Class 5 History AJB | Chapter 4 | বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মণ | Assam Jatiya Bidalay | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী ইতিহাসৰ প্ৰশ্ন উত্তৰ |

Chapter 4

 বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মণ

1. কোনজন ৰজাই বর্মন বংশৰ ৰাজত্ব প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ- খ্ৰিষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্য় বৰ্মন নামৰ ৰজাই বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল। 

2. ভাস্কৰ বৰ্মনে হর্ষবর্ধনৰ ৰাজ্যলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল? 

উত্তৰঃ- ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজ্য়লৈ পঠিওৱা কটকীজনৰ নাম হৈছে- হংসবেগ।

3. শশাঙ্ক কোন ৰাজ্যৰ ৰজা আছিল?

উত্তৰঃ- শশাঙ্ক উত্তৰ ভাৰতৰ কনৌজ ৰাজ্য়ৰ ৰজা আছিল।

4.  কিমান খ্রিষ্টাব্দত চীন দেশৰ পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ আহিছিল?  

উত্তৰঃ- ৬৪০ খ্ৰিষ্টাব্দত চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল।

5. হিউৱেন চাঙে অসমক কি নামেৰে জানিছিল? 

উত্তৰঃ- হিউৱেন চাঙে অসমক ‘-কাম-লু-পো’ নামেৰে জানিছিল।

6. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ এখন তামৰ ফলিৰ নাম লিখাঁ। 

উত্তৰঃ- ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত এখন তামৰ ফলিৰ নাম হৈছে- নিধানপুৰ। 

7. ভাস্কৰ বৰ্মন আৰু হর্ষবৰ্দ্ধনৰ মাজত কেনে সম্পর্ক স্থাপন হৈছিল লিখা।

উত্তৰঃ- ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধন দুয়োজন সমসাময়িক ৰজা আছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন লোকক হৰ্ষবৰ্দ্ধনৰ ওচৰলৈ পঠিয়াই বনুদ্ধৰ সম্পৰ্ক স্থাপন কৰিছিল। ভাস্কৰ বৰ্মন আৰু বৃহৰ্ষবৰ্দ্ধনৰ মাজৰ এই বন্ধুত্বৰ সম্পৰ্ক অধিক দ আছিল।এবাৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানৰ অৰ্থে হৰ্ষবৰ্দ্ধনে প্ৰয়াগত এখন ডাঙৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰিছিল। তালৈ ভাৰতৰ বিখ্যাত ৰজাসকলক নিমন্ত্ৰণ কৰা হৈছিল। সেই উপল৭ে আয়োজন কৰা এটা ডাঙৰ শোভাযাত্ৰাত ভাস্কৰ বৰ্মনক বিশেষ সন্মান প্ৰদান কৰা হৈছিল। এইবোৰৰ পৰাই গম পোৱা যায় যে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনৰ মাজত বন্ধুত্ব, গভীৰ বিশ্বাস, আন্তৰিকতা আৰু সন্মানেৰে ভৰা সম্পৰ্ক স্থাপন হৈছিল।

8. হিউৱেন চাঙে প্রাচীন কামৰূপ ৰাজ্যৰ বিষয়ে লিখা টোকাটোৰ পৰা কি কি কথা জানিব পৰা যায় বহলাই লিখাঁ। 

উত্তৰঃ- কামৰূপ ৰাজ্য় ভ্ৰমণ কৰি হিউৱেন চাঙে লিখা টোকা অনুসৰি জানিব পৰা যায় যে- সেই সময়ত কামৰূপ ৰাজ্য়ৰ বিস্তৃতি প্ৰায় ১৭০০ মাইল আৰু ৰাজধানী প্ৰাগজ্য়োতিষপুৰৰ বিস্তৃতি প্ৰায় ৬ মাইল আছিল। ৰাজধানীৰ পৰা ৰাজ্য়ৰ সীমালৈ যাওঁতে এজন মানুহৰ প্ৰায় দুমাহ লাগিছিল। জলবায়ু শীতল আৰু স্বাস্থ্যকৰ; মাটি বৰ সাৰুৱা। এই দেশৰ মানুহবোৰ চুটি-চাপৰ আৰু তাম বৰণীয়া। মানুহবোৰ সহজ-সৰল আৰু সত্য়বাদী। ৰজা-প্ৰজা সকলো জ্ঞানী আৰু অতিথিপৰায়ণ। ইয়াৰ মানুহে দেৱ-দেৱী পূজা-অৰ্চনা কৰে। দেশত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ নাই বুলিব পাৰি। ৰজা নিজে হিন্দু; কিন্তু তেওঁ অন্য় ধৰ্মৰ লোককো শ্ৰদ্ধা কৰে। ইয়াৰ বাহিৰেও হিউৱেন চাঙৰ টোকাৰ পৰা অসমৰ ইতিহাসৰ বিষয়ে বহুত কথা জানিব পৰা যায়।  

9. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ প্রধান কথাসমূহৰ বিষয়ে লিখাঁ। 

উত্তৰঃ- উত্তৰ ভাৰতৰ কনৌজ ৰাজ্য়ৰ ৰজা হৰ্ষবৰ্দ্ধনৰ সৈতে ভাস্কৰ বৰ্মনে মিত্ৰতা স্থাপন কৰি গোড় ৰাজ্য়ৰ ৰজা শশাংশক আক্ৰমণ কৰে। যুদ্ধত শশাংক পৰাজিত হয়। এনেদৰে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনে গৌড় ৰাজ্য় জয় কৰি ভগাই লয়। গৌড়ৰ  ৰাজধানী কৰ্ণসুবৰ্ণ বা পৌন্ড্ৰবৰ্দ্ধন কামৰূপ ৰাজ্য়ৰ অন্তৰ্গত হৈছিল। কৰ্ণসুবৰ্ণ নিজৰ অধীনলৈ অহাত বাস্কৰ বৰ্মন এখন বিশাল ৰাজ্য়ৰ অধীশ্বৰ হৈ পৰে। ভাস্কৰ বৰ্মনৰ দিনত কামৰূপ ৰাজ্য়ৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উড়িষ্য়াৰ ওচৰ পাইছিলগৈ।

চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰত ভ্ৰমণ কৰিবলৈ আহি সেই সময়ৰ বিহাৰৰ নালন্দা নামেৰে ঠাইত এখন বিখ্যাত সংঘাৰাম বা বিশ্ববিদ্য়ালয় আছিল। হিউৱেন চাং ৬২৯ খ্ৰি.ত বিশ্ববিদ্য়ালয়লৈ আহি তাত বহুত দিন আছিল। ভাস্কৰ বৰ্মনে ৬৪০ খ্ৰি.ত এি সাধুজনক কামৰূপলৈ মাতি আনে। এওং অসমক ‘কাম-লু-পো’ বুলিছিল। 

Type: Pompi Hazarika