চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ।  

১৬। গ্ৰাহক সুৰক্ষা আইন কিমান চনত প্ৰৱৰ্তন কৰা হয় ?  

উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হয়।

১৭। ভাৰতত জাতি-জনজাতিৰ কি আছে ?

উত্তৰঃ ভাৰতত জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি, সংস্কৃতি আছে ।

১৮। ভাৰতীয় শাসন ব্যৱস্থাক কি ব্যৱস্থা বুলি কোৱা হয় ?

উত্তৰঃ ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় শাসন ব্যৱস্থা বুলি কোৱা হয় ।

১৯। কোনখন সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান ? 

উত্তৰঃ ভাৰতীয় সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান । 

২০। ভাৰতীয় সংবিধানখন কি সংবিধান ?

উত্তৰঃ ভাৰতীয় সংবিধানখন লিখিত সংবিধান ।

Type – Boby Bora