SCERT Class 5 Assamese। Chapter 13 । ওজা-পালি । Short Question Answer

Chapter 13

ওজা-পালি

১/ লোক-নাট্য় অনুষ্ঠান কাক বুলে ? 

উত্তৰঃ পৌৰাণিক আৰু লৌকিক আখ্য়ান-উপাখ্য়ানৰ কাহিনী, গীত-পদ, নৃত্য় আৰু অভিনয়ৰ মাজেদি সহজ-সৰল ভাৱে লোক-সমাজত প্ৰচাৰ কৰা অনুষ্ঠানবোৰেই হ’ল লোক-নাট্য় অনুষ্ঠান । 

২/ ওজা-পালি কি অনুষ্ঠান ? 

উত্তৰঃ ওজা-পালি এটি লোক-নাট্য় অনুষ্ঠান । 

৩/ বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা আখ্য়ান-উপাখ্য়ানৰ মূল কাহিনীভাগক কেনেকৈ দাঙি ধৰে ? 

উত্তৰঃ গীত-পদ নুত্য় আৰু অভিনয়ৰ জৰিয়তে ওজা-পালিয়ে দৰ্শকৰ আগত দাঙি ধৰে । 

৪/ তোমালোকে ওজা-পালি অনুষ্ঠান চাওঁতে মন কৰিচানে, তাত এএজডন লোকে মূল কাহিনীভাগ নৃত্য়-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে তেওঁক কি বোলে ? 

উত্তৰঃ তেওঁক ওজা বোলে । 

৫/ তেওঁৰ দলত কেইজন পালি থাকে ? 

উত্তৰঃ ছয়জনমাম পালি থাকে ।

৬/ ওজাৰ সোঁ-হাতস্বৰূপ তেওঁক কি বোলে ? 

উত্তৰঃ ডাইনা-পালি বোলে । 

৭/ ডাইনা পালিজন প্ৰধানকৈ কি হয় ?

উত্তৰঃ সুৰসিক হয় । 

৮/ ওজা-পালিয়ে পৰিধানকৰা সাজ-পাৰ বোৰ কি কি ? 

উত্তৰঃ চপৰিয়া-চোলা পিন্ধে আৰু ডিঙিত চেলেং লয় । 

৯/ কেৱল ওজাই মূৰত কি মাৰে ? 

উত্তৰঃ পাগুৰি মাৰে । 

১০/ পালিসকলে সোঁ-হাতত একোযোৰ কি তাল লয় ? 

উত্তৰঃ  একোযোৰ খুঁটি-তাল মেৰিয়াই লয় ।

১১/ ওজা-পালি প্ৰকাৰবোৰ কি কি ? 

উত্তৰঃ সুকনান্নী বা সুকনাৰয়ণী গোৱা ওজা-পলি, বিয়াহৰ বা ব্য়াস গোৱা ওজা-পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বৈষ্ণৱী ওজা, তুকুৰীয়াওজা, আপী ওজা আদি  । 

১২/ মহাপুৰুষ শংকৰদেৱও নৱবৈষণৱ ৰ্ধম প্ৰচাৰৰ অৰ্থে মাজে-সময়ে কাৰ সহায় লৈছিল ? 

উত্তৰঃ ওজা-পালিৰ সহায় লৈছিল ।

১৩/ ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বোৰ কি কি ? 

উত্তৰঃ বৈষ্ণৱীওজা, তুকুৰীয়া ওজা, আপী ওজা আদি উল্লেখযোগ্য় । 

১৪/ সকলো প্ৰকাৰৰ ওজা-পালিয়ে আমাৰ লোক-সমাজত কি কি শিক্ষা প্ৰচাৰ কৰি  আহিছে ? 

উত্তৰঃ ধৰ্মীয় শিক্ষাৰ লগতে লৈতিক শিক্ষাও প্ৰচাৰ কৰি আহিছে । 

১৫/ এনেদৰে ওজা-পালিৰ নিচিনা লোক-নাট্য় অনুষ্ঠানে অসমীয়া সাহিত্য়-সংস্কৃতিৰ কি চহকী কৰিছে ?

উত্তৰঃ এনেদৰে ওজা-পালিৰ নিচিনা লোক-নাট্য় আনুষ্ঠানে অসমীয়া সাহিত্য়-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে । 

Type – Boby Bora