Class 12 Assamese Book Chapter 10 Short Answer | HS 2nd Year Assamese Book Chapter 10 বিশ্ব খনিকৰ Short Question Answer |

Chapter 10

বিশ্ব খনিকৰ

১) বিশ্ৱ খনিকৰ পাঠটি লিখক কোন?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।

২) মফিজুদ্দিন আহমদ হাজৰিকা কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৮৭০ চনত ।

৩) অসমীয়া সাহিত্য়ত ‘জ্ঞানমালিনী কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।

৪) মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ‘তত্ত্ৱ – পাৰিজাত’ । 

৫) ‘জ্ঞানমালিনী’ কিমান চনত প্ৰকাশ হৈছিল?

উত্তৰঃ ১৮৯৬ চনত । 

৬) কোনটো গুণৰ পৰা অজ্ঞানতাৰ সৃষ্টি হয়?

উত্তৰঃ তমোঃ গুণ ।

৭)  অসম সাহিত্য় সভাৰ গোলাঘাট অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই কিমান চনত সভাপতিৰ আসন অলংকৃত কৰিছিল?

উত্তৰঃ ১৯৩০ চনত । 

৮) কোনটো গুণে মানুহক বিষয় সুখত আসক্ত কৰে?

উত্তৰঃ ৰজঃ গুণ ।

৯) মফিজুদ্দিন আহমদ হাজৰিকাক কি কবিৰূপে জনা যায়?

উত্তৰঃ ‘জ্ঞানমালিনীৰ’ ।

১০)  ‘বিশ্ৱখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰঃ পৰমেশ্ৱৰ বা ঈশ্ৱৰ ।

১১)  মফিজুদ্দিন আহমদ হাজৰিক কিমান চনত শেষ নিশ্ৱাস এৰে?

উত্তৰঃ ১৯৫৮ চনত ।

১২) মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ ‘জোনাকী’ ।

১৩) ‘বিশ্ৱখনিকৰ’ কোন  শ্ৰেণীৰ কবিটা?

উত্তৰঃ ৰহস্য়বাদী ।

১৪) হুনু মানে কি?

উত্তৰঃ হেনো ।

১৫) ‘বিশ্ৱখনিকৰ’ শব্দ অৰ্থ কি?

উত্তৰঃ বিশ্ৱ নিৰ্মাণ কৰোঁতা।

১৬)  নিৰ্গুণ শব্দ অৰ্থ কি?

উত্তৰঃ সকলো গুণৰ ঊধৰ্বত ।

১৭) সত্ত্ৱঃ গুণে কি প্ৰদান কৰে?

উত্তৰঃ জ্ঞান ।

১৮) কোনটা গুণ শান্ত আৰু নম্ৰ?

উত্তৰঃ সত্ত্ৱঃ গুণ ।

১৯) অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ।

২০) বাজীকৰৰ অৰ্থ কি ?

উত্তৰঃ যাদুকৰ বা ঐন্দ্ৰজালিক ।

Author by- Mandira Saha 

Type by – Pompi Hazarika