SCERT Class 5 Assamese। Chapter 10 । তিনিটা মাছৰ কাহিনী । Short Question Answer

Chapter 10

তিনিটা মাছৰ কাহিনী

১/ সেই বিলৰ ডাঙৰ তিনিটা মাছৰ নাম কি কি ? 

উত্তৰঃ সেই বিলৰ ডাঙৰ তিনিতা মাছৰ নাম হ’ল- অনাগতবিধাতা, প্ৰত্য়ুৎপন্নমতি আৰু যদভৱিষ্য় ।

২/ সেই ফালে গৈ থকা  কোনে কথা পাতি আছিল ? 

উত্তৰঃ সেই ফালে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পাতি আছিল । 

৩/ এই বুলি কৈ মাছমৰীয়াসকল  কৈলৈ গ’ল ? 

উত্তৰঃ ঘৰাঘৰি গুচি গ’ল ।

৪/ আমাক বিপদে কি বুলি মাতিছে ?  

উত্তৰঃ আমাক বিপদে হাত-বাউল দি মাতিছে । 

৫/ মাছমৰীয়াসকলৰ বজ্ৰসদৃশ কথাবোৰ কোনে শুনি আছিল ?  

উত্তৰঃ অনাগতবিধাতাই ভালদৰে শুনি আছিল । 

৬/ অনাগতবিধাতাৰ কথা শুনি প্ৰত্য়ুপন্নমতিয়ে কি ক’লে ? 

উত্তৰঃ অনাগতবিধাতাৰ কথা শুনি প্ৰত্য়ুপন্নমতিয়ে কলে- আপুনি সঁচা কথাকেই কৈছে । ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল-বিললৈ যোৱাটোকেই উচিত হ’ব বুলি ভাবোঁ ।

৭/ যদি আয়ুস শেষ হয় তেনেহ’লে অন্য় ঠাইলৈ গলেও মৃত্য়ু হ’বই বুলি কোনে কৈছিল ? 

উত্তৰঃ যদভৱিষ্য়ই কৈছিল । 

৮/ মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে ? 

উত্তৰঃ জালেৰে মাছ মাৰিলে । 

৯/ কোনে বিপদৰ কথা নাভাবি আকোঁৰ-গোঁজ হৈ থাকি মৃত্য়ুসাৱটি ল’লে ? 

উত্তৰঃ যদভৱিষ্য়ৰ । 

১০/ কিন্তু বিপদৰ কথা নাভাবি হাত সাৱতি থকা যদভৱিষ্য়ৰ কি হ’ল ?

উত্তৰঃ বিনাশ হ’ল । 

Type – Boby Bora